31.3 C
Guwahati
Friday, October 17, 2025
More

    শেহতীয়া আপডেটঃ

    গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনি বিষয়ক উন্মোচন

    আজাৰাঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই মঙলবাৰে নগাঁও কলেজ (স্বায়ত্তশাসিত)ৰ সহকাৰী অধ্যাপক তথা এন এছ এছ গোটৰ কাৰ্যসূচী বিষয়া ডঃ ভূবন চন্দ্ৰ চুতীয়া আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰকল্যাণ সঞ্চালক তথা এন এছ এছ কোষৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিৰ ‘দক্ষতা বৃদ্ধি পাঠ্যক্ৰম আৰু মূল্য সংযোজিত পাঠ্যক্ৰম’ৰ পাঠ্যক্ৰম পূৰণৰ বাবে নতুন শিক্ষানীতি ২০২০ অনুসৰি যুগুতোৱা ‘এন এছ এছ বুক’ নামৰ গ্ৰন্থখন গুৱাহাটী বিশ্ববিদ্যালয় যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত উন্মোচন কৰে।

    গ্ৰন্থখন দুয়োজন লেখকৰ ৰচনা তথা ডিজাইন কৰি প্ৰস্তুত কৰা হৈছে। ইয়াৰ উপৰিও এই গ্ৰন্থখনে এন এছ এছ গোট আৰু স্বেচ্ছাসেৱকসকলক তেওঁলোকৰ নিয়মীয়া আৰু বিশেষ কেম্পিং কাৰ্য্যকলাপসমূহ সম্পন্ন কৰাত সহায় কৰিব। উল্লেখ্য যে গ্ৰন্থখনত এন ই পি-২০২০ত উত্তম পদ্ধতি, উল্লেখযোগ্য আৰু বিশেষ কাৰ্য্যকলাপসমূহ কিতাপখনত অন্তৰ্ভুক্ত কৰা হৈছে। অধ্যাপক মহন্তই তেওঁৰ উদ্বোধনী ভাষণত কয় যে গ্ৰন্থখন প্ৰাসংগিক, সম্ভাৱ্য আৰু অতি সুন্দৰভাৱে ডিজাইন কৰা এখন সম্পূৰ্ণ গ্ৰন্থ আৰু দুয়োটা পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মূল্যৱান হ’ব। লগতে দুয়োজন লেখকলৈ তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত আমাৰ অসম কাকতৰ সম্পাদক মনোজ কুমাৰ গোস্বামী, হাড়গিলা সেনা পূৰ্ণিমা দেৱী বৰ্মনেও গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.