কৃষ্ণাইৰ ভেলাখামাৰত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক এ,কে,ৰশিদ আলমে

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলাৰ কৃষ্ণাই উন্নয়ণ খণ্ডৰ অন্তৰ্গত ভেলাখামাৰত আজি এটা গুৰুত্বপূৰ্ণ গ্ৰাম্যপথৰ আধাৰশিলা স্থাপন কৰা হয়৷ কৃষ্ণাই মৰনৈ গড়কাপ্তানী পথৰ পৰা কুলীয়া দলং ভায়া হৈ লালাবৰি ভেলাখামাৰ গড়কাপ্তানী পথ সংলগ্ন এই পথছোৱাৰ আধাৰশিলা স্থাপন কৰে ৩৭ নং গোৱালপাৰা পূৱ বিধান সভা সমষ্টিৰ বিধায়ক এ.কে.ৰশিদ আলমে৷ এই উপলক্ষে আজি পুৱা ১১ বজাত ভেলাখামাৰ পূৱালী সংঘৰ খেলপথাৰত এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হয়৷

স্থানীয় সমাজসেৱক আমজাদ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সভাৰ উদ্দেশ্য ব্যাখা কৰে ইমৰাণ হুছেইনে৷ মোজাফ্ফৰ নুৰ ইছলামে আঁত ধৰা সভাখনত বিধায়ক আলমৰ লগতে ভাষণ প্ৰদান কৰে কন্দৰ্প কুমাৰ দেৱ নাথ, গুলজাহাৰ আলী, কেশৱ শৰ্মা,ৰাজু হুছেইন আদিয়ে ৷ নিজৰ ভাষণত বিধায়ক ৰশিদ আলমে তেঁৱৰ কাৰ্যকালত গোৱালপাৰা পূৱ সমষ্টিৰ আশাতীত ভাৱে উন্নয়ণ হোৱাৰ কথা দোহাৰে৷ তেওঁ কয় – পূৰ্বৰ বিধায়ক সকলৰ কামৰ লগত তেওঁৰ কামৰ তুলনা কৰিলেই ৰাইজে নিশ্চয় উন্নয়ণৰ পাৰ্থক্য ধৰিব পাৰিব৷

এই ক্ষেত্ৰত ৰাইজে নিশ্চয় পৰৱৰ্তী নিৰ্বাচনত নিজৰ ভাবাদৰ্শ প্ৰকাশ কৰিব বুলি আশা প্ৰকাশ কৰে বিধায়ক আলমে৷ ভাষণ প্ৰসংগত বিধায়ক আলমে কয় যে, সমষ্টি উন্নয়ণৰ প্ৰতি আন্তৰিকতা দেখিয়ে হয়তো দিল্লীৰ পৰা অহা দলীয় পৰ্যবেক্ষকে তেঁৱক ’বিকাশ পুৰুষ’ উপাধি প্ৰদান কৰি গৈছে৷ উল্লেখ্য যে,এছঅপিডি-জি ২০২০-২১ৰ অধীনত নিৰ্মাণ হ’বলগীয়া এই পথ ছোৱা নিৰ্মাণৰ বাবে আৱন্টিত পূঁজিৰ পৰিমাণ হৈছে ৪৬,১৩.২৬৫.৩৪ টকা৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.