31.3 C
Guwahati
Thursday, November 20, 2025
More

    শেহতীয়া আপডেটঃ

    ৰঙিয়াত ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে জয়ী হʼল মন্ত্ৰী ভবেশ কলিতা

    ■ চৈয়দ মোস্তাফা আহমেদ, ৰঙিয়াঃ পুৱা ৮ বজাৰ লগে লগে সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়া নিৰ্বাচনী জিলাতো ৫৬ নং কমলপুৰ বিধানসভা সমষ্টি আৰু ৫৭নং ৰঙিয়া বিধানসভা সমষ্টিৰ ভোটগণনা আৰম্ভ হয়।

    প্ৰথমে পোষ্টেল বেলত যোগে প্ৰদান কৰা ভোট গণনাৰ অন্তত ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভবেশ কলিতাই লাভ কৰিবলৈ সক্ষম হয় মুঠ ৮৪,৮৪৪টা ভোট, ইয়াৰ বিপৰীতে কংগ্ৰেছ মহাজোঁটৰ সমৰ্থিত তথা চিপিআই এম দলৰ প্ৰাৰ্থী ডাঃ ভগৱান দেৱ মিশ্ৰই লাভ কৰিছে ৬৪,৬২৪ টা ভোট,আনহাতে ৰাইজৰ দলৰ হৰেশ্বৰ বৰ্মণে লাভ কৰিছে ৩,৫০৫ টা ভোট।

    অজাপৰ ডাঃ বাবুল চহৰীয়াই লাভ কৰিছে ৩,৫৬০ টা ভোট, নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত কলিতাই লাভ কৰিছে ১,২৯০ টা ভোট, চাহাবুদ্দিন আহমেদে লাভ কৰিছে ১,०৯২ টা ভোট আৰু ৰঙিয়াত জে দি ইউ দলৰ তৰফৰ পৰাও বিশ্বজিৎ ব্ৰহ্মই প্ৰাৰ্থীত্ব আগবঢ়াই ৬১১ টা ভোট লাভ কৰে, ইয়াৰোপৰী ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেলৰ প্ৰাৰ্থী পবিত্ৰ বড়োৱে লাভ কৰে ১৩৭১ টা ভোট।

    প্ৰত্যশিতভাবেই এইসকল বহুধাবিভক্ত দল তথা নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰায় ১২ হাজাৰতকৈও অধিক ভোট নিজৰ দখললৈ আনিবলৈ সক্ষম হয়। আচৰ্যজনকভাৱে ১,৯২৫ টা ভোট নোটাত পৰে।

    উল্লেখযোগ্য যে ৰঙিয়া সমষ্টিত ক্ৰমাগতভাৱে দ্বিতীয় বাৰৰ বাবে জয়ী হোৱাৰ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয় মন্ত্ৰী ভবেশ কলিতাই।

    সাংবাদিকৰ সৈতে মুখামুখি হৈ মন্ত্ৰী কলিতাই ৰঙিয়াৰ ৰাইজক ধন্যবাদ জনাই কয় যে, এয়া ৰঙিয়াবাসী ৰাইজে দিয়া মৰম আৰু আশীৰ্বাদ, অনাগত দিনত এয়া বিজয়ে ৰঙিয়াৰ উন্নয়নৰ গতি অধিক তৰান্বিত কৰিব বুলিও মন্তব্য কৰে।

    সাম্প্ৰতিক ক’ভিদ পৰিস্থিতিৰ বাবে ৰঙিয়া মহকুমা প্ৰশাসনে যিহেতু অনাগত ৫ দিনৰ বাবে ১৪৪ ধাৰা জাৰি কৰিছে সেই হেতুকে বিশেষ কোনোধৰণৰ বিজয় উৎসৱ অথবা ৰেলী পালন কৰা দেখা নগʼল।।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds