31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণঃ ব্যক্তি আৰু ব্যক্তিত্ব

    শিক্ষক দিৱস উপলক্ষে,

    (প্ৰবন্ধ)

    ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণঃ ব্যক্তি আৰু ব্যক্তিত্ব

    আমি সকলোৱে জানো যে ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ এজন গুণী, জ্ঞানী, শ্ৰদ্ধাৰ ব্যক্তিত্ব। তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি আছিল যদিও নিজকে শিক্ষক হিচাপে হে পৰিচয় দিবলৈ ভাল পাইছিল। তেওঁৰ মূখ্য উদেশ্যই আছিল শিক্ষকতা আৰু সেইহে শিক্ষাই তেওঁৰ জীৱনৰ মূল উদ্দেশ্য আৰু আৰু। এই মহান ব্যক্তিৰ জন্মদিনটোতেই আমি সকলোৱে শিক্ষক দিৱস হিচাপে পালন কৰো।

    ড০ ৰাধাকৃষ্ণণ মাদ্ৰাজৰ এখন ক্ষুদ্ৰ গাওঁত ১৮৮৮ চনত ৫ চেপ্টেম্বৰ দিনা জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম বীৰস্বামী আৰু মাতৃৰ নাম সীতাম্মা। ড০ ৰাধাকৃষ্ণণ ঘৰখনৰ দ্বিতীয় সন্তান আছিল। তেওঁ ব্ৰাহ্মণ পৰিয়ালত জন্ম লোৱাৰ বাবে তেওঁ বাল্যকালৰ পৰাই ধৰ্মৰ প্ৰভাৱ পৰিছিল।
    তেওঁ মানৱ প্ৰেমী আছিল। ঘৰতে সদায় পূজা পাঠ, নাম কীৰ্তন চলিছিল সেইহে তেওঁ ধৰ্মৰ ক্ষেত্ৰত আকৰ্ষিত হৈছিল।

    ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ প্ৰাথমিক শিক্ষা নিজৰ গাওঁ তিৰুতানিত ৮ বছৰ সম্পূৰ্ণ ড০। তেওঁ সেই কালছোৱাত এটি প্ৰৱন্ধ লিখি উলিয়াইছিল নাম আছিল ” Fragments of Confessions ” তেওঁ বিভিন্ন মিচনাৰী বিদ্যালয়, কলেজ আদিত অধ্যয়ন কৰাৰ বাবেই জীৱনৰ শেষ দিন পৰ্য্যন্ত হিন্দুধৰ্মৰ মৰ্যাদা সম্বন্ধে অনুপ্ৰাণিত এটি।

    শিক্ষা হৈছে শক্তি আৰু মানৱ জীৱনৰ ডাঙৰ সম্বল। UNESCO সিদ্ধান্ত অনুসৰি ১৯১৪ চনৰ পৰা এই দিনটোতেই আমাৰ ভাৰতবৰ্ষতো শিক্ষক দিৱস পালন কৰা হয়। তেওঁৰ শিক্ষাৰ অপৰিসীম শক্তি থকাৰ বাবে ছাত্ৰ সমাজত তেওঁক এজন সুদক্ষ শিক্ষক হিচাপে গণ্য কৰা হয়। ছাত্ৰ আৰু মানৱসমাজলৈ তেওঁ বহুত গ্ৰন্থ ৰচনা কৰি সমাজলৈ বৰঙণি আগবঢ়াই থৈ গৈছে।

    তেওঁৰ এক মহৎ বাণী-“জন্ম যেনেকোৱাই নহওঁক কিয়, কৰ্ম হওঁক সদায় ভাল”। তেওঁ লিখা এখন কিতাপত কৈছিল ধন, ঐশ্বৰ্য্য,বংশ মৰ্যাদা অধিকাৰী তেওঁৰ নাছিল, তেওঁ এটি সাধাৰণ পৰিয়ালৰ পৰা যদিও তেওঁ সত্যৰহে সন্ধান কৰিছিল। সেই কিতাপ খনৰ নাম হৈছে ” My search of Truth ” তেওঁ নিজকে স্বৰ্কিয় স্থান দিছিল সেইহে মানৱ প্ৰেমী ৰূপ হিচাপে প্ৰতিষ্ঠা কৰিব বিছাৰিছিল।

    তেওঁ নিৰ্জনতা প্ৰিয় আছিল যদিও সকলোৰে মাজত মিলিজুলি থকাটোৱেই বিশেষ গুণ আছিল ৷ তেওঁ মাদ্ৰাজৰ বিশ্ববিদ্যালয়ত এম. এ পৰীক্ষাৰ বাবে এখন প্ৰৱন্ধ ৰচনা কৰা নিয়ম আছিল সেইহে তেওঁ Research অনুসৰি “Ethics of the Vedanta” নামৰ মৌলিক প্ৰৱন্ধখন জমা দিয়ে। তেওঁৰ ৰচনা কৰা দুখন পুথি Oxford Universityত এক বিশেষ স্থান লাভ কৰে। পুথি কেইখন হৈছে “The ethics of the Vedanta and it’s meta physical presupposition আৰু Essentials of Psychology. ইয়াৰ পিছটো তেওঁ বহু প্ৰবন্ধ লিখে যেনে-
    International Journal of Ethics, Monist, Quest, Mind, Religion of Religion in Contemporary Philosophy, Reality based on the Upanisad আৰু অনান্য।

    ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ বিষয়ে আলোচনা কৰিব গলে শেষ নহ’ব। ১৯৩১ চনত ড০ ৰাধাকৃষ্ণণয়ে অন্ধ্ৰ বিশ্ববিদ্যালয় উপাচাৰ্য হয়। ১৯৩২ চনত তেওঁৰ বিখ্যাত দাৰ্শনিক গ্ৰন্থ প্ৰকাশ পায়। ” An Idealistic view of life”। সেইহে তেওঁক দাৰ্শনিক পণ্ডিত বুলিও জনা যায়। তেওঁ ভাৰতীয় সংস্কৃতিৰ ওপৰত বহুতো পুথি ৰচনা কৰে আৰু সকলোৰে মাজতে নিহিত। তেওঁ ৰাষ্ট্ৰদূত হৈ থকা কালতো নিজৰ সাজ ধূতি-চোলা মূৰত পাগুৰি এৰি দিয়া নাছিল। তেওঁ বহু লাজকুৰীয়া স্বভাৱৰ আছিল।

    ড০ ৰাধাকৃষ্ণণ এইয়াই কিছু চমু বিৱৰণ। তেওঁ ভূতপূৰ্ব ৰাষ্টপতি পদৰ পৰা অৱসৰ লোৱাৰ পিছত ভাৰতৰত্ন উপাধিৰে সন্মানিত কৰা হয়। বিশ্বাসয়েই আছিল তেওঁৰ অদৃশ্য শক্তি। তেওঁ ৰাজনৈতিক ক্ষেত্ৰখনৰ অন্তত পুৰণি ঘৰখনলৈ অন্তিম দিন কেইটা পাৰ কৰিবলৈ যায়।

    অৱশেষত তেওঁ ১৯৭৫ চনৰ ২২ জুনত মৃত্যু হয়। সেইহে তেওঁৰ মহাত্বৰ বাবে সদায় ৫ চেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়।

    ✍️ৰাজশ্ৰী সেনাপতি গগৈ,
    ডিব্ৰুগড়

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds