Monday, June 30, 2025
26.9 C
Guwahati
TOP NEWS:

গড়চুকত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু

- Advertisement -

 

গড়চুকত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু


গুৱাহাটীৰ গড়চুকৰ পৰা কিছু নিলগৰ গাৰোঘুলিত যোৱানিশা এটা বনৰীয়া হাতীয়ে বিদ্যুৎস্পৃষ্ট হৈ দুর্ভাগ্যজনকভাৱে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়৷ প্রাপ্ত খবৰ মতে খাদ্যৰ সন্ধানত কাষৰীয়া গড়ভঙা বনাঞ্চলৰ পৰা ওলাই অহা হাতীটো মাজনিশাৰ পিছেত এ পি ডি চি এলে মানুহৰ ঘৰত সংযোগ দিয়া বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পর্শলৈ আহে আৰু কৰুণভাৱে মৃত্যুক আঁকোৱালি লয়৷ পুৱা হাতীটোক বিদ্যুৎস্পৃষ্ট হৈ মৃত অৱস্থাত প্রত্যক্ষ কৰি কোনো লোকেবন বিভাগৰ লখৰাস্থিত দক্ষিণ গুৱাহাটী বনাঞ্চলিক বিষয়া কার্যালয়ক অৱগত কৰায়৷তাৰ পিছত বনাঞ্চলিক বিষয়া বীৰ সিং ইংতিৰ নেতৃত্বত এটা বনকর্মীৰ দল ঘটনাস্থলীলৈ আহে আৰু এ পি ডি চি এলৰ কর্মীৰ সহযোগত বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি হাতীটোক উদ্ধাৰ কৰে৷ পূব কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্রাধিকাৰী ৰোহিণী বল্লভ শইকীয়া আৰু সহকাৰী বন সংৰক্ষক গোলাপ বণিয়াই পশু চিকিৎসকসহ ঘটনাস্থলীত উপস্থিত হৈ হাতীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত ওচৰতে থকা গড়ভঙা বনাঞ্চলত গাঁত খান্দি হাতীটো সমাধিস্থ কৰে৷ বন বিষয়া ৰোহিণী বল্লভ শইকীয়াই জানিবলৈ দিয়া মতে প্রায় ৪৫ বছৰ বয়সৰ ৯ ফুট উচ্চতাৰ মতা হাতীটোৱে বিদ্যুৎ বিভাগৰ কোনো কর্মীৰ অৱহেলাৰ বাবেই কৰুণভাৱে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয় ৷ইতিমধ্যে এই সন্দর্ভত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ লগতে বিদ্যুৎ পৰিষদৰ উচ্চপদস্থ বিষয়াকো অঞ্চলটোত বিপজ্জনকভাৱে পথৰ কিছু উচ্চতাত ওলমি থকা বিদ্যুৎ পৰিবাহী তাঁৰসমূহ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবলৈ আহ্বান জনাইছে৷ সংগ্ৰহ ডি বি নিউজ

Hot this week

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

Related Articles

Popular Categories

Assam
overcast clouds
28.7 ° C
28.7 °
28.7 °
81 %
1.8kmh
95 %
Mon
34 °
Tue
30 °
Wed
32 °
Thu
29 °
Fri
28 °