31.3 C
Guwahati
Friday, October 17, 2025
More

    শেহতীয়া আপডেটঃ

    ‘ডি আমব্ৰেলা’ শীৰ্ষক চুটি ছবি শুভমুক্তিৰ বাবে সাজু

    দেৱজিত বৰাঃ অসমৰ চুটি ছবি জগতৰ অন্যতম এগৰাকী চুটি ছবি নিৰ্মাতা তথা বিশিষ্ট লেখিকা নয়নী বৰগোহাঁইৰ এখন চুটি ছবি শুভমুক্তিৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে৷ নয়নী-২৪ প্ৰডাকচন (Nayaanee -24 Production) ৰ বেনাৰত ’ডি আমবেৰেলা’ ’(The umbrella) শীৰ্ষক ছয়গাঁৱত দৃশ্য গ্ৰহণ কৰা চুটি ছবিখনৰ কাহিনী/পৰিচালনা আৰু চিত্ৰনাট্য নয়নী বৰগোহাঁইৰ ৷ছবিখনত অভিনয় কৰিছে প্ৰণৱ দাস/নগেন কলিতা/ধনমণি ৰাজবংশীয়ে৷ দৃশ্য গ্ৰহণ আৰু সম্পাদনা তিলক ৰঞ্জনৰ৷ সংগীত অমিত সৌকাধৰাৰ৷ অলংকৰণ আৰু পোহৰ মণি গোস্বামী আৰু দাদুৰ৷ উল্লেখ্য যে আন্তজাৰ্তিক ছবি মহোৎসৱত ‘ডি ৰং ৰ’ড’

    (The Worng Road )’ইউ টাৰ্ণ…লেটচ্ ষ্টাৰ্ট এগেইন’
    (U Turn… Lets Start Again) ’স্কেচ্ছ’ (Sketch)আদি নয়নী বৰগোহাঁইয়ে পৰিচালনা কৰা ছবি আৰু চিত্ৰনাট্যই কেইবাটাও বঁটা ইতিমধ্যে লাভ কৰিছে৷’ ডি আমবেৰেলা’ শীৰ্ষক চুটি ছবিখনৰ পোষ্টাৰ আৰু ট্ৰেইলৰ ৩০ অক্টোবৰত প্ৰডাকচনটোৱে ইতিমধ্যে মুকলি কৰিছে৷ অতি শীঘ্ৰে মুক্তি পাব লগা ছবিখন নয়নী-২৪ (Nayaane – 24) ইউটিউব চেনেল যোগে দৰ্শকৰ বাবে উপলব্ধ হ’ব বুলি প্ৰডাকচনটোৰ তৰফৰ পৰা সংবাদ মাধ্যমক প্ৰযোজক আৰু পৰিচালকে জানিবলৈ দিয়ে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.