লখিমপুৰত শ্বহীদ দিৱস :

 

নাৰায়ণপুৰ অসম খবৰ ১ নৱেম্বৰ :

সমগ্র ৰাজ্যৰ লগতে লখিমপুৰ জিলাৰ নাওবৈচাটো উদযাপন কৰা হয় শ্বহীদ দিৱস।

লখিমপুৰ জিলাৰ লালুক আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্বহীদ বেদী প্ৰাঙ্গণত উদযাপন কৰা হয় শ্বহীদ দিৱস।

উল্লেখ যে ১৯৮০ চনৰ ১ নৱেম্বৰ তাৰিখে সদৌ অসম কৰ্মচাৰী আন্দোলনত প্ৰথম শ্বহীদ হোৱা দিলীপ চক্ৰৱৰ্তী আৰু ৬৮ জন কৰ্মচাৰীৰ বলিদানক সোঁৱৰণি জনাই প্ৰতি বছৰে ১ নৱেম্বৰ দিনটো সদৌ অসম কৰ্মচাৰী পৰিষদে শ্বহীদ দিৱস হিচাপে উৎযাপন কৰি আহিছে।

উক্ত শ্বহীদ দিৱসত উপস্থিত থাকে লালুক আঞ্চলিকৰ কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰশান্ত কুমাৰ বৰা, সাধাৰণ সম্পাদক ইয়াচিন আলী ভূঞা লখিমপুৰ জিলা কৰ্মচাৰী পৰিষদৰ উপ সভাপতি গিৰিশ্ব বৰা, লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছুনীল পদুম কোনো লগতে বহু কেইজন বিশিষ্ট ব্যক্তিৰ ওপৰিও ছাত্ৰ ছাত্রী সকল।

প্ৰেৰক : জয়ন্ত কুমাৰ হাজৰিকা

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.