শেহতীয়া আপডেটঃ

অসমীয়া সমাজৰ এক অন্যতম উৎসৱ ৰঙালী বিহু

ব’হাগ মাথোঁ                 এটি ঋতু নহয়

  •              নহয় ব’হাগ এটি মাহ
    অসমীয়া জাতিৰ             ই আয়ুসৰেখা
    গণ জীৱনৰ ই সাহ।”
    অসমীয়া সমাজৰ এক অন্যতম  উৎসৱ হ’ল ৰঙালী বিহু। এই উৎসৱটো মূলতে নববৰ্ষৰ আৰম্ভণিৰ লগত জড়িত। ৰঙালী বিহু কেৱল এটা উৎসৱ নহয়, ই অসমীয়া সমাজৰ সংস্কৃতি, ঐতিহ্য আৰু সামাজিক বন্ধনক দৃঢ় কৰি তোলা এক প্ৰকৃততে কৃষিভিত্তিক উৎসৱ, যাৰ জৰিয়তে কৃষক সকলে নতুন বছৰৰ শুভাৰম্ভ কৰে। এই সময়ত কৃষক সকলে পথাৰলৈ যাবৰ পূৰ্বে আনন্দ-উৎসৱৰে বিহু উদযাপন কৰে। এই ৰঙালী বিহু মূলতঃ সাত দিনীয়াকৈ উদযাপন কৰা হয় যাৰ বাবে ইয়াক সাত বিহু নামেৰেও জনা যায়। বহাগ বিহু, অতিকৈ ৰঙৰ, আনন্দৰে ভৰা ৰঙালী বিহুটি চ’তৰ সংক্ৰান্তিৰ দিনৰ পৰাই আৰাম্ভ হৈ ব’হাগৰ ছয় দিনলৈ পালন কৰা এক অন্যতম উৎসৱ।
    চ’তে গৈ গৈয়ে        ব’হাগে পালেহি
    ফুলিলে ভেবেলি লতা;
    কৈনোকৈ থাকিলে       ওৰকে নপৰে
    ব’হাগৰ বিহুৰে কথা।
    বসন্তৰ আগমনৰ লগে লগে লঙঠা হৈ পৰা প্ৰকৃতিৰ বুকু আকৌ ন-,কুঁহিপাতে সজাই তোলে এক অনন্য ৰূপ। ব’হাগে উৰুঙা লাগি থকা মন,  মতলীয়া কৰি , এক অবুজ শিহৰণ জগাই তোলে মন-প্ৰাণত। প্ৰকৃতিৰ ন-ৰূপত সজাই আকৌ কুলি-কেতেকী চৰাইৰ কাকলিত মন উৎফুল্লিত কৰি তোলে। গছৰ ডালত লাগি থকা সেই কপৌফুলপাহে, নাচনীৰ খোপাত মেৰ খাবলৈ উৎফুল্লিত হৈ থাকে। ঢোল , পেঁপাৰ মাতত আকৌ নাচনীৰ গাত নাই ত’ত, দুহাত ৰঙালী কৰি জেতুকাৰ বোলেৰে, মগা ৰিহা পিন্ধি তাই নাচিবলৈ সাজু ঢুলীয়া চেনাই লগত। অতিকৈ চেনেহৰ ৰঙালী বিহটিয়ে এক উখল মাখল পৰিবেশ সৃষ্টি কৰে সকলোৰে মনত। চাৰিওফালে সুগন্ধি বিয়পাই তগৰ, নাহৰ, মদাৰ,শিমলু ফুলে এক অপৰূপ সৌন্দৰ্য্যৰ সৃষ্টি কৰি প্ৰকৃতিৰ আমেজ সুকীয়া কৰি তোলে। নাচনীয়ে আকৌ মৰমৰে চেনাইলৈ সুন্দৰ গামোচাখনি তৈয়াৰ কৰি আশাৰ বাট চাই , চেনাইৰ ডিঙিত আৰিম বুলি। এই বসন্ত পৰশত সকলোৰে মন উতাৱল কৰি তোলে। তাতে আকৌ এই ৰঙালী ৰং ভৰা বিহু সাত দিনীয়া। এই বিহুৰ প্ৰত্যেকৰে এক সুকীয়া নাম আছে। গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জিয়াৰী বিহু বা চেনেহী বিহু, আৰু চেৰা বিহু।  এই সাতটা বিহুকে “সাত বিহু”  বুলি জনা যায়। অতীতৰ পৰাই চ’ত আৰু ব’হাগৰ সংক্ৰান্তি দিনাখন গৰুহালৰ সু-স্বাস্থ্যৰ কামনা কৰি গৰু বিহু পালন কৰা হয়। সেই দিনা গৰুহালক পুৱাই মাহ হালধি সানি গা ধুওৱা হয় আৰু নতুন তৰালী পঘা পিন্ধাই দি গৰুৰ গাত লাও- বেঙেনা,  দীঘলতি -মাখিয়তী পাতেৰে কোবোৱা হয় লগতে ওচৰৰে নৈ বা পুখুৰীলৈ নি একেলগে হৰিধ্বনি দি সমূহীয়াভাৱে গা ধুৱাই আৰু “চাট”ত  লাউ, বেঙেনা, থেকেৰা, তিঁয়হ , কেৰেলা, হালধি আদি গালৈ দলিয়াই দি গোৱা হয় এইদৰে –

“দীঘলতি দীঘল পাত
মাখি মাৰো জাত জাত
লাও খা, বেঙেনা খা,
বছৰে বছৰে বাঢ়ি যা
মাৰে সৰু বাপেৰ সৰু
তই হ’বি বৰ বৰ গৰু।।”
এইদৰে কৰিলে গৰুৰ শ্ৰীবৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। গৰুক গা ধুওৱাৰ পিছত  পথাৰত  চৰিবলৈ এৰি দিয়া হয় আৰু সকলোৱে লাও বেঙেনাৰ চাট বিলাক সলনা-সলনি কৰি ঘৰলৈ আনি ঘৰ বা গোহালিত গুঁজি ৰাখে। সকলোৱে এই দিনাই  একগোট হৈ কণী যুঁজ খেল-খেলে আৰু  নামঘৰলৈ গৈ বছৰটোৰ বাবে মংগল কামনাৰ্থে ভকতৰ আশীৰ্বাদ লয়, আৰু সেই দিনাই গৰুক গা ধুৱাই আহি এশ এবিধ বন শাক খায়। গধূলি গৰু-গাই অহাৰ পিছত পদূলিতে গৃহস্থই গৰুৰ ভৰি ধুৱাই দিয়াৰ লগতে বিচনীৰে বাঁ দয়ে । শুকান খেৰ , টিকনি বৰুৱা , তুঁহ , দীঘলতি  আদিৰে ধোঁৱা দিয়া হয়। এনে কৰিলে বছৰটোলৈ গোহালিৰ ম’হ-মাখি আঁতৰে বুলি বিশ্বাস কৰে।
গাভৰু, জীয়াৰী বোৱাৰীয়ে গৰু বিহুৰ দিনাই গধূলি কাম বন সামৰি সকলোৱে হাতত জেতুকা লয়। জেতুকাৰ ৰঙে মানুহৰ চৰ্মৰোগ প্ৰতিৰোধ কৰে। গৰু বিহুৰ দিনাৰ পৰাই হুচৰি গোৱা হয় প্ৰথমে গাঁৱৰ নামঘৰত  তামোল-পাণ আগবঢ়াই হৰিধ্বনি দি ঘোষা-পদ জোৰে। তাৰ পিছত প্ৰথমে গাঁৱৰ গাঁওবুঢ়া ঘৰত হুচৰি গোৱা হয়।
ব’হাগৰ বিহুৰ পহিলা তাৰিখত ”মানুহ বিহু”। সেই দিনাসনো পৰিয়ালৰ সকলোৱে মাহ-হালধিয়ে গা-পা ধুই নামঘৰত সেৱা লয়  আৰু সৰুৱে ডাঙৰক সেৱা কৰে, ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে।
এইদিনা সকলোৱে  নতুন কাপোৰ পিন্ধে , পৰিয়াল আৰু আত্মীয়-স্বজনৰ ওচৰত আশীৰ্বাদ লয় আৰু একেলগে আনন্দ কৰে। ঘৰে-ঘৰে পিঠা-পনা, লাৰু, সান্দহ আদিৰে পৰিপূৰ্ণ। ইয়াৰ লগত উপহাৰ আদান-প্ৰদান, শুভেচ্ছা বিনিময়, আৰু গামোচা উপহাৰৰ এক বিশেষ পৰম্পৰা আছে।  ৰঙালী বিহুৰ অন্যতম আকর্ষণ হ’ল বিহু নৃত্য আৰু হুঁচৰি । গাভৰুসকলে মেখেলা-চাদৰ আৰু  ডেকাসকলে চুৰিয়া – চোলা পিন্ধি  কান্ধত গামোচা লৈ বিহুগীতৰ তালে-তালে নৃত্য কৰে। আনহাতে, হুঁচৰি দলবোৰে  গাঁৱে-গাঁৱে ঘূৰি গৃহস্থৰ চোতালত
এক সামাজিক ঐক্যৰ প্ৰতীক ডাঙি ধৰে। ৰঙালী বিহুৰ সময়তে আকৌ বিভিন্ন পৰম্পৰাগত খেল-ধেমালি অনুষ্ঠিত হয় । যেনে গৰুৰ যুঁজ, কণী যুঁজ, আৰু বিভিন্ন প্ৰকাৰৰ খেল। এই খেলসমূহে গাঁৱলীয়া সমাজত আনন্দ বৃদ্ধি কৰে আৰু সকলোৰে মাজত সম্প্ৰীতি গঢ়ি তোলে।
বিহুটি আদৰৰ,      বিহুটি সাদৰৰ
বিহুটি আঁচলৰ ধন।
এনোৱা বিহুটি       এৰিব লাগিলে
নেথাকে অসমৰ মান।

         তৃতীয় দিনা গোঁসাই বিহু , সেই দিনা আগৰ দিনত ওচৰতে থকা থান, মন্দিৰ, দেওশাল আদিত বছৰটো মংগলাৰ্থে সেৱা কৰা হৈছিল।
চতুৰ্থ দিনা তাঁত বিহু, সেইদিনা তিৰোতা সকলে নিজৰ  তাঁত শালখন ধুই মোহাৰি ভালকৈ  চাকি বাতি জ্বলায় চপাই ৰাখে।
পঞ্চম দিনা নাঙলৰ বিহু, সেইদিনা খেতিয়ক সকলে নাঙল, যুঁৱলীৰ লগতে কৃষিকৰ্মত ব্যৱহৃত সকলো সজুঁলি ধুই বাটি লয়।
ষষ্ঠ দিনা জীয়ৰী বা চেনেহী বিহু আৰ শেষৰ দিনা অৰ্থাৎ সপ্তম দিনা চেৰা বিহু । এই চেৰা বিহু পাছত সাধাৰণতে সাত বা এঘাৰ দিনা বিহু উৰুওৱা বা বিহু সামৰা হয়।
বসন্তৰ আগমণে প্ৰকৃতিৰ বুকুত এক চঞ্চলয়ৰ সৃষ্টি কৰে।

ৰাজশ্ৰী সেনাপতি গগৈ,
ডিব্ৰুগড়
ফোন নং 6000108876

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.