31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    গুৱাহাটীত উপলব্ধ হ’ল স্মাৰ্ট এম জি কমেট ইভি ড্ৰাইভ

    গুৱাহাটীৰ পৰা মনীষা শৰ্মা: ১০০ বছৰীয়া গৌৰৱৌজ্বল যাত্ৰা অব্যাহত ৰখা ব্ৰিটিছ অটোমোবাইল ব্ৰেণ্ড এমজি(মৰিছ গেৰেজেছ)য়ে এমজি কমেট ই ভিৰ সৈতে ভাৰতত সেউজ মবিলিটীক দ্ৰুতভাৱে আঁকোৱালি লোৱাৰ দিশত নিজৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ প্ৰমাণ কৰিছে। দেশৰ ১৯খনতকৈও অধিক ৰাজ্য সামৰি স্মাৰ্ট আৰু বহনক্ষম এমজি কমেট ইভি ড্ৰাইভে আজি সামৰি ল’লে গুৱাহাটীকো। এই অভিযানৰ উদ্দেশ্য হৈছে ইভি বাহনৰ সজাগতা সৃষ্টি কৰা – গুৱাহাটীৰ দৰে চহৰৰ বাবে এক বহনক্ষম, ব্যৱহাৰিক আৰু অৰ্থনৈতিক গতিশীলতাৰ সমাধান প্ৰদান কৰা।

    উল্লেখযোগ্য যে
    যোৱা বৰ্ষত এমজি মটৰ ইণ্ডিয়াই ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ নগৰীয়া গতিশীলতা বিচৰা লোকসকলৰ বাবে নতুন মানদণ্ড নিৰ্ধাৰণ কৰা কমেট – দ্য স্মাৰ্ট ইভি মুকলি কৰিছিল। ভৱিষ্যদৰ্শী আৰু ব্যৱহাৰকাৰী-বন্ধুত্বপূৰ্ণ স্মাৰ্ট প্ৰযুক্তিৰ সৈতে এমজি মটৰ ইণ্ডিয়াৰ পৰ্টফলিঅ’ৰ দ্বিতীয়খন ইভি এইখন বাহন।এই গাড়ীখনে এবাৰ চাৰ্জত ২৩০ কিলোমিটাৰ*ৰ ৰেঞ্জ প্ৰদান কৰে।।ইয়াত ১০.২৫ হেড ইউনিট আৰু ১০.২৫ ডিজিটেল ক্লাষ্টাৰ আছে। কমেট ইভি আইস্মাৰ্ট ইনফটেইনমেণ্টৰ সৈতে লোড কৰা হৈছে, ইয়াত ৫০+ সংযুক্ত সুবিধা প্ৰদান কৰা হৈছে, য’ত এচি ষ্টাৰ্ট, লক, আনলক আৰু ষ্টেটাছ চেক আদি। ইয়াত অন্তৰ্ভুক্ত কৰা আছে দূৰৱৰ্তী বাহনৰ কাৰ্যৰ লগতে লাইভ লকেচন শ্বেয়াৰিং আৰু ট্ৰেকিং আদিও। ইয়াৰ উপৰিও ইভিখন নিয়ন্ত্ৰণ কৰিবলৈ ১০০তকৈও অধিক ভইচ কমাণ্ড আছে, য’ত ৩৫+ হিংগলিছ কমাণ্ডো আছে। স্মাৰ্ট ইভিত সক্ৰিয় আৰু নিষ্ক্ৰিয় সুৰক্ষা সুবিধাসমূহ যেনে ডুৱেল ফ্ৰণ্ট এয়াৰবেগ, এবিএছ +ইবিডি, ফ্ৰণ্ট এণ্ড ৰিয়েৰ ৩ পিটি ইত্যাদি। আনহাতে ছিট বেল্ট, পিছফালৰ পাৰ্কিং কেমেৰা আৰু চেন্সৰ, টিপিএমএছ (পৰোক্ষ) আৰু আইছ’ফিক্স চাইল্ড আসন আদিৰ সুবিধাও আছে। এম জি কমেটে গাঁথনিগত সুৰক্ষাৰ বাবে ১৭টা হট ষ্টেম্পিং পেনেল আৰু বাহন আৰু বেটাৰীৰ সুৰক্ষাৰ বাবে ৩৯টা পৰীক্ষাৰ পাছত গ্ৰাহকৰ বাবে মুকলি কৰি হৈছে, যাৰ ফলত ই আমাৰ গ্ৰাহকৰ বাবে এক নিৰাপদ বাহন হৈ পৰিছে।কমেট ইভিত তিনিটা ভেৰিয়েণ্টত উপলব্ধ- পেচ, প্লে আৰু প্লাছ, যাৰ আৰম্ভণি মূল্য হৈছে ক্ৰমে ৬.৯৯ লাখ টকা, ৭.৮৮ লাখ টকা আৰু ৮.৫৮ লাখ টকা (এক্স-শ্ব’ৰুম)। এমজি কমেট ইভি ৫টা ৰঙৰ বিকল্পত আগবঢ়োৱা হয়, যাৰ ভিতৰত আছে ডুৱেল টোন (এপল গ্ৰীণ + ষ্টাৰী ব্লেক এণ্ড কেণ্ডি হোৱাইট+ ষ্টাৰী ব্লেক), এপল গ্ৰীণ, কেণ্ডি হোৱাইট, অৰোৰা চিলভাৰ আৰু ষ্টাৰী ব্লেক ৰং।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds