31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    ববিতা শৰ্মালৈ ‘কিৰণ তামূলী শিশু-সাহিত্য বঁটা’

    অসমীয়া শিশু সাহিত্যৰ চৰ্চা, সৃষ্টি আৰু উত্তৰণৰ উদ্দেশ্যেৰে প্ৰতিষ্ঠিত ‘কিণ তামূলী শিশু সাহিত্য ন্যাস’-এ তৃতীয় বৰ্ষৰ বাবে ‘কিৰণ তামূলী শিশু-সাহিত্য বঁটা’ৰ বাবে ২০১৯ চনৰ পৰা ২০২৩ চনৰ ভিতৰত প্ৰকাশিত সৃষ্টিমূলক শিশু-সাহিত্য, শিশু-সাহিত্য পৰ্য্যালোচনা, শিশু-সাহিত্য অলংকৰণ বঁটা আৰু শিশু-সাহিত্য প্রকাশন বঁটা— এই চাৰিটা শিতানত শিশু গ্রন্থ আহ্বান জনোৱা হৈছিল। সৃষ্টিমূলক মৌলিক শিশু গ্ৰন্থ, অলংকৰণ আৰু প্ৰকাশন বঁটাৰ বাবে মানবিশিষ্ট গ্ৰন্থৰ প্ৰবিষ্টি নোপোৱাৰ বাবে এই তিনিটা শিতানত বঁটা ঘোষণা কৰিব পৰা নগ’ল। ‘শিশু-সাহিত্যৰ সুবাস’ গ্ৰন্থৰ লেখিকা শ্রীববিতা শৰ্মাক বিচাৰকমণ্ডলীয়ে এই বৰ্ষৰ ‘কিৰণ তামূলী শিশু-সাহিত্য পৰ্য্যালোচনা বঁটা’-ৰ বাবে নিৰ্বাচিত কৰিছে। এই বঁটাত আছে নগদ ২৫,০০০ টকা, স্মাৰক আৰু মানপত্ৰ৷


    উল্লেখ্য যে ডা° কিৰণময়ী তামূলীয়ে চিকিৎসা সেৱাৰ উপৰি শিশুৰ বাবে উপন্যাস, ভ্ৰমণ কাহিনী আৰু স্বাস্থ্য সম্পৰ্কীয় কিতাপ ৰচনা কৰি শিশুসকলৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছিল। তেওঁৰ শিশু উপন্যাস ‘অপৰাজেয়’আৰু ‘শহা আৰু কাছৰ দৌৰ’ নামৰ কিতাপ দুখন দিল্লীৰ নেশ্যনেল বুক ট্রাষ্ট, ইণ্ডিয়াই প্ৰকাশ কৰিছিল। ‘অপৰাজেয়’ উপন্যাসখনৰ হিন্দী, ওড়িয়া, পাঞ্জাবী আৰু উৰ্দু আৰু ‘শহা আৰু কাছৰ দৌৰ’ কিতাপখন হিন্দী, ইংৰাজী, বাংলা, ওড়িয়া, তেলেগু, পাঞ্জাবী আৰু তামিল আদি ভাষাত নেশ্যনেল বুক ট্রাষ্ট-এ প্রকাশ কৰিছে। এই দুয়োখন শিশু-সাহিত্যৰ একাধিক সংস্কৰণ প্ৰকাশ পাইছে আৰু দেশজুৰি জনপ্ৰিয়তা অৰ্জন কৰিছে। ২০২১ চনৰ ৯ অক্টোবৰত ক’ভিড ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত এইগৰাকী লেখিকাই শেষ নিশ্বাস ত্যাগ কৰে। অসমীয়া শিশু-সাহিত্যৰ সৃষ্টি, চৰ্চা আৰু উত্তৰণৰ উদ্দেশ্যেৰে তেওঁৰ সোঁৱৰণত 202২ চনত ‘কিৰণ তামূলী শিশু সাহিত্য ন্যাস’ গঠন কৰা হয় ৷


    ২০২২ চনত জোনমণি দাসক ‘কিৰণ তামূলী শিশু-সাহিত্য বঁটা’, নৱ প্ৰতিম দাসক ‘শিশু-সাহিত্য অলংকৰণ বঁটা’, ড° নয়নমণি বৰুৱাক ‘পৰ্য্যালোচনা বঁটা আৰু পুথিতীৰ্থ প্ৰকাশনক ‘শিশু সাহিত্য প্ৰকাশন বঁটা’ আৰু ২০২৩ চনত আকাশদীপ্ত ঠাকুৰক ‘শিশু-সাহিত্য বঁটা’ আৰু ড° বৰ্ণালী বড়াক ‘শিশু-সাহিত্য পৰ্য্যালোচনা বঁটা’ প্ৰদান কৰা হৈছিল। অহা ২৩ অক্টোবৰ বুধবাৰে যোৰহাটত নেশ্যনেল বুক ট্রাষ্ট, ইণ্ডিয়া, নতুন দিল্লীৰ মুখ্য সম্পাদক কুমাৰ বিক্ৰমে বঁটা প্ৰদান কৰিব বুলি সচিব জয়ন্ত মাধৱ বৰা আৰু সঞ্চালক শান্তনু তামূলীয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds