বিহালীত স্বাস্থ্য স্বয়ংসেৱক অভিযান কৰ্মশালা সফল সামৰণি :: August 22, 2021 অসম খবৰ বাৰ্তা প্ৰকাশক, 🌎 অসমঃ 0 বিহালীত স্বাস্থ্য স্বয়ংসেৱক অভিযান কৰ্মশালা সফল সামৰণি :: বিশ্বনাথ ২২ আগষ্ট :দেওবাৰে ভাৰতীয় জনতা পাৰ্টি “স্বাস্থ্য স্বয়ংসেৱক অভিযান”ৰ বিশ্বনাথ জিলা অন্তৰ্গত বিহালী মণ্ডলৰ কৰ্মশালা খন টেলেঙনীয়া গাঁও পঞ্চায়ত ভৱনত অনুষ্ঠিত হয় ।উক্ত কৰ্মশালা খনত উপস্থিত থাকে বিহালী মণ্ডল সমিতিৰ সভাপতি লাচিত বৰা, জিলা স্বাস্থ্য স্বয়ংসেৱক অভিযানৰ আহ্বায়ক তথা বাঘমৰা মণ্ডলৰ সম্পাদক অংকুৰ শইকীয়া ভাৰতীয় জনতা পাৰ্টি বিশ্বনাথ জিলাৰ উপসভাপতি ক্ষীৰোদ দাস,বৰগাং গাওঁ পঞ্চায়তৰ সভাপতি সুমিত বসু ,ভাৰতীয় জনতা পাৰ্টীৰ বিহালী মণ্ডল সমিতিৰ সাধাৰণ সম্পাদক অৰিন্দম গোস্বামী ,বাঘমৰা মণ্ডলৰ সভাপতি দধিৰাম শৰ্মা,টেলেঙনীয়া পঞ্চায়তৰ সভানেত্ৰী জাহ্নৱী দাস,এছ চি মৰ্চাৰ জিলা সাধাৰণ সম্পাদক অৰূপ দাস,আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী তথা বিহালী মণ্ডল স্বাস্থ্য স্বয়ং সেৱীকা গীতা দাস,স্বাস্থ্য স্বয়ংসেৱক ক্ৰমে যাদৱ চাপকোটা,আৰু দীপক নাহেকীয়া, প্ৰমুখ্যে বিহালী মণ্ডল অন্তৰ্গত বিভিন্ন বুথৰ স্বাস্থ্য স্বয়ংসেৱক ও কাৰ্য্যকৰ্তাসকল৷
Leave a Reply