শেহতীয়া আপডেটঃ

শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত মিছন বসুন্ধৰা পৰ্টেলৰ ওপৰত প্ৰশিক্ষণ : ২ শতাধিক চি.এচ চি VLE সহায়ক

 

 

মিছন বসুন্ধৰা আঁচনি খন যোৱা ২ অক্টোবৰত শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰে।


আচঁনি খন শুভাৰম্ভ হোৱা পিছতে তৎপৰ হৈছে জিলা জিলাই জিলাই প্ৰশাসনিক বিষয়া সকলক।
তাৰ সমান্তৰালকৈ শোণিতপুৰ জিলা আৰু বিশ্বনাথ জিলাও তৎপৰ হোৱা পৰিলক্ষিত হৈছে।

এই আঁচনি খনৰ বিষয়ে চৰকাৰে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা লক্ষ্যৰে বিভিন্ন স্থানত সজাগতা আৰম্ভ কৰিছে।
ইফালে উক্ত মিছন বসুন্ধৰা পৰ্টেলটো জৰিয়তে সৰ্বসাধাৰণ সুবিধা হোৱাকৈ ৰাইজক সহায় কৰিবলৈ বুধবাৰে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত শোণিতপুৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত এক বিশেষ প্ৰশিক্ষণ অনুষ্ঠিত হৈ যায়।

শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ ২শতাধিক চি এচ চি (CSC- VLE) কেন্দ্ৰ সমূহৰ সহায়ক সকলক এই বিশেষ প্ৰশিক্ষণ প্ৰদান কৰে শোণিতপুৰ জিলা প্ৰশাসনে ।

উক্ত প্ৰশিক্ষণত উপস্থিত থকা তেজপুৰ চক্ৰ বিষয়া পংকজ বৰাই বসুন্ধৰা মিছন জৰিয়তে কি দৰে ৰাইজক চি এচ চি কেন্দ্ৰ সহায়ক সকলে সহায় কৰিব পাৰিব তাৰ ওপৰত বক্তব্য প্ৰদান কৰি কয়
তেজপুৰ চক্ৰ বিষয়া পংকজ বৰাই সাধাৰণ জনতাই বসুন্ধৰা মিছন পৰ্টেলটো জৰিয়তে মাটি-বাৰী কাম কৰিব পাৰিব ঘৰৰ পৰাই যাৰ বাবে এই ক্ষেত্ৰত সহযোগিতা প্ৰয়োজন অঞ্চলটো চি এচ চি কেন্দ্ৰ সহায়ক সকলৰ।
দুষ্ট চক্ৰ পৰা সাধাৰণ জনতাক আতৰাই আনিবলৈ আৰু সাধাৰণ দৰিদ্ৰ জনতাই ঘৰৰ পৰাই নিজৰ মাটিৰ বাৰী কাম কাজ কৰিবলৈ অসম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ই অতি সুন্দৰ এখন আচঁনি হাতত লোৱা কথা কয় এই আচঁনি আমি সফল কৰা সহায় কৰিব লাগিব বুলি প্ৰকাশ কৰে।


আনহাতে বিষয়া গৰাকীয়ে ২ শতাধিক চি এচ চি কেন্দ্ৰ সহায়ক।

আঁচনিখনৰ ওপৰত বিশ্লেষণ কৰি ৰাজহচক্ৰ বিষয়া গৰাকীয়ে প্ৰকাশ কৰে মাটি-বাৰী ক্ষেত্ৰৰ যিকোনো বিষয় কাৰ্যালয়লৈ নহাকৈ থলিতে নিষ্পত্তি কৰাৰ বাবে অসম চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে। এই আচঁনিৰ জৰিয়তে কোনোধৰণৰ জটিলতা নথকাকৈয়ে মাটিৰ গৰাকীয়ে সুবিধা গ্ৰহণ কৰিব। তাৰ ভিতৰত- উত্তৰাধিকাৰী সূত্ৰে নামজাৰি, দলীল সূত্ৰে নামজাৰি, বিবাদ মুক্ত বাটোৱাৰা, একচনা পট্টা ম্যাদী কৰণ, মাটিৰ শ্ৰেণীৰ পৰিবৰ্তন, ৰাজহ নথিৰ পৰা দখল, স্বত্বহীন পট্টাদাৰৰ নামকৰ্তন, আৱণ্টিত মাটি ম্যাদী কৰণ, ভূমি নথিৰ সংশোধন, ভূমি নথিত পট্টাদাৰৰ মোবাই নম্বৰ অন্তৰ্ভুক্ত আদি বিষয় সন্নিৱিষ্ট হৈছে। এই ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা সৃষ্টি নহ’লে আঁচনিখন ফলপ্ৰসূ নহ’ব তাৰ বাবে ৰাইজৰ মাজত এক সজাগতা সৃষ্টিৰ কৰিবলৈ আহ্বান জনাই চি. এচ চি (CSC) সকলক।প্ৰশিক্ষণ কালত উপস্থিত থাকে শোণিতপুৰ জিলা
অতিৰিক্ত উপায়ুক্ত দুটিভা বৰা,
অতিৰিক্ত উপায়ুক্ত বান্তি তালুকদাৰ,
অতিৰিক্ত উপায়ুক্ত ৰুমি বৰুৱা,
সহকাৰী আয়ুক্ত কবিয়াশ্ৰী দীহিংগিয়া,
সহকাৰী আয়ুক্ত কবিতা ফাংচু লগতে শোণিতপুৰ জিলা চি এচ চি (CSC) জিলা তত্বাৱধায়ক দিপাংকৰ তামুলীকে ধৰি জিলা খনৰ কেইবাজনো বিষয়া উপস্থিত থাকে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.