বিশ্বনাথত অব্যাহত আছে  অৱকাৰী অভিযান অবৈধ চুলাই বিৰুদ্ধে  :শ শ  চুলাই  নষ্ট চুলাই ভাঁটি  উৎখাত 

বিশ্বনাথত অব্যাহত আছে  অৱকাৰী অভিযান অবৈধ চুলাই বিৰুদ্ধে  :শ শ  চুলাই  নষ্ট : বহু কেইটা চুলাই ভাঁটি  উৎখাত 

বিশ্বনাথ  ১৫  জুলাই : 

বিশ্বনাথ জিলা অভিভাৱক মন্ত্ৰী পিযুষ হাজৰিকা হুংকাৰ পাছতে তৎপৰ  হৈছে বিশ্বনাথ জিলা প্ৰশাসন তথা আৱকাৰী বিভাগ ।বিশ্বনাথ জিলা প্ৰশাসনৰ নিৰ্দেশত  বিশ্বনাথ মহকুমা আৱকাৰী  বিভাগে অব্যাহত ৰাখিছে অবৈধ অৰুণাচলী সুৰা আৰু চুলাই মদৰ বিৰুদ্ধে অভিযান।

আনহাতে  বৃস্হপতিবাৰে  বিশ্বনাথ মহকুমা আৱকাৰী পৰিদৰ্শক শৰৎ তিমুং, বিহালী চাৰ্কোলৰ  পৰিদৰ্শক দেবেশ্বৰ সন্দিকৈ নেতৃত্বত যোৱা এটা আৱকাৰী দলে বিশ্বনাথৰ গলিয়া, বহুবজাৰ, মিজিকাকে ধৰি বিভিন্ন অঞ্চলত অভিযান চলাই কেইবা শ লিটাৰ  চুলাই  মদ নষ্ট কৰা লগতে বহু  কেইটা  চুলাই ভাঁটি উৎখাত কৰে আৱকাৰী দলটোৱে ।

 

আনহাতে চুলাই মদৰ বিৰুদ্ধে এই  অভিযান অব্যাহত থাকিব বুলি প্ৰকাশ কৰে আৱকাৰী বিষয়া শৰৎ তিমুংয়ে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.