▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে ৬৯ গৰাকী ব্যক্তিক ‘পদ্মভূষণ’ সন্মানেৰে বিভূষিত কৰে। সন্মান প্ৰদান অনুষ্ঠানত ৩ গৰাকী ব্যক্তিক পদ্ম বিভূষণ, ৯ গৰাকীক পদ্ম ভূষণ আৰু ৫৭ গৰাকীক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হয়।
▶️ অসমৰ যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হয়। নৃত্যাচার্য যতীন গোস্বামীয়ে সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা গোস্বামীক ২০০৮ চনত কেন্দ্ৰীয় চৰকাৰে পদ্মশ্ৰী সন্মান আগবঢ়াইছিল।
▶️ ২০১৯ চনত সংগীত নাটক একাডেমীয়ে ২০১৮ চনত একাডেমীৰ সৰ্বোচ্চ সন্মান, ‘সংগীত নাটক একাডেমী ফেল’শ্বিপ’ প্রদান কৰিছিল। পণ্ডিত ড০ মহেশ্বৰ নেওগ আৰু ড০ ভূপেন হাজৰিকাৰ পাছত সংগীত ৰত্ন সন্মান লাভ কৰা নৃত্যাচার্য যতীন গোস্বামী হৈছে তৃতীয়গৰাকী অসমীয়া।
Leave a Reply