অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ স্মাৰক আলোচনা চক্ৰ সম্পন্ন

 

অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ জন্ম দিনটো আজি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লুইতপৰীয়া শাখা সাহিত্য সভাৰ উদ্যোগত এখনি স্মাৰক আলোচনা চক্ৰ অনুষ্ঠিত হয়।

অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় শাখা লুইতপৰীয়া শাখাৰ বৰ্ষজোৰা কৰ্ম-আঁচনিৰ অনুসৰি আয়োজন কৰা উক্ত আলোচনা চক্ৰখনি উদ্বোধন কৰে শাখাৰ উপ-সভাপতি তথা শিক্ষক জগন্নাথ দাহালে।

বৰদঙীয়া যুৱক-যুৱতী দিহানাম শিল্পী দলে এটি দিহানামেৰে শুভাৰম্ভ কৰা সভাখনিত পৌৰোহিত্য কৰে শাখাৰ সভাপতি উপেন কুমাৰ বৰুৱাই।

শাখাৰ সম্পাদক জগত গগৈয়ে আঁত ধৰা সভাখনত ‘অসমীয়া সাহিত্য জগতলৈ পদ্মনাথ গোহাঞিবৰুৱাৰ অৱদান’ শীৰ্ষক স্মাৰক আলোচনা চক্ৰখনত আলোচক হিচাপে এক সুবিস্তৃত আলোচনা আগবঢ়ায় বিহপুৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড০ চিত্ৰলেখা ফুকনে।

উক্ত অনুষ্ঠানত মিনেশ্বৰ বৰা, দীপক শইকীয়াই নিজৰ অভিমত আগবঢ়ায় আৰু প্ৰায় কুৰি গৰাকী কবিয়ে স্বৰচিত কবিতা পাঠ কৰে।

উক্ত অনুষ্ঠানতে শাখাৰ পৰৱৰ্তী কৰ্মসূচী ৰূপায়ণ, অসম সাহিত্য সভাৰ আজীৱন সভ্যৰ স্বীকৃতি পত্ৰ বিতৰণ, শাখাৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান, শাখাৰ পত্ৰিকা প্ৰকাশ আদিৰ বিষয়েও আলোচনা কৰি সুস্থিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

জয়ন্ত কুমাৰ হাজৰিকাৰ

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.