মাহমৰা সমষ্টিৰ এটা বিধ্বস্ত পথঃ প্ৰায় ১০ খন গাঁৱৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ পথ হিচাপে পৰিগণিত হৈ অহা পথটো শেষবাৰৰ বাবে নিৰ্মাণ হৈছিল এটা দশকৰ পূৰ্বেই

♦শিৱসাগৰ জিলাৰ নাজিৰাৰ পৰা পাৰ্থ প্ৰতিম বৰুৱাঃ মাহমৰা সমষ্টিৰ শিমলুগুৰিৰ ৰামুগাঁও পথটোৰ সম্প্ৰতি অৱস্থা তথৈবচ। এজাক বৰষুণতে ভয়াৱহ ৰূপ ধাৰণ কৰে পথটোৰ অৱস্থাই। চৰকাৰ কিম্বা জনপ্ৰতিনিধিলৈ বাট চাই ভাগৰি পৰিল গাঁৱৰ ৰাইজ। অৱশেষত ওলাই আহিল ৰাইজ।গাঁঠিৰ ধন ভাঙি নিজৰ শ্ৰমদানেৰে পথটো মেৰামতিৰ সিদ্ধান্ত ললে ৰাইজে। পথচোৱা নিৰ্মাণৰ বাবে গাঁৱৰে কেইবাজনো ব্যক্তিয়ে দান কৰিছে শিল।হাতে হাতে কোৰ লৈ ওলাই আহিল গাঁৱৰ যুৱকসকল। পথটো মেৰামতি কৰি যাতায়তৰ সুচল কৰি তুলিবলৈ সংকল্পবদ্ধ ৰাইজ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.