Monday, June 16, 2025
32.1 C
Guwahati
TOP NEWS:

টংলা প্ৰেছ ক্লাবৰ উদ্যোগত সাংবাদিক পৰিয়ালৰ কৃতী শিক্ষাৰ্থীক অভিনন্দন

সৎ পথেৰে, সৎ চিন্তাৰে আৰু সৎ দিশেৰে সাধনাত ব্ৰতী হ’লে এগৰাকী সফল ব্যক্তি আৰু সুনাগৰিক হ’ব পাৰি।

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

টংলাৰ পৰা চিন্ময় ডেকাঃ সৎ পথেৰে, সৎ চিন্তাৰে আৰু সৎ দিশেৰে সাধনাত ব্ৰতী হ’লে এগৰাকী সফল ব্যক্তি আৰু সুনাগৰিক হ’ব পাৰি।

আজি বিয়লি ৩ বজাত টংলা প্ৰেছ ক্লাবৰ প্ৰাংগণত সংবাদসেৱী পৰিয়ালৰ ৪গৰাকী কৃতী বিদ্যাৰ্থীক অভিনন্দন জনোৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি ওদালগুৰি জিলা সাহিত্য সভাৰ সম্পাদক দিবাকৰ বৰাই এইদৰে কয়।

ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৌৰী শংকৰ দাস, টংলা প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি উজ্জ্বল কুমাৰ দাস আৰু সংবাদসেৱী অমৰজিৎ ৰাভাই ছাত্ৰ- ছাত্ৰীসকলক উদ্দেশ্যি শুভেচ্ছামূলক ভাষণ দিয়ে।

বাতৰি কাকত বিলনিয়াৰ কৃষ্ণ ৰয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ কন্যা ৰশ্মি ৰয়, সাংবাদিক উজ্জ্বল কুমাৰ দাসৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ কন্যা কয়েল দাস, সংবাদ সেৱী চিন্ময় ডেকাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত

কৃতিত্বৰে উত্তীৰ্ণ ভগ্নী দীপান্বিতা ডেকা আৰু প্ৰয়াত সংবাদ সেৱী ধনেশ্বৰ ৰাভাৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত কৃতিত্বৰে উত্তীৰ্ণ পুত্ৰ বিবেক ৰাভাক ফুলাম গামোচা, কলম, অভিনন্দন পত্ৰৰে অভিনন্দন জনোৱা হয়।

ছাত্ৰ-ছাত্ৰীসকলে ৰবীন্দ্ৰ সংগীত, বিষ্ণু ৰাভা সংগীত পৰিবেশন কৰা লগতে অনুভৱ ব্যক্ত কৰে। টংলা প্ৰেছ ক্লাবৰ সভাপতি ফটিক নন্দন ৰাভাৰ সঞ্চালনাত অনুষ্ঠিত সভাত সম্পাদক অৰূপ বড়োই শলাগ জ্ঞাপন কৰা লগতে অনুষ্ঠানৰ আঁত ধৰে।

উক্ত অনুষ্ঠানত টংলা প্ৰেছ ক্লাবৰ উপ সভাপতি দিগন্ত কুমাৰ শৰ্মা, হকাৰ কৃষ্ণ ৰয় প্ৰমুখ্যে সদস্যসকল উপস্থিত থাকে।

- Advertisement -

Hot this week

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ...

দৃশ্য-শ্ৰাব্য নতুন গীত ‘মৰমৰ কওৱা’ শুভমুক্তিৰ বাবে সাজু

লিডুৰ পৰা দেৱজিত বৰাঃ ডি বি প্ৰডাকচনৰ নিবেদনত অসমৰ...

Topics

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি অসম...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

Related Articles

Popular Categories

Assam
overcast clouds
29.1 ° C
29.1 °
29.1 °
76 %
0.8kmh
100 %
Mon
29 °
Tue
33 °
Wed
30 °
Thu
29 °
Fri
28 °