ৰঙিয়াত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠনৰ উদ্দেশ্যে সভা

♦ ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত আজি ৰাইজৰ দলৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। ৰঙিয়া বিধান সভা সমষ্টিৰ আহ্বায়ক সমিতি গঠনৰ বাবে অনুস্থিত কৰা হয় এই সভা।

সভাত উপস্থিত থাকে ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক তথা সমাজকৰ্মী হৰেশ্বৰ বৰ্মণ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা অৰূপ বৰবৰাসহ ৰাজ্যিক আহ্বায়ক, পংকজ শৰনীয়া, গোৰেশ্বৰ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি প্ৰাঞ্জল কলিতা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহ-সম্পাদক আৰু বহু কেইজন নেতা উপস্থিত থাকে।

অৰূপ বৰবৰাই সভাত ৰঙিয়াৰ মৃতপ্ৰায় বস্ত্ৰ উদ্যোগ এপ’ল মিল, দেশৰ ৰেলখণ্ডৰ ব্যক্তিগত কৰণৰ ফলত ঘগ্ৰাপাৰ, বাইহাটাকে ধৰি ৰাজ্যৰ বহুকেইটা স্থানীয় ৰে’ল ষ্টেচন বন্ধ হোৱাৰ উপক্ৰম হোৱা বুলি কোৱাৰ লগতে বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰাইজৰ দলক ৰাইজে সমৰ্থন আৰু বিশ্বাসত লৈছে লগতে ভবিষ্যতে সকলো আঞ্চলিক দল ঐক্যবদ্ধ হ’ব লাগিব বুলিও অৰূপ বৰবৰা আৰু ছাত্ৰ নেতা প্ৰাঞ্জল কলিতাই কয়। কৃষক নেতা অখিল গগৈৰ মুক্তিৰ ক্ষেত্ৰত জনাই যে, তেখেতৰ ওপৰত এটাৰ ওপৰত এটা গোচৰ দি কাৰাবন্দী কৰি ৰাখিছে ইয়াৰ মূল উদ্দেশ্য অখিল গগৈ মুকলি আকাশৰ তলত আহিলে শাসনাধিস্থ বিজেপি চৰকাৰৰ পতন ঘটিব বুলি উল্লেখ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.