31.3 C
Guwahati
Wednesday, November 19, 2025
More

    শেহতীয়া আপডেটঃ

    মুক্তি পালে মংগল নায়কৰ চুটি ছবি “ধোঁৱা”

    মুক্তি পালে
    মংগল নায়কৰ চুটি ছবি “ধোঁৱা”


    অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ৩ জানুৱাৰী ঃ

    অলপতে মুক্তি লাভ কৰিলে আদিবাসী চাহ জনগোষ্ঠীৰ চুটি ছবি “ধোঁৱা” ৷ জনপ্ৰিয় অভিনেতা/পৰিচালক মংগল নায়কে এক ব্যক্তিক্ৰমধৰ্মী সমাজ সচেতনমুলক “ধোৱা” নামৰ চুটি ছবি এখন নিৰ্মাণ কৰি উলিয়াই ৷ “মংগল নায়ক অসম” নামৰ ইউটিউব চেনেলত মুক্তি লাভ কৰা “ধোৱা” ছবিখন মুখ্যতঃ মদ নিবাৰণৰ আধাৰত নিৰ্মাণ কৰা হৈছে ৷

    মদে বৰ্তমান সমাজখনক কেনেদৰে পংগু কৰে ; ছবিখনত সুন্দৰকৈ পৰিস্ফুট কৰা হৈছে ৷

    অসমৰ বিভিন্ন অঞ্চলৰ লোকেচনত চিত্ৰগ্ৰহন কৰা ধোঁৱা ছবিখনৰ কাহিনী/সংলাপ আৰু চিত্ৰনাট্য মংগল নায়কৰ ৷ ছবিখনৰ পৰিচালনাও কৰিছে মংগল নায়কে ৷

    চিত্ৰ গ্ৰহন অনুপ পাতৰৰ ৷ ছবিখনত অভিনয় কৰিছে ক্ৰমে মংগল নায়ক , শেৱালি ভুমিজ , জাইনুদ্দিন , ৰঞ্জিত ৰাজোৱাৰ , লীলা বৰা , ৰুমী গড় , উজালা কে চাংমা , নীলাক্ষি নায়ক , চাহজাহান আলী , পৱিত্ৰ ভুমিজ , অজিত টুটি , গোলচন গোৱালা , চাহজাহান লস্কৰ , অমৰনাথ মুৰ্মু , জীতেন নায়কৰ লগতে বহু নবীন প্ৰবীন শিল্পীয়ে ৷

    ছবিখনৰ সহপৰিচালনা অতুল ভুমিজৰ ৷

    ইতিমধ্যে মুক্তি লাভ কৰা ছবিখন “মংগল নায়ক অসম” নামৰ ইউটিউব চেনেলত উপলব্ধ হব ৷ সমুহ ৰাইজক উক্ত চেনেলটিক Subscribe , Like , Comment আৰু share কৰি সকলোকে উপভোগ কৰাৰ আহ্বান জনাইছে ছবিখনৰ পৰিচালক মংগল নায়কে ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds