গুৱাহাটীঃ “কবিতা তেতিয়াহে থাকিব যেতিয়া অসমীয়া ভাষা জীয়াই থাকিব৷ আমি কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব ৷ আমি ম’বাইল আৰু ইন্টাৰনেটত কিতাপ পঢ়িলেও ছপা কিতাপ পঢ়াৰ মাদকতা বেলেগ” -এই মন্তব্য জ্যেষ্ঠ সাংবাদিক ডঃ কুমুদ দাসৰ৷ গ্ৰন্থমেলাৰ বাকৰিত আজি বিয়লি উপেন্দ্ৰ নাথ শৰ্মা সোৱৰণী সভাগৃহত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে উদীয়মান লেখক কৌশিক ফুকন কুমাৰৰ উপন্যাস সীমনাত যি স্বৰ্ণিল পৰশ ”শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি এই মন্তব্য কৰে ৷উক্ত অনুষ্ঠানত অসম ভিত্তিত কাব্যগ্ৰন্থ প্ৰতিযোগতাৰ বটা প্ৰদান কৰা হয়৷ “এমুঠা জোণাকৰ অপেক্ষাত’’ শীৰ্ষক গ্ৰন্থৰ বাবে বটা লাভ কৰে কবি আবৃত্তিকাৰ লেখিকা ৰঞ্জনা পাঠকৰ লগতে বহু কেইগৰাকী জনপ্ৰিয় কবিয়ে৷ এই বটাত আছে স্মাৰক মানপত্ৰ লগতে গামোচা৷ অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক ডঃ প্ৰশান্ত শৰ্মা ,অবিনেতা তথা পৰিচালক ডাঃ জয় বৰা, এমট্ৰনৰ উপ প্ৰৱন্ধক দিনমণি ভাণ্ডাৰ কায়স্থ ৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে৷
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations