31.3 C
Guwahati
Thursday, October 23, 2025
More

    শেহতীয়া আপডেটঃ

    পুত্ৰৰ চিকিৎসাৰ বাবে পিতৃ -মাতৃৰ সহায়ৰ ভিক্ষা মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কৰি অৱশেষত ভাগৰি পৰিল

    পুত্ৰৰ চিকিৎসাৰ বাবে পিতৃ -মাতৃৰ সহায়ৰ ভিক্ষা মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কৰি অৱশেষত ভাগৰি পৰিল

    আৰ্থিক দৈন‍্যতাৰ বাবে ঘগ্ৰাপাৰৰ-বিলপাৰ গাওঁৰ দুয়োটা বৃক্ক বিকল হোৱা যুৱক ৰতন ডেকাৰ মৃত্যু

    নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিলপাৰ গাঁৱৰ ধনী ডেকা আৰু কনিকা ডেকাৰ একমাত্ৰ পুত্ৰ সন্তান ২১ বছৰীয়া যুৱক ৰতন ডেকাৰ উন্নীত চিকিৎসাৰ বাবে মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সহায়ৰ হাত বিচাৰিছে পিতৃ -মাতৃ তথা গাঁওবাসীয়ে অৱশেষত ভাগৰি পৰিল।

    জানিব পৰা মতে আজি ৰাতিপুৱা ৰতনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত সন্ধিয়া ভাগত ৰতন ডেকাক ৰঙিয়াৰ এখন ব‍্যাক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও সন্ধিয়াভাগত তাতে তেওঁৰ মৃত্যু হয়।

    উল্লেখ‍্য যে ৰতন ডেকাৰ দুয়োটা বৃক্কই বিকল বুলি চিকিৎসকে জনোৱাৰ পিছত পৰিয়ালটোৰ লগতে গাঁওবাসীয়ে কান্দোনত ভাগি পৰিছে।পিতৃ শাৰীৰিক ভাবে অসুস্থ কাৰণে ৰতন ডেকাই পিতৃ মাতৃৰ বাবে দুবেলাৰ ভাতমুঠি যোগাৰ কৰিবলৈ ৰঙিয়াৰ এখন কিতাপ তথা বাতৰি কাকতৰ দোকানত কাম কৰি কোনোমতে চলি আছিল।কিছুদিন পুৰ্বে হঠাৎ ৰতন লাহে লাহে শৰীৰিক ভাবে অসুস্থ হৈ পৰাত পৰিয়ালে চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত ৰতনৰ দুয়োটা বৃক্কই বিকল হোৱা বুলি ডাক্তৰে জনোৱাৰ পিছত পৰিয়ালটোৰ লগতে ৰতনৰ জীৱনলৈ ঘোৰ অমানিশা নামি আহে।
    পিতৃ-মাতৃয়ে আনৰ পৰা ধন ধাৰত লৈ বিভিন্নখন চিকিৎসালয়ৰ লগতে গুৱাহাটী মেডিকেল কলেজ হাস্পাতালতো চিকিৎসা কৰিলে যদিও ধনৰ অভাৱত উন্নত চিকিৎসাৰ পৰা থমকি ৰৱ লগা হয়। উল্লেখ‍্য যে চিকিৎসকে ৰতনৰ চিকিৎসাৰ বাবে ৩০/৩৫ লাখ টকাৰ প্ৰয়োজন বুলি কোৱাত উপায়ন্তৰ হৈ পিতৃ মাতৃৰ লগতে গাঁওবাসীয়ে অসম চৰকাৰ তথা মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সহায়ৰ আহ্বান জনোৱাৰ লগতে নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ নলবাৰী সেৱা কেন্দ্ৰত সহায় বিচাৰি আবেদন-নিবেদন কৰিছিল যদিও কোনো সুফল নাপালে বুলি জানিব পৰা গৈছে।উল্লেখ‍্য যে ৰাজ‍্য চৰকাৰে দুখীয়া দৰিদ্ৰ লোকৰ বাবে কেইবাখনো অভিলাষী আঁচনি গ্ৰহণ কৰা বুলি সভা-সমিতিয়ে ঢাক-ঢোল বজাই আহিছে যদিও ৰতনৰ দৰে এনেকুৱা দাৰিদ্ৰ যূৱকৰ ক্ষেত্ৰত কোনো এখন চৰকাৰী আঁচনিয়ে কিয় ঢুকি নাপালে বুলি ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যূৱ ছাত্ৰ পৰিষদ,ঘগ্ৰাপাৰ আঞ্চলিক সমিতিকে ধৰি পৰিয়ালয়ে ক্ষোভ প্ৰকাশ কৰিছে।

    নলবাৰীৰ ফইজুল হক চৌধুৰী

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds