31.3 C
Guwahati
Wednesday, October 22, 2025
More

    শেহতীয়া আপডেটঃ

    দেহাৰকুছিত চি আৰ পি জোৱানৰ গৃহত চুৰিকাণ্ড

    • চোৰে লুটি নিলে নগদ ধনসহ প্ৰায় ১২ তোলা সোণৰ অলংকাৰ
    • ঘগ্ৰাপাৰ আৰক্ষী, চি আৰ পি এফ বাহিনী ঘটনাস্হলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

    নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত দেহাৰকুছি গাওঁৰ নিবাসী তথা চি আৰ পি এফৰ জোৱান ৰামচৰণ দাসৰ ঘৰত চুৰিকাণ্ড। চোৰে লুটি নিলে নগদ প্ৰায় ৫০ হাজাৰ টকা আৰু ১২ তোলা সোণৰ আ-অলংকাৰৰ লগতে পাতমুগাৰ কাপোৰ।

    জানিব পৰা মতে যোৱা কালি নিশা ঘৰত কোনো নথকাৰ সুযোগতে চোৰে সংঘটিত কৰিলে চুৰিকাণ্ড। উল্লেখনীয় কথা যে, ওচৰতে থকা শহুৰ দেউতাকৰ বেমাৰৰ বাবে কালি পৰিয়ালৰ সকলো সদস্য শহুৰৰ ঘৰত নিশা থাকিব লগীয়া হোৱাত জোৱান জনৰ গৃহত কোনো লোক নাছিল। পুৱা নলবাৰীত চি আৰ পি এফত কৰ্মৰত জোৱান ৰামচৰণ দাস নিজ গৃহলৈ আহি গেটৰ তলা খুলি ঘৰৰ দৰ্জা খোল খাই থকা দেখি অবাক হৈ পৰে। লগে লগে জোৱন জনে ঘগ্ৰাপাৰ আৰক্ষীৰ লগতে নলবাৰীস্হিত CRPF কেম্পত খৱৰ দিয়াত ঘগ্ৰাপাৰ আৰক্ষীৰ লগতে CRPF বাহিনীৰ লগতে এডিচনেল এচ পি পুস্কিন জৈন ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds