শেহতীয়া আপডেটঃ

মুক্তিযোদ্ধা মোলান চন্দ্ৰ শৰ্মা সোঁৱৰণী সাংবাদিকতা বটাঁ প্ৰদান হাইলাকান্দিৰ সাংবাদিক অমিত ৰঞ্জন দাসক

বিহালী প্ৰেছ ক্লাৱৰ বৰ্ষযোৰা ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান সম্পন্ন•••
◼️ এইবাৰ মুক্তিযোদ্ধা মোলান চন্দ্ৰ শৰ্মা সোঁৱৰণী সাংবাদিকতা বটাঁ প্ৰদান হাইলাকান্দিৰ সাংবাদিক অমিত ৰঞ্জন দাসক /অনুষ্ঠানৰ বিশিষ্ট অতিথি যাদৱ চন্দ্ৰ শৰ্মা

বিহালী: ২৬ এপ্ৰিল:
◼️ আজি বিহালী স্নাতক মহাবিদ্যালয়ৰ সভাগৃহত বিহালী প্ৰেছ ক্লাবৰ বৰ্ষজোৰা ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ সফল সামৰণি পৰে৷


১৯৯৫ চনৰ ১ জানুৱাৰীত গঠন হোৱা বিহালী প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী কাৰ্যসূচী আজি সামৰণি পৰে। বিহালী স্নাতক মহাবিদ্যালয়ৰ সভাগৃহত, মহাবিদ্যালয়খনৰ অধ্যক্ষ জীৱন চন্দ্ৰ নাথে উদ্ধোধন কৰা অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ-সভাপতি মৃনালিনী শৰ্মাই মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে ৷

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, নিৰ্দিষ্ট বক্তা হিচাপে অসম বাৰ্তাজীৱি সংঘৰ ৰাজ্যিক সভাপতি টুটুমনি ফুকনকে ধৰি বহুকেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকে ৷ পুৱা গছপুলি ৰোপণ কৰে ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ কুমাৰ শৰ্মাই । ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে বিহালী প্ৰেছ ক্লাৱৰ সভাপতি দীপক শৰ্মাই৷


আনহাতে বিহালী প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা কালৰ সভাপতি প্ৰদীপ কুমাৰ শৰ্মা, সম্পাদক তথা শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱা প্ৰমুখ্যে বৰ্তমানলৈকে সভাপতি-সম্পাদকৰ পদ অলংকৃত কৰা ৭ গৰাকী ব্যক্তিক একোখন গামোছা আৰু এক স্মাৰকসহ সম্বৰ্দ্ধনা জনোৱা হয়৷
নৃত্য-গীতেৰে অনুষ্ঠানভাগ জীপাল কৰি তোলে বিহালী স্নাতক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে৷
উল্লেখ্য যে- বিহালী প্ৰেছ ক্লাৱে এইবৰ্ষৰ পৰা আগবঢ়োৱা-“মুক্তিযোদ্ধা মোলান চন্দ্ৰ শৰ্মা সোঁৱৰণী সাংবাদিকতা বটাঁ” প্ৰথমবাৰলৈ আগবঢ়োৱা হয় হাইলাকান্দিৰ সাংবাদিক অমিত ৰঞ্জন দাসক৷


নিজৰ ভাষন প্ৰসংগত বঁ‌টা প্ৰাপক দাসে বিহালী প্ৰেছ ক্লাৱে স্বাধীনতা সংগ্ৰামীৰ নামত সাংবাদিকতা বঁ‌টা প্ৰদান কৰা আৰু অসমৰ বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ সাংবাদিক সকলক একেখন মঞ্চত ধৰি ৰখাৰ যি প্ৰচেষ্টা হাতত লৈছে তাৰ শলাগ লয় ।
অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে বিশ্বনাথৰ মহকুমাধিপতি বিশ্বজিৎ শইকীয়া, বিশ্বনাথৰ আৰক্ষী অধীক্ষক নবীন সিং, অসম সাহি

ত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হিৰণ্য হাজৰিকা, আপকুৰ উপসভাপতি হেমন্ত শইকীয়া, বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ সম্পাদক ৰতন ভূঞা, বিশ্বনাথ জিলা বাৰ্তাজীৱি সংঘৰ সভাপতি নগেন শইকীয়া আদিয়ে অংশগ্ৰহণ কৰে ।


দিগন্ত কুমাৰ দাসৰ সম্পাদনাত প্ৰকাশিত বিহালী প্ৰেছ ক্লাৱৰ মুখপত্ৰ ‘সংবাদ আৰু সাংবাদিক’ উন্মোচন কৰে ৰঙিয়া মহকুমাৰ তথ্য আৰু জনসংযোগ বিষয়া তথা বিশ্বনাথৰ প্ৰাক্তন তথ্য আৰু জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰাই ।

আজিৰ অনুষ্ঠান পৰিচালনা কৰে সম্পাদক খগেন মটক, উপসভাপতি দিগন্ত শইকীয়া আৰু জ্যে সদস্য বীৰেন্দ্ৰ নাথ গোস্বামীয়ে । সহযোগিতা আগবঢ়ায় শ্ৰীমন্ত দাস, ত্ৰিদীৱ দাস, মহেন্দ্ৰ প’গাগ, অম্লান কাশ্যপ সাহা, ৰোহিণী কৌড়িণ্য আদিয়ে

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.