শেহতীয়া আপডেটঃ

যন্ত্ৰণাকাতৰ ঘগ্ৰাপাৰ-দামোদৰ ধাম পথে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণক

তিনি বছৰতো সম্পূৰ্ণ নহল ঘগ্ৰাপাৰ চ'কৰ নলা নিৰ্মাণৰ কাম

● গৌতম কনষ্ট্ৰাকছন হেমাহিত হাজাৰ হাজাৰ পথচাৰীয়ে ভুগিছে যমৰ যাতনা-শীঘ্ৰে সুচল যাতায়তৰ ব‍্যৱস্থা কৰাৰ দাবী-যুৱ ছাত্র পৰিষদৰ

যাতনাৰ যেন অন্য এক স্হলী হৈ পৰিছে নলবাৰীৰ ঘগ্ৰাপাৰ -দামোদৰ ধাম সংয়োগী (ঘগ্ৰাপাৰ কলেজ ৰোড্)। বিগত ৩ বছৰে দক্ষিণ পূৱ প্ৰান্তৰ সমগ্ৰ বনভাগ-বৰভাগ বাসীয়ে চলাচলৰ ক্ষেত্ৰত ভুগি আহিছে নৰক যন্ত্ৰণা। অভিযোগ অনুসৰি ঠিকাদাৰৰ হেমাহিৰ বাবে নিতৌ হাজাৰ হাজাৰ পথচাৰীয়ে এক যন্ত্ৰণাৰ মাজেৰে নিতৌ অহা যোৱা কৰিব লগা হৈছে।

‘ডাবল ইঞ্জিন ‘ চৰকাৰৰ দিনতো কেইকিলোমিটাৰ মান পথ নিৰ্মাণৰ বাবে তিনি বছৰতো সম্পূৰ্ণ নোহোৱা ঘটনাই ৰাইজৰ চকু কপালত তুলিছে। উল্লেখযোগ্য যে ২০১৯ চনত ২৭ জানুৱাৰীত নলবাৰীমেডিকেল কলেজ প্ৰবেশ কৰা গুৰুত্বপূৰ্ণ পথটো বহল কৰাৰ বাবে আচনি গ্ৰহণ কৰিয়ে তদানীন্তন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে নলবাৰী মেডিকেল কলেজৰ আধাৰশিলা কৰাৰ দিয়াই ঘগ্ৰাপাৰৰ-দক্ষিণগাঁৱত ই কামৰ শুভাৰম্ভ কৰে। পূৰ্বৰ পথটো বহল, দক্ষিণ ঘগ্ৰাপাৰ চ’কৰ দুয়োকাষত নলা, কেবাখনো দলং নিৰ্মাণ ৰ বাবে ধন ধাৰ্য কৰে প্ৰায় কেবাকোটিৰ অধিক ধন। ইফালে কামৰ দায়িত্ব লাভ কৰে গৌতম কনষ্ট্ৰাকছন নামৰ সংস্থাটোৱে।দুখৰ বিষয় এইটোৱেই যে কামখিনি আজি তিনি বছৰতো সম্পূৰ্ণ নহ’ল।

ফলত বনভাগ-বৰভাগবাসীয়ে নিতৌ অহা যোৱা কৰা শ শ শ্ৰমিক, কৰ্মচাৰী, ছাত্ৰ, তথা সাধাৰণ পথচাৰীৰ লগতে যান- বাহনৰ চলাচলত ব্যাপক সমস্যাৰ সমুখীন হৈছে। শেহতীয়াভাৱে এজাক বৰষুণতে পথছোৱাৰ দক্ষিণ ঘগ্ৰাপাৰ বজাৰ চ’কৰ পৰা ঘগ্ৰাপাৰ হাইস্কুলৰ কাষলৈ বোকা-পানী একাকাৰ সৃষ্টি হৈ পৰিবেশ বিনষ্ট কৰিছে বুলি ৰাজহুৱা অভিয়োগ উখাপিত হৈছে। ফলত জনজীৱন বিধ্বস্ত হৈছে ।জানি আচৰিত হব, তিনিটা বছৰে ওচৰতে থকা দক্ষিণ ঘগ্ৰাপাৰ চ’কৰ ব‍্যৱসায়ী- স্থানীয় বাসিন্দাসকলে ধুলি -বোকাৰ লগত সহাৱস্থান কৰিব লগা হৈছে।

অভিযোগ অনুসৰি ধুলিময় হলেও নিয়ম মতে পানী চটিয়াই চলাচলৰ উপযোগী কৰিব লাগে, এই কামখিনিও ঠিকাদাৰে সম্পন্ন কৰাটো দুৰৰৈ কথা-শেহতীয়াভাৱে দক্ষিণ ঘগ্ৰাপাৰ চ’ক এজাক বৰষুণ দিলে বানপানী সদৃশ পৰিৱেশৰ সৃষ্টি হোৱাৰ পিছতো ইয়াৰ পানীখিনি নলাৰে উলিয়াই দিয়া ব‍্যৱস্থাও গ্ৰহণ নকৰা বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।

গৌতম কনষ্ট্ৰাকছন লেহেমীয়া-নিম্বমানৰ কামৰ বিৰুদ্ধে ইতিমধ্যে দল-সংগঠনে কেবাবাৰো অভিয়োগ তুলি অহা সময়তে পুনৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ সভাপতি আনোৱাৰ হুছেইন আৰু সাধাৰণ সম্পাদক নৱজ‍্যোতি কলিতাই ঘগ্ৰাপাৰ-দামোদৰ ধাম গড়কাপ্টানী পথৰ লেহেমীয়া কামৰ লগতে দক্ষিণ ঘগ্ৰাপাৰ চ’কত সম্প্ৰতি সৃষ্টি হোৱা কৃত্ৰিম বানপানী সদৃশ পৰিৱেশ শীঘ্ৰে আঁতৰাবলৈ চৰকাৰ আৰু নলবাৰী জিলা উপায়ুক্তক দাবী জনাইছে।অন্যথা আগন্তুক দিনত অঞ্চলটোৰ ৰাইজৰ সহায়োগত গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসুচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে।

উল্লেখযোগ্য যে নলবাৰী মেডিকেল কলেজ প্ৰৱেশ কৰা মুলপথ ঘগ্ৰাপাৰ -দামোদৰ ধাম পথৰ লেহেমীয়া নিৰ্মাণৰ ফলত চলাচল তথা যাতায়ত ব্যৱস্থা স্তব্ধ হৈ পৰিছে । এনেদৰে গৌতম কনষ্ট্ৰাকছনৰ লেহেমীয়া কাম কাজে ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.