অৱসৰপ্ৰাপ্ত বিষয়া দীনেশ চন্দ্ৰ বড়ো(৬৭)ৰ আকস্মিক বিয়োগত শোকস্তব্ধ গহপুৰ মহকুমা

 

গহপুৰৰ জনপ্ৰিয় ব্যক্তি, বিশিষ্ট সমাজকৰ্মী, বিভিন্ন সাংস্কৃতিক কৰ্মৰাজিৰে উদ্বুদ্ধ এগৰাকী স্বনামধন্য ব্যক্তি তথা অসম অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া দীনেশ চন্দ্ৰ বড়ো(৬৭)ৰ আকস্মিক বিয়োগত শোকস্তব্ধ গহপুৰ মহকুমা।বিটিএডিৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিৱ দীনেশ চন্দ্ৰ বড়ো(এচিএছ)ৰ আজি পুৱা গুৱাহাটীত মৃত্যু হয়।

গহপুৰৰ ডেলহাইছী নিৱাসী দীনেশ চন্দ্ৰ বড়োৱে পৰবৰ্তী সময়ত গুৱাহাটীৰ গড়চুকত নিগাজীকৈ থাকিবলৈ লয়।আজি পুৱা প্ৰাত:ভ্ৰমণ কৰি থাকোতে এখন দ্ৰুতবেগী বাহনে খুন্দিওৱাৰ ফলতে মৃত্যু হয় দীনেশ চন্দ্ৰ বড়োৰ।তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে শোঁকৰ বন্যা বৈছে সমগ্ৰ গহপুৰ মহকুমাত।
এগৰাকী মানৱদৰদী ব্যক্তি আছিল দীনেশ চন্দ্ৰ বড়ো।
গহপুৰৰ প্ৰতিটো সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আন্তৰিকতাৰে সহযোগিতা আগবঢ়াই অহা হৃদয়বান ব্যক্তি বড়োৱে অৱসৰৰ পিছত বিজেপি দলৰ লগত জড়িত হৈ দলটোৰ হকে নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই আহিছিল।
সকলো দিশতে পাৰদৰ্শিতা থকা দীনেশ চন্দ্ৰ বড়োৰ আকস্মিক মৃত্যুত বিভিন্ন জনৰ ফেচবুকৰ পৃষ্ঠাৰ পৰা হৃদয়ৰ পৃষ্ঠালৈ বৈছে শোঁকৰ বণ্যা………।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.