
▶️ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ. আই. টিৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে।
▶️ গোচৰ সংক্ৰান্তত আছ আই টিয়ে আজি জুবিন গাৰ্গৰ ষ্টুডিঅ’ৰ কেয়াৰ টেকাৰ অভিমন্যু তাঁতী, ব্যক্তিগত সহায়ক সাধন নাথ, ঋতু প্রয়াগ গাৰ্গকে ধৰি আন কেইবাগৰাকীৰো ভাষ্য গ্ৰহণ কৰে।
▶️ এছ. আই. টিয়ে ঘটনাৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তৰো আজি ভাষ্য গ্রহণ কৰে।
▶️ ঘটনাৰ সৈতে প্রত্যক্ষভাৱে জড়িত থকা লোকৰ লগতে বিগত এমাহৰ পৰা দুমাহ ধৰি জুবিন গাৰ্গে যিসকল লোকৰ সৈতে যোগাযোগত আছিল সেইসকল লোকৰো এছ. আই. টিয়ে ভাষ্য গ্রহণ কৰে।
▶️ মুখ্যমন্ত্ৰীয়ে সংবাদমেলত জনোৱা অনুসৰি ছিংগাপুৰৰ প্ৰবাসী ভাৰতীয় ৰূপকমল কলিতা কাইলৈ ভাৰতলৈ আহিব।
▶️ জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ৰূপকমল কলিতা য়টখনত আছিল।



