শেহতীয়া আপডেটঃ

বেচৰকাৰী সংস্থা ‘হিউমেন পাৱাৰ ফাউণ্ডেচন’ৰ দশম বৰ্ষপূৰ্তি উদযাপন

  • ৩ জন আগ্ৰহী ছাত্ৰক বিনামূলীয়াকৈ বক্সিং প্ৰশিক্ষণৰ ব্যৱস্থা
  • জ্যেষ্ঠ ভিডিঅ’ জাৰ্ণেলিষ্ট চানু চলমানক সম্বৰ্ধনা

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰীঃ মানৱ সেৱাৰ লক্ষ্যৰে গঠিত গুৱাহাটীৰ বেচৰকাৰী সংস্থা হিউমেন পাৱাৰ ফাউণ্ডেচনে গৌৰৱোজ্জল দশম বৰ্ষ সম্পূৰ্ণ কৰিলে। এই উপলক্ষে দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত অনুষ্ঠানত ফাউণ্ডেচনৰ দ্বাৰা বাচনি কৰা তিনিগৰাকী আগ্ৰহী অথচ সমাজৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰক বক্সিং প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিয়াৰ বিষয়টো প্ৰকাশ কৰা হয়। এই ছাত্ৰকেইজনক বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰিবলৈ উলুবাৰী বক্সিং ক্লাবে দায়িত্ব গ্ৰহণ কৰাত ফাউণ্ডেচনৰ বিষয়ববীয়াসকলে কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত শিশু তিনিজন আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যক চিনাকি কৰাই দিয়া হয়। ফাউণ্ডেচনৰ তৰফৰ পৰা বাচনি কৰা ল’ৰা কেইজন হ’ল
১ । সমীৰণ বৰা, পিতা প্ৰফুল্ল বৰা
২ । গৌৰৱ মণ্ডল, মাতৃ পম্পী মণ্ডল
৩ । মাধুৰ্য দাস, পিতা প্ৰয়াত মঞ্জিল দাস


বক্সিং প্ৰশিক্ষণ গ্ৰহণৰ বাবে প্ৰয়োজনীয় পোচাক, জোতা, বেগ আদি ফাউণ্ডেচনৰ তৰফৰ পৰা প্ৰদান কৰা হয়। তদুপৰি,আজিৰ অনুষ্ঠানতে নিজৰ দুয়োটা সন্তানক ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হিচাপে গঢ়ি তোলাৰ বাবে অসমৰ সংবাদক্ষেত্রত প্ৰায় তিনিটা দশকজুৰি সেৱা আগবঢ়োৱা “জ্যেষ্ঠ ভিডিঅ’ জাৰ্ণেলিষ্ট” চানু চলমানক সম্বৰ্ধনা জনোৱা হয়।


নমিতা গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটিত সভাপতিত্ব কৰে নন্দিনী বৰকাকতিয়ে। আৰম্ভণিতে সম্পাদিকা অঞ্জনা দাসে ফাউণ্ডেচনৰ বিগত কাৰ্যকালত গ্ৰহণ কৰা মানৱ কল্যাণ মূলক কাম-কাজৰ তালিকা দাঙি ধৰি কয় যে এটা দশকৰ এই কাৰ্যসূচী গুৱাহাটীৰ পৰা মাজুলীলৈকে বিস্তৃত। শেষতীয়াভাৱে, চলিত বৰ্ষৰ জানুৱাৰীৰ প্ৰথম সপ্তাহত ফাউণ্ডেচনৰ তৰফৰ পৰা অসম-মেঘালয়ৰ সীমামূৰীয়া গড়ভাংগাত অৱস্থিত পাৰিজাত একাডেমীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সাজ-পোছাক বিতৰণৰ লগতে যোগাভ্যাস কৰোৱা হয়। অনুষ্ঠানৰ অন্তত কেক কাটি গৌৰৱোজ্জল দশম বৰ্ষপূতি উদযাপন কৰে “হিউমেন পাৱাৰ ফাউণ্ডেচন”ৰ বিষয়-ববীয়াসকলে।

উল্লেখ্য যে,অনুষ্ঠানত “হিউমেন পাৱাৰ ফাউণ্ডেচন”ৰ উপদেষ্টা ৰাজীৱ প্ৰকাশ বৰুৱা, সভানেত্ৰী বিদ্যা ইংতি, জ্যেষ্ঠ সাংবাদিক উদয় বৰগোহাঁই, প্ৰত্নতাত্ত্বিক সঞ্চালকালয় অসমৰ উপ-সঞ্চালক ড০ নৱজিৎ দেউৰী, কন্ঠশিল্পী তথা অভিনেতা চন্দন গোস্বামী, নাট্যকাৰ তথা লেখক লটিফউদ্দিন আহমেদ, উলুবাৰী বক্সিং ক্লাবৰ সভাপতি মণিকা বড়ো,স ম্পাদক ৰাজীৱ বড়ো, প্ৰশিক্ষক প্ৰাণজিৎ দত্তকে ধৰি বহু শুভাকাংশী উপস্থিত থাকে। উল্লেখ্য যে, ফাউণ্ডেচনৰ কাম-কাজত আকৰ্ষিত হৈ শেহতীয়াকৈ সমাজৰ বিভিন্ন ক্ষেত্রৰ লোক ইয়াৰ সৈতে জড়িত হৈছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.