Sunday, May 25, 2025
27 C
Guwahati

টিহুৰ সুৰভি গোষ্ঠীৰ উদ্যোগত দুখন কাব্যগ্ৰন্থ উন্মোচন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

■ নলবাৰী : টিহু মহকুমাৰ সুৰভি গোষ্ঠীৰ উদ্যোগত ২৫ ফেব্ৰুৱাৰীত পখুৰা লখুপুৰ প্ৰাথমিক বিদ্যালয়ত জুনু গোস্বামীৰ ‘জোনাক’ সোণতৰা দেৱীৰ ‘তোমাৰ ছাঁ খেদি’ নামৰ দুখন কাব্যগ্ৰন্থ উন্মেচন কৰা হয় । এই উপলক্ষে সুৰভি গোষ্ঠীৰ সম্পাদক পংকজ প্ৰতিম শৰ্মাই আঁত ধৰা এখনি সভাত সোণতৰা দেৱীৰ ‘তোমাৰ ছাঁ খেদি’ নামৰ কাব্যগ্ৰন্থ উন্মোচন কৰি দক্ষিণ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসৱসৰীয়া অধ্যক্ষ ডঃ দিবাকৰ শৰ্মাই কয় যে সাহিত্য–কলা–সংস্কৃতি জীয়াই থাকিলেহে আমি জীয়াই থাকিম । অধ্যয়ন আৰু লেখাৰ গুৰুত্ব বিষয়ত বিস্তৃত ব্যাখ্যা আগ বঢ়াই তেওঁ জ্ঞানেহে মানুহক ওপৰলৈ নিব পাৰে বুলি মন্তব্য কৰে । জুনু গোস্বামীৰ ‘জোনাক’ নামৰ কাব্যগ্ৰন্থখন উন্মোচন কৰি সমাজসেৱিকা–টিহু মহকুমা কবি সন্মিলনৰ সভাপতি হিমানী মজুমদাৰে কয় যে লিখি থকাৰ সময়ত লেখকে ঈশ্বৰক ওচৰত পোৱা যেন অনুভৱ কৰে । সেয়ে লেখক স্বৰ্গৰ দূতলৈ ৰূপান্তৰ হয় । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ দিয়া ভাষণত প্ৰসংগত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই কয় যে সাহিত্য সাধনা আৰু লেখাৰ মহত্ত্ব অপাৰ । ক’তো বিচাৰি নোপোৱা সুখ পোৱা যায় সাহিত্যৰ ৰস মন্থন আৰু আস্বাদন কৰি । কাৰণ সাহিত্য সাধনা কৰা লোক সদায় একোখন নান্দনিক সুখ আৰু আনন্দৰ জগতত বাস কৰে । পৃথিৱীৰ দিগ্বিদিক জ্ঞান হেৰুওৱা বহু লোকে সাহিত্যৰ মহত্ত্বৰে মহিমা মণ্ডিত হ’ব পাৰিছে বুলিও সাহিত্য সংগঠকগৰাকীয়ে উল্লেখ কৰে । শিশু শিক্ষাৰ্থী ৰঞ্জিতা ভঁৰালী, ৰিয়া দত্ত আৰু কংকনা ভঁৰালীয়ে গোৱা বৃন্দগীতেৰে আৰম্ভ কৰা গ্ৰন্থ উন্মোচনী সভাৰ পূৰ্বে প্ৰবীণ সাংস্কৃতিক কৰ্মী সদানন্দ ভঁৰালী আৰু পখুৰা লখুপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী–লেখিকা হিমানী দেৱী, প্ৰবীণ ক্ৰীড়াবিদ নাউধন মজুমদাৰ আৰু সমাজপ্ৰাণ দীপ্তি দেৱীয়ে বন্তি প্ৰজ্বলন কৰি শুভেচ্ছা মূলক ভাষণ প্ৰদান কৰে । সভাত জুনু গোস্বামী আৰু সোণতৰা দেৱীয়ে
গ্ৰন্থ প্ৰণয়নৰ আঁৰৰ বিষয়ে বিৱৰি কয় । পাপৰি দেৱী, অলকানন্দ ঠাকুৰীয়া, কৰৱী দেৱী, অনামিকা দেৱী, হিমানী দেৱী, কিশোৰ কুমাৰ মেধি, গজেন গোস্বামী, ডিম্পী দেৱী, পংকজ প্ৰতিম শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীয়ে স্বৰচিত কবিতা পাঠ কৰা সভাখনৰ অসম সংগীত পৰিৱেশনৰ পাছতে সামৰণি ঘোষণা কৰা হয় ।

- Advertisement -

Hot this week

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

Topics

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

Related Articles

Popular Categories

Assam
overcast clouds
27.8 ° C
27.8 °
27.8 °
66 %
1.3kmh
98 %
Sat
27 °
Sun
28 °
Mon
24 °
Tue
30 °
Wed
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds