#Asom_Khobor কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ কৰ’না মহামাৰীৰ সংহাৰ অব্যাহত থকাৰ সময়তে ৰাজ্যবাসীৰ সমুখত থিয় দিছে আন এক সাম্ভাৱ্য বিপদে৷ হয় , ক’ব খোজা হৈছে ৰাজ্যখনত বাৰিষা কালত দেখা দিয়া মাৰাত্মক এবিধ জ্বৰৰ কথা৷ নাম যাৰ জাপানীজ এনকেফ্লাইটিছ৷ স্বাস্থ্য বিভাগে প্ৰচাৰ কৰা অনুসৰি এই ৰোগৰ লক্ষণ সমূহ হৈছে অতিপাত জ্বৰ, মূৰৰ বিষ, মানসিক অস্থিৰতা, ভ্ৰম আৰু সংঞ্জাহীনতা, বমি ভাব, শৰীৰৰ কঁপনি আৰু আংশিক পক্ষাঘাতৰ লক্ষণ৷ এই জ্বৰত আক্ৰান্ত হৈ প্ৰতি বছৰে ৰাজ্যখনত প্ৰাণ হেৰুৱায় বহু লোকে৷ পুণঃ সমাগত বাৰিষা৷ ৰাজ্যবাসীৰ বাবে যেন আন এক বিপদৰ আগজাননী৷ সেয়ে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জাপানীজ এনকেফ্লাইটিছক প্ৰতিহত কৰাৰ বাবে আগতীয়াকৈ গ্ৰহণ কৰিছে কেতবোৰ সাৱধানতা৷ স্বাস্থ্য বিভাগে চহৰে নগৰে আৰম্ভ কৰিছে ধোঁৱা দিয়া অভিযান৷ এই অভিযানৰ অংশ হিচাপে আজি গোৱালপাৰা জিলাৰ কৃষ্ণাইতো স্ম’ক গানেৰে ধোঁৱা দিয়েে স্বাস্থ্য বিভাগে৷ কৃষ্ণাই গাঁও পঞ্চায়তৰ জৰিয়তে ৰূপায়ণ কৰা এই ধোঁৱা দিয়া অভিযানে সমগ্ৰ কৃষ্ণাই বজাৰকে সামৰি লোৱা পৰিলক্ষিত হৈছে৷
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations



