Friday, June 20, 2025
25.2 C
Guwahati
TOP NEWS:

সদৌ অসম ভিত্তিত ষষ্ঠ বাৰ্ষিক স্বৰ্গীয় শশাঙ্ক দাস কলিতা সোঁৱৰণী ‘ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতা’

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

গুৱাহাটী: হালোগাওঁ সেৱক সংঘ আৰু পুথিভঁৰালৰ সহযোগত আৰু লংকেশ্বৰ দাস স্মৃতি ন‍্যাসৰ উদ‍্যোগত বিগত পাঁচটা বৰ্ষৰ সফল আয়োজনৰ পিছত এইবাৰ তিনিদিনীয়াকৈ সদৌ অসম ভিত্তিত ঁশশাঙ্ক দাস কলিতা সোঁৱৰণী ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতাখনিৰ আয়োজন কৰা হৈছে। উদ‍্যোক্তা সকলে জানিবলৈ দিয়া মতে আগন্তুক ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ চৈধ্য, পোন্ধৰ আৰু ষোল্ল তাৰিখে শুৱালকুছিৰ সমীপৰ হালোগাৱত অৱস্থিত অভয় চৰণ চৌধাৰী ষ্টেডিয়ামত তিনিদিনীয়াকৈ আয়োজন কৰা এই একাঙ্কিকা নাট প্ৰতিযোগিতাখনিত যোগদানৰ বাবে অসমৰ ভিন্ন প্ৰান্তৰ নাট্য দল সমূহৰ পৰা মৌলিক পান্ডুলিপি আহ্বান কৰা হৈছে। প্ৰতিযোগিতাৰ বিভিন্ন পুৰস্কাৰৰ শিতানত শ্ৰেষ্ঠ নাট‍্যদল, দ্বিতীয় শ্ৰেষ্ঠ নাট‍্যদল আৰু তৃতীয় শ্ৰেষ্ঠ নাট‍্যদলৰ বাবে যথাক্ৰমে বিশ হাজাৰ, পোন্ধৰ হাজাৰ আৰু দহ হাজাৰ নগদ ধনৰ লগতে স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰা হ’ব। তেনেদৰে শ্ৰেষ্ঠ পান্ডুলিপিৰ বাবে পাঁচ হাজাৰ, শ্ৰেষ্ঠ পৰিচালকৰ বাবে পাঁচ হাজাৰ, শ্ৰেষ্ঠ অভিনেতা আৰু অভিনেত্ৰীৰ বাবে পাঁচ হাজাৰকৈ, শ্ৰেষ্ঠ সহ-অভিনেতা আৰু শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বাবে তিনি হাজাৰকৈ, শ্ৰেষ্ঠ শিশু শিল্পীৰ বাবে তিনি হাজাৰ নগদ ধনৰ লগতে মানপত্ৰ আৰু স্মাৰক প্ৰদানৰ সিদ্ধান্ত ঘোষণা কৰা হৈছে। লগতে বিচাৰকৰ বিশেষ উল্লেখ হিচাপে মানপত্ৰ আৰু স্মাৰক প্ৰদানৰ ব‍্যৱস্থা ৰখা হৈছে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক নাট‍্যদল সমূহক তেখেতসকলৰ নাটকৰ ডিটিপি কৰা পান্ডুলিপি পিডিএফ্ কৰি অহা ৩১ ডিচেম্বৰ ২০২৪ ৰ ভিতৰত পোৱাকৈ ইমেইল যোগে rupalim.org@gmail.com লৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে। বিতং তথ্যৰ বাবে ৰূপালীমৰ অফিচিয়েল ৱেবচাইট www.rupalim.org ত পদাৰ্পন কৰিব পাৰিব। পান্ডুলিপিৰ প্ৰথম পৃষ্ঠাত নাটকৰ নাম, নাট্যদলৰ নাম, নাট্যকাৰ আৰু পৰিচালকৰ নাম, নাটকৰ দৈৰ্ঘ্য, যোগাযোগৰ ঠিকনা, ইমেইল আৰু মোবাইল নম্বৰ আদি স্পষ্টভাবে উল্লেখ থাকিব লাগিব। নাটকৰ দৈৰ্ঘ্য মঞ্চ সজ্জা সহিতে পঞ্চলিশ মিনিট ধাৰ্য কৰা হৈছে। প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত নাট্যদল সমূহে ভৰ্তি মাচুল হিচাপে নগদ পাঁচশ টকা প্ৰতিযোগিতা থলীত উপস্থিত হোৱাৰ পিছত কাৰ্যালয়ত জমা দিব লাগিব। অসমৰ লব্ধ প্ৰতিষ্ঠিত নাট্য কৰ্মীৰ দ্বাৰা বিচাৰকৰ আসন অলংকৃত হ’বলগা দুহেজাৰ পচিছ বৰ্ষৰ ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতাৰ বঁটা সমূহ প্ৰদান কৰা হ’ব ষোল্ল ফেব্ৰুৱাৰীৰ নিশা প্ৰতিযোগিতা অন্ত পৰাৰ পিছত। বঁটা বিতৰণী অনুষ্ঠানত অসমৰ কেইবাগৰাকীও প্ৰতিষ্ঠিত তথা জনপ্ৰিয় শিল্পী উপস্থিত থাকিব বুলি আয়োজক সকলে জানিবলৈ দিছে। যোগাযোগৰ বাবে গুৱাহাটীস্থ কাৰ্যালয় সম্পাদক হিৰণ্য ভট্টাচাৰ্য্যৰ মোবাইল নম্বৰ হৈছে- +919706263192 লগতে 9101301929 নম্বৰতো যোগাযোগ কৰিব পাৰিব।

- Advertisement -

Hot this week

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °