31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    বছৰৰ প্ৰথমটো বানত শিৱসাগৰ বকতাত কুৰিখনতকৈ অধিক গাঁও জলমগ্ন

    বাঢ়নি পানীয়ে সমগ্ৰ অঞ্চলটোৰ খেতিপথাৰ জলমগ্ন কৰাৰ উপৰি শালি খেতিৰ কঠীয়া ডুবি যোৱাৰ উপৰিও বহুকেইটা বাটপথৰ বহিঃজগতৰ সৈতে যোগাযোগ বিচিন্ন হৈ পৰিছে৷

    ♦ শিৱসাগৰ জিলাৰ বকতাত দিচাং আৰু দিৰৈ নদীৰ ওভতনি বানে পশ্চিম বকতাৰ কুৰিখনতকৈ অধিক গাঁও জলমগ্ন কৰিছে। আজি কেইবাদিনো ধৰি বিভিন্ন অঞ্চল পানীৰ তলত। বানত আক্ৰান্ত গাঁওসমূহ খামুন, খনিকৰ, ইকৰাতলি, ২ নং কোঁৱৰ, দিৰৈ কিনাৰ কৈৱৰ্ত, ফেকেলানি, মাহখোৱাবাৰী, হলঙনি, দেউৰিটিং গ্ৰান্ট, বৰপিয়ালহাবি, চিকাৰীচুক, কালিথান, পতিয়া, দিহিঙীয়া, চানবাচা, চৰালপথাৰ, চাংমাইবাৰী, বেতবৰীয়াচুক আদি। বাঢ়নি পানীয়ে সমগ্ৰ অঞ্চলটোৰ খেতিপথাৰ জলমগ্ন কৰাৰ উপৰি শালি খেতিৰ কঠীয়া ডুবি যোৱাৰ উপৰিও বহুকেইটা বাটপথৰ বহিঃজগতৰ সৈতে যোগাযোগ বিচিন্ন হৈ পৰিছে৷ ক্ৰমান্বয়ে দিচাং নদী শুকাইছে যদিও দিৰৈ নদীৰ ওভতনি পানীয়ে তিনি চাৰি দিনৰ ভিতৰত সমগ্ৰ অঞ্চলটো ন ন স্থানলৈ পানী সোমাই সমগ্ৰ পশ্চিম বকতা অঞ্চলটো মহাসাগৰলৈ হে যেন পৰিনত হৈ পৰিছে৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds