যোৱা ২৪ জানুৱাৰী তাৰিখে কানাডাৰ কেলগেৰী চহৰত শীতৰ প্ৰচণ্ড প্ৰকোপৰ মাজতে কেলগেৰী নিবাসী প্রবাসী অসমীয়া সমাজ আৰু “পৰম্পৰা মনোৰঞ্জন’ৰ যুটীয়া সহযোগত, প্ৰয়াত কন্ঠশিল্পী সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱ আৰু অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মধুৰ সোঁৱৰনত ‘সুৰৰ শ্ৰদ্ধাঞ্জলী’ এ এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।

এলবাৰ্টাৰ ৰাজ্যিক সাংস্কৃতিক মন্ত্ৰী মহম্মদ গ্ৰাচীন ডাঙৰীয়াই এই অনুষ্ঠানত মুখ্য অতিথিৰ দায়িত্বভাৰ গ্ৰহণ কৰে। মুখ্য অতিথিৰ ভাষণত তেখেতে সমজুৱা অনুষ্ঠানৰ জৰিয়তে কলা সংস্কৃতি ৰক্ষাৰ প্ৰাসংগিকতাৰ কথা ব্যক্ত কৰে। মুখ্য ঘোষক-ঘোষিকাৰ দায়িত্বত থকা জয়ন্ত চৌধুৰী আৰু মালিকা ৰহমানে অসমীয়া সাংস্কৃতিক জগতত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱ আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অপৰিসীম অৱদানৰ কথা সোঁৱৰণ কৰে। অনুষ্ঠানৰ বিশেষ আকৰ্ষণ স্বৰূপে জুবিন সংগীত আৰু ভূপেন সংগীতৰ এক উৎকৃষ্ট সংমিশ্ৰণ প্ৰস্তুত কৰা হয়। অভিশ্ৰুতি দত্ত বৰুৱাৰ সুতত্ত্বাৱধানত আকাৰ লোৱা এই সংমিশ্ৰণত কন্ঠদান কৰে কেলগেৰী নিবাসী হিমুজ্জ্বল নেওগ, অৰূপ গোস্বামী, পাপৰী বৰঠাকুৰ, প্ৰণামী দত্ত, মৃন্ময় চৌধুৰী, মানসী গোস্বামী, গীতাশ্ৰী গগৈ আপ্তে, সমীৰণ বৰকাকতী, প্ৰাৰ্থনা গগৈ, প্ৰশান্ত বৰঠাকুৰ, সুদৰ্শন দাস, সৌম্য বৰুৱা, লখিমী বৰুৱা আৰু জেবিন ৰহমানে। কানাডাৰ সদা ব্যস্ত জীৱন শৈলীৰ মাজত কিছু সময় উলিয়াই, বিদেশত অসমীয়া কৃষ্টি জীয়াই ৰখাৰ এই প্ৰচেষ্টা খুবেই প্ৰশংসনীয়।

অসমীয়া গীতৰ উপৰিও, অনুষ্ঠানত প্ৰয়াত দুয়োজন শিল্পীৰ সোঁৱৰণত হিন্দী, বঙালী আৰু ইংৰাজী গীত পৰিৱেশন কৰা হয়। পৰম্পৰা মনোৰঞ্জনৰ তৰফৰ পৰা কবিতা জয়ৰাম, প্ৰিন্স শৰ্মা, অৰিজিত ৰয় আৰু জয় চৌধুৰীয়ে সংগীত পৰিৱেশন কৰে। অনুষ্ঠানৰ অন্তত সদ্যপ্ৰয়াত হিন্দী কন্ঠশিল্পী কে.কে.-ৰ সোঁৱৰনত জনপ্ৰিয় গীত ‘পল’ ৰ সুৰত অনুষ্ঠানৰ সামৰণি মৰা হয়। বিশিষ্ট আলোকচিত্ৰ শিল্পী ৰাকেশ বড়ো আৰু প্ৰবাল লাহনে অনুষ্ঠানৰ বিশেষ মূহুৰ্তবোৰ লেনছত আৱদ্ধ কৰে।
‘মায়াবিনী’ গীতৰ সুৰত আমাৰ অতি মৰমৰ ‘জুবিন দাক’ মনত পেলাই সকলোৰে চকু সেমেকি উঠে। বিদেশৰ মাটিত অসমীয়া সাজপাৰ পৰিধান কৰি দৰ্শক মণ্ডলীয়ে অনুষ্ঠানটিক এক বিশেষ সৌষ্ঠৱ প্ৰদান কৰে। প্ৰবাসী অসমীয়াৰ আপোন সংস্কৃতি ৰক্ষাৰ নিৰন্তৰ প্ৰচেষ্টাৰ এক শ্ৰেষ্ঠ নিদৰ্শন স্বৰূপে দৰ্শকক আপ্লুত কৰাৰ লগতে, এই ‘সুৰৰ শ্ৰদ্ধাঞ্জলী’ অনুষ্ঠানে এলবাৰ্টাৰ বাৰেৰহনীয়া সাংস্কৃতিক পৰিৱেশকো সমৃদ্ধ কৰে।
লখিমী বৰুৱা, কেলগেৰী, কানাডা



