শেহতীয়া আপডেটঃ

সমালোচক জিতেন চেতিয়াৰ দৃষ্টিত ৰেমী শৰ্মাৰ কাব্যগ্ৰন্থ ‘অগ্নিস্নাতা’ৰ এক পৰ্যালোচনা…

◆ কাব্য পুথি — অগ্নিস্নাতা

কবি — ৰেমী শৰ্মা
ডিচেম্বৰ — ২০২০
মূল্য নিৰ্ধাৰণ কৰা হৈছে এশ টকা
প্ৰতিশ্ৰুতি প্ৰকাশন
হেদায়েৎপুৰ
গুৱাহাটীত মুদ্ৰিত
● কাৰ্বি আংলংৰ নিবাসী “ অগ্নিস্নাতা ” কাব্য সংকলনখনৰ গৰাকী কবি ৰেমী শৰ্মাৰ পিতৃ মাতৃৰ প্ৰতি থকা অপৰিসীম ভালপোৱা স্বীকৃতি স্বৰূপে তেওঁ কাব্য পুথিখন উচৰ্গা কৰি কৈছে —
মোক মানুহ হিচাপে গঢ় দিয়াত তোমালোকৰ প্ৰচেষ্টা আৰু সাধনাই কিমান সফলতা পালে নাজানো কিন্তু সেই কষ্টৰ ঋণ পৰিশোধ কৰাৰ সাহস মোৰ নাই এইয়া মাক দেউতাৰ প্ৰতি কবি নিৰ্মূক্ত স্বীকাৰোক্তি উল্লেখনীয় নমুনা ৷
আকৰ্ষণীয় বেটুপাতেৰে সমৃদ্ধ অগ্নিস্নাতা প্ৰাতঃ কলমত বিশিষ্ট সাহিত্যিক ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাং দেৱৰ শুভেচ্ছা মুলক মন্তব্যই কাব্য পুথিখনৰ গাম্ভীৰ্যতা দুগুণে বৃদ্ধি কৰিছে তেখেতে কাব্য পুথিখনৰ সন্দৰ্ভত কৈছে “ অগ্নিস্নাতা ” কাৰ্বি আলংৰ কেঁচা মাটিত সাৰপাই উঠা কবি ৰেমী শৰ্মাৰ কাব্য চেতনাৰ দীপ্তিময় আলোক ৷ বিশিষ্ট লেখিকা নঞ্জু দত্তয়ো কাব্যগ্ৰন্থ খনিক শুভেচ্ছা বাণী আগবঢ়াই পুথি খনৰ মান বৃদ্ধি কৰে ।
ফেচবুকৰ মজিয়াত অৱলীলাক্ৰমে ভগ্নী সম্পৰ্ক গঢ়ি উঠা কবি ৰেমী শৰ্মাৰ কাব্য চেতনা সচাকৈয়ে প্ৰসংশনীয় ৷ এগৰাকী সমাজ সচেতন কবি হিচাপে ৰেমী শৰ্মাৰ নিজা সৃষ্টিৰ ওপৰত থকা অগাধ বিশ্বাসক সৃষ্টিৰ স্বকীয় শৈলীত প্ৰকাশ কৰি উলিওৱা সমাজ জীৱনৰ প্ৰতি তেওঁৰ ইতিবাচক সহাৰি স্বৰূপ কাব্য পুথি “ অগ্নিস্নাতা ” হাতত পৰা লগেলগে পঢ়িবলৈ আৰম্ভ কৰিলোঁ ৷ আপাততঃ কবিৰ প্ৰতিটো কবিতাৰ চিন্তা উক্তি উপস্থাপনৰ কলাকৌশল জটিল হিচাপে আমাৰ সাধাৰণ দৃষ্টি ধৰা দিলেও কবিতাৰ গভীৰতালৈ সোমাই গলে কিন্তু এই কথাটো বীজগণিতৰ অংকৰ দৰে সৰল হৈ উঠে ৷ তেওঁৰ কবিতাত ধৰা দিয়া প্ৰেম বিৰহ সংঘাত জিজ্ঞাসা সমাজ প্ৰকৃতিৰ আদি সমাহাৰেৰে মুঠ ত্ৰিছটা কবিতাৰ শৈলী উপস্থাপন উপমা প্ৰতীক কল্প চিত্ৰায়ণ ক্ষেত্ৰত নিপুণ হাতৰ পৰশ দেখিবলৈ পোৱা যায় ৷ তেওঁৰ বেচিভাগ কবিতাই বাস্তৱ জীৱনক প্ৰতিফলন ঘটাই সৃষ্টিৰ মৌলিকতা ৰক্ষা কৰিবলৈ সক্ষম হৈছে ৷
“সপোন ভঙাৰ যন্ত্ৰণাত
মই হাজাৰ বাৰ মৰিছোঁ
তথাপিও ভগা সপোনৰ
ফটা মোনাটো কান্ধত লৈ
ক্ৰমাৎ দৌৰিছোঁ –
কবিতা ( সপোন )
জীৱনক ভালপোৱা তাগিদাত কবিসকল এনেকৈ জীয়াই থাকে ভঙা সপোনৰ কোলাত উমলিজামলি তথাপিও কবি দুৰ্ভগীয়া নহয় সমাজৰ জীয়া দস্তাৱেজ কবি ৷ কবিৰ কল্পনা কবিৰ নিজস্ব ভাৱমূৰ্ত্তি কবিৰ জীৱনৰ আচাৰ্যকৰ মুহূৰ্ত বিলাক তথা সমসাময়িক হিচাপে ধৰা দিয়া পাৰিপাৰ্শ্বিক বিষয় হৈছে ( সপোন ) কবিতাটোৰ আভ্যন্তৰীণ বিষয় ইয়াত কবিৰ দৰ্শনবাদ প্ৰযোগ ঘটিছে ৷
“আজি মানুহৰ আদালতত
তোমাৰ অগ্নি পৰীক্ষা হব ঈশ্বৰ
তুমি থকা সৰকা হবা
ডাষ্টবিনৰ টোপোলা খুলি
পেটৰ পোৰণি মৰা
শেঙুন নকা
মানুহ ৰূপী কংকালৰ
প্ৰশ্ন বানত” ৷
কবিতা ( মানুহৰ আদালতত আজি ঈশ্বৰ আচামী )
হৰ্ষ বিষাদ প্ৰেম অনুৰাগ তথা হৃদয়ৰ জটিলতম আবেগিকতাই হৈছে কবিতা ( মানুহৰ আদালতত আজি ঈশ্বৰ আচামী ) মুলতঃ বিষয় ৷ কবি ৰেমী শৰ্মাৰ লক্ষ্য উদ্দেশ্য দৃষ্টি ভংগী কবিতাটোত সংযুক্ত হৈ থাকিলেও তেওঁৰ মন মানসিকতা আবেগ উদ্দীপনা ইমান নিবিড় ভাবে জড়িত হৈ পৰিছে যে কবিতাটোত পোনপটীয়াকৈ কবলৈ হ’লে কবিৰ এইয়া বস্তু নিষ্ঠা সুন্দৰতম প্ৰকাশ ৷
“মোক একুৰা জুই দিয়া
জুবুৰিয়াই জুবুৰিয়াই গা ধুম ৷
এজাক অগ্নি বৃষ্টি হওক
বৰষুণ জাকক আলিকাটি দিম
বৈ যাব এখন জুইৰ নৈ
দীঘল চুলিটাৰি মেলি তাত মই
গা পখালিম
মোৰ সোণবৰনীয়া দেহাটো এঙাৰ হোৱালৈকে পৰি ৰম
নৈ খনৰ বুকুত “
কবিতা ( অগ্নিস্নাতা )
শিৰোনামাত সংপৃক্ত কবিতা “ অগ্নিস্নাতা ” কবিৰ পোনপটীয়া অনুভৱৰ নিবিড়তম প্ৰকাশ ৷ স্ৰষ্টাৰ নিজাববীয়া ধ্যানধাৰণাৰে সিক্ত কলাত্মক প্ৰকাশ “ অগ্নিস্নাতা ” আবেগত লিখা কবিতা কেতিয়াও হব নোৱাৰে কবিৰ কবিতাৰ বিষয়ত বস্তুনিষ্ট প্ৰকাশ ঘটিছে ৷ কবিয়ে দূৰদৰ্শী চিন্তাৰে সুক্ষ্ম ভাৱে তুলি ধৰা কবিতাটোত শব্দৰ যি ৰূপান্তৰ আচলতে এইয়া তেওঁৰ হৃদয়ত দোলা দিয়া অনুভূতি ছন্দ ৰীতিৰ সুসজ্জিত ৰূপ য’ত স্ৰষ্টাৰ মানসিক স্থিতি কবিতাটোত স্পষ্ট ৷ তেওঁৰ আত্মাভিমান আত্মকথা আত্মক্ৰন্দন এইয়া কবিতাৰ মূলত বিষয় হিচাপে পৰিগণিত হৈছে ৷
“সৌৱা আদিতম নৈ খনৰ সিপাৰে
মকৰা জালেৰে আবৃত
এক নতুন যুগৰ
“ ভ্ৰণ ”
অপ্ৰাণ চেষ্টা নৈ পাৰ হোৱাৰ
সদ্যোজাত এটি যুগে খোজ দিছে
নৈ খনৰ বুকুত
অচিন লতিকাৰ মেৰপেছত
সদ্যভূমিষ্ঠ যুগৰ উকমুকনি’ —
কবিতা ( মহাপ্ৰস্থান )
শব্দৰ সুনিপুণ শিল্পী ৰেমী শৰ্মাৰ কবিতাত ভাষাৰ যি গভীৰতা শব্দৰ সুশৃংখলিত প্ৰয়োগ ব্যঞ্জনাময় কাব্যৰসৰ অপূৰ্ব সমাহাৰেৰে সুন্দৰ উপস্থাপনত প্ৰতিটো কবিতা অতি তীক্ষ্ণ হৈ উঠিছে স্বভাবিকতে কবি গৰাকীক দেখিলে তেনে যেন নালাগে সৰলমনা কবি ৰেমী শৰ্মা আচলতে এগৰাকী সাহসী কবি তেখেতৰ কবিতাৰ প্ৰেমাস্পদ তথা বিদ্ৰোহৰ আৱেদনে দেশ জাতি মাটিৰ প্ৰীতি আকুলতা অনুভূতিৰ সুখজনক প্ৰকাশৰ মাজেৰে দেশপ্ৰেমৰ ওপৰত থকা অগাধ বিশ্বাসক নিৰ্ভীক ভাবে প্ৰকাশ কৰি গৈছে প্ৰতিটোৰ কবিতাত ৷

“কবি হোৱাৰ ইচ্ছা এটাও নথকা নহয়
তাহানিতে এঙাৰে মাটিত লিখিছিলো”
কবিতা ( চণ্ডালৰ অনুভৱ )
কাব্য সংকলন খনৰ বেচিভাগ কবিতাই সমাজ জীৱনৰ ধ্বজা বাহক ৰূপে পৰিগণিত হৈছে এইক্ষেত্ৰত কবি ৰেমী শৰ্মাৰ আদৰ্শ গত দিশটোও কবিতাৰ স্তৰে স্তৰে পৰিস্ফুট হৈ উঠাটো স্বাভাৱিক তাৰে প্ৰতিবিম্ব “ চণ্ডালৰ অনুভৱ ” ৷
পৰিশেষত এটা কথা কওঁযে মই কোনো কাব্য সমালোচক নহয় এজন সাধাৰণ পাঠক হিচাপে ৰেমীৰ কবিতা বিলাক মোৰ অতি প্ৰিয় সেয়ে তেখেতৰ এজন শুভাকাংক্ষী পাঠক হিচাপে জনাইছোঁ আন্তৰিক শুভকামনা ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.