বালিপৰাত স্বাস্থ্য স্বয়ংসেৱক অভিযানৰ প্ৰশিক্ষণ শিবিৰ

● ৰঙাপৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টি বালিপৰা মণ্ডল সমিতিৰ উদ্যোগত স্বাস্থ্য সয়ংসেৱক আভিযানৰ প্ৰশিক্ষণ কৰ্মশালা বালিপৰাৰ হৰ্নবিল লজত পুৱা ১০ বজাত অনুষ্ঠিত হয়।

ক’ৰোনা মহামাৰীৰ সম্ভাৱিত তৃতীয় ঢৌৰ প্ৰতি লক্ষ্য ৰাখি কেনেদৰে বুথ পৰ্য্যায়ৰ স্বয়ম সেৱক সকলে চহৰ আৰু গ্ৰামাঞ্চলৰ প্ৰত্যেক মানুহৰ মাজত কৰনা মহামাৰীৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিব পাৰে সেই উদ্দেশ্য হাতত লৈ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ তত্বাৱধানত ৰাষ্ট্ৰীয় স্বয়ম সেৱক অভিযানৰ আৰম্ভ কৰা হৈছে।

এই কাৰ্যক্ৰমৰ অংশ স্বৰূপে বালিপৰা মণ্ডলৰ অন্তৰ্গত সকলো বুথ পৰ্য্যায়ৰ স্বয়ম সেৱক একত্ৰিত হৈ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয়। ৰঙাপৰা বিধানসভা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰা অনুষ্ঠানত সভাপত্বিত্ব কৰে ভাৰতীয় জনতা পাৰ্টী বালিপৰা মণ্ডলৰ সভাপতি ধ্ৰুৱজ্যোতি গগৈয়ে।

প্ৰশিক্ষণ শিবিৰত অতিথি হিচাবে শোণিতপুৰ জিলা সমিতিৰ তথ্য আৰু প্ৰযুক্তিবিদ্যা বিষয়া ধিৰাজ বৰা, জিলা স্বয়ম সেৱক কাৰ্যনির্বাহক সদস্যা দিব্যা সিনহা, দিপক শইকীয়া, শোণিতপুৰ জিলা মহিলা মৰ্চাৰ প্ৰাক্তন সভানেত্ৰী পুৰবী বৰাই অংশগ্ৰহণ কৰে।

তাৰোপৰি সভাত শোণিতপুৰ জিলা অ বি চি মৰ্চাৰ সাধাৰণ সম্পাদক অমিয় ডেকাৰ লগতে বালিপৰা মণ্ডলৰ সমুহ বিষয় ববীয়া, সমুহ মৰ্চাৰ সভাপতি সম্পাদক আৰু দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.