31.3 C
Guwahati
Wednesday, October 29, 2025
More

    শেহতীয়া আপডেটঃ

    প্ৰসিদ্ধ চিত্ৰশিল্পী গৌৰী বৰ্মনক নলবাৰী জিলা সাহিত্য সভাৰ স্মৰণ

    কলা–সংস্কৃতি গৌৰী বৰ্মনৰ জীৱনৰ আগফাল আৰু পিছফাল আছিল — সাহিত্যাচাৰ্য ডঃ বসন্তকুমাৰ ভট্টাচাৰ্য

    পংকজ বেজবৰুৱা, নলবাৰী : এগৰাকী আজন্ম শিল্পী হিচাপে গৌৰী বৰ্মনে শিল্প প্ৰতিভা লগত লৈ ফুৰিছিল । কলা আৰু সংস্কৃতি তেওঁৰ জীৱনৰ আগফাল আৰু পিছফাল আছিল । নিপীড়িত লোকৰ জীৱনৰ চিত্ৰ অংকন কৰি তেওঁ অনাদৃত লোকৰ সমখ–দুখৰ সমভাগী হৈছিল । তেওঁৰ অভিনয় বাস্তৱ জীৱনৰ আৰু মঞ্চৰ সমাহাৰ আছিল । নলবাৰীৰ সুসন্তান, যশস্বী তথ্যচ্চিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰ পৰিচালক, চিত্ৰশিল্পী, লেখক, ‘জীৱনশিল্পী আদ্য শৰ্মা বঁটা’ প্ৰাপক গৌৰী বৰ্মন সন্দৰ্ভত ২৯ ডিচেম্বৰত এইদৰে মন্তব্য আগ বঢ়ায় সাহিত্যাচাৰ্য–নলবাৰীৰত্ন ডঃ বসন্তকুমাৰ ভট্টাচাৰ্যই । নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত জিলা সাহিত্য সভাৰ নন্দনতাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামী পুথিভঁৰাল কক্ষত আয়োজিত গৌৰী বৰ্মন স্মৃতিসভাত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ বিশিষ্ট সাহিত্যিক–সমালেচক ডঃ ভট্টাচাৰ্যই লগতে কয় যে তেওঁ আছিল প্ৰকৃত অৰ্থত এগৰাকী নাট্যকাৰ, চিত্ৰশিল্পী, লেখক আৰু মানৱদৰদী লোক । তেওঁৰ নাই কোনো ভেম, অভিমান । সঠিকভাৱে অভিনয় কৰি যায় । শিল্প সন্দৰ্ভত ভাৰতৰ বহু শিল্পীয়ে তেওঁৰ সৈতে কথা পাতিবলৈ ভয় গৰিছিল । তেওঁ ৰং আৰু ৰেখাৰ মানুহ । সেই হিচাপে তেওঁ শব্দৰ সলনি ৰং আৰু ৰেখাৰে চিত্ৰ অংকন কৰি ক’বলগীয়া বিষয়ে কৈ যায় । নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ পৌৰোহিত্যত হোৱা এই সভাত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিনচন্দ্ৰ কলিতাই আমন্ত্ৰিত অতিথি হিচাপে ভাগ লৈ দিয়া ভাষণত কয় যে গৌৰী বৰ্মন আছিল প্ৰথম অসমীয়া তথ্যচিত্ৰ নিৰ্মাতা । সেই লৈ অসমবাসীয়ে ,এই দিশত গৌৰৱ কৰিব পাৰে । প্ৰতিভাশালী শিল্পী হিচাপে তেওঁৰ মন আছিল অতি পৱিত্ৰ । পৱিত্ৰ মনৰ লোকেহে প্ৰকৃত শিল্পী হ’ব পাৰে । তেওঁ নলবাৰীৰত্ন হিচাপে উদ্ভাসিত হৈছিল । নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই সভাৰ উদ্দশ্য ব্যাখ্যা আগ বঢ়োৱা সভাখনৰ পূৰ্বে প্ৰসিদ্ধ শিল্পী গৌৰী বৰ্মনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিৱেদন কৰি শিল্পীগৰাকীৰ পুত্ৰ বিশিষ্ট চিকিৎসক অৰিন্দম বৰ্মনে পিতৃৰ জীৱন–কৰ্ম সন্দৰ্ভত বিৱৰি কয় । নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই সভাত পৌৰোহিত্য কৰি দিয়া ভাষণত কয় যে গৌৰী বৰ্মনে জীৱনক নতুন ৰূপ দিছিল চিত্ৰশিল্প আৰু লেখাৰে । তেওঁ ত্ৰিধাৰাৰ শিল্পী হিচাপে আমাৰ মাজত যুগে যুগে জীয়াই থাকিব । গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিক ডঃ উপমা ডেকাই লোকগীত আৰু নলবাৰী জিলা সাহিত্য সভাৰ সাংস্কৃতিক উপ সমিতিৰ আহ্বায়ক শেৱালি কাকতীয়ে বৰগীত পৰিৱেশন কৰা সভাখনত নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গোলক পাঠকেও শিল্পী গৌৰী বৰ্মনৰ বিষয়ে আলোকপাত কৰে । অসম সংগীত পৰিৱেশনেৰে অনুষ্ঠান সামৰা হয় ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds