শেহতীয়া আপডেটঃ

চিন্তা জাগ্ৰত কৰা এখন প্ৰৱন্ধ সংকলন : ‘মনস্তাত্ত্বিক দৃষ্টিকোণ’

গ্ৰন্থখনত অন্তৰ্ভুক্ত প্ৰৱন্ধসমূহে মানুহৰ মন, আচৰণ আৰু সামাজিক আন্তঃসম্পৰ্কৰ গোপন স্তৰসমূহ উন্মোচন কৰিব।

ড° বুলজিৎ বুঢ়াগোহাঁই

‘মনস্তাত্ত্বিক দৃষ্টিকোণ’  হৈছে  দেৱাঞ্জন বৰঠাকুৰৰ দ্বিতীয়খন গ্রন্থ। তেওঁ মনোবিজ্ঞান আৰু স্নায়ুবিজ্ঞানৰ এজন গৱেষক আৰু শিক্ষক। তেওঁ কানাডাৰ মেকমাষ্টাৰ বিশ্ববিদ্যালয় আৰু আমেৰিকাৰ ৰোড আইলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছে। বৰ্তমান তেওঁ টৰণ্টো বিশ্ববিদ্যালয়ত গৱেষণাৰত। গৱেষণাৰ সমান্তৰালভাৱে তেওঁ এজন লেখক হিচাপেও পৰিচিত। তেওঁৰ প্ৰথম গ্ৰন্থ ‘এটা ক’লা ছাতি আৰু এজন বগা মানুহ’ । লেখকে ‘মনস্তাত্ত্বিক দৃষ্টিকোণ’  গ্রন্থখন জুবিন গার্গলৈ উছর্গা কৰিছে।

‘মনস্তাত্ত্বিক দৃষ্টিকোণ’ গ্ৰন্থখন বিভিন্ন কাকত-আলোচনীত প্রকাশিত এলানি প্ৰবন্ধৰ সংকলন, য’ত বিভিন্ন বিষয়সমূহক এক মনস্তাত্ত্বিক দৃষ্টিকোণৰ পৰা চাবলৈ চেষ্টা কৰিছে। এই সঙ্কলনত জুবিন গাৰ্গৰ মনস্তত্ত্ব বিষয়ক কেইবাটাও প্রবন্ধ সন্নিবিষ্ট হৈছে । ইয়াৰ উপৰিও, লেখক প্ৰাণীৰ অধিকাৰ, মানৱ অধিকাৰ, আৰু কৰ্মস্থলীত মানসিক স্বাস্থ্যৰ দৰে বিষয়ৰ সৈতে প্রত্যক্ষভাৱে জড়িত আৰু এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰি আহিছে।

‘মনস্তাত্ত্বিক দৃষ্টিকোণ’ গ্রন্থখনৰ ‘পাতনি’ত লেখক দেৱাঞ্জন বৰঠাকুৰে এনেদৰে  লিখিছে – ‘…যিহেতু মোৰ গৱেষণাত মনোবিজ্ঞান শিপাই আছে, গতিকে এই ৰচনাবোৰ ইণ্টাৰনেট চাই লিখা প্ৰৱন্ধ নহয়। সামাজিক মনোবিজ্ঞানীৰ দৃষ্টিৰে অসমীয়া সমাজ জীৱনক চোৱাৰ ই এক প্রয়াস-কেতিয়াবা কিছু অসম্পূর্ণ, কেতিয়াবা ত্রুটিপূর্ণ কিন্তু প্রয়োজনীয়।আমাৰ সকলোৰে ব্যক্তিগত আৰু ৰাজহুৱা জীৱন পৃথক। একাকী জীৱনত কৰা কামবোৰ আমি ৰাজহুৱা জীৱনত নকৰোঁ। ৰাজনীতি, সংস্কৃতি, লোকাচাৰ, সামাজিক পৰিচয়ে আমাক কিছুমান গোটৰ অন্তর্ভুক্ত কৰে। ঠিক ফেচবুকৰ ইকো চেম্বাৰবোৰৰ দৰে কিছু গোটত। তেতিয়াই আমাৰ ব্যক্তিগত আচৰণ কিছু বিষদৃশ হৈ পৰে। সামাজিক মনোবিজ্ঞানে আলোচনালৈ আনে- গোটৰ অনুকূলতা, গোটৰ মেৰুকৰণ, দায়িত্বৰ প্ৰসাৰতা-আমাৰ চাৰিওফালে, দৈনন্দিন জীৱনত, কথা-বতৰাত এই আচৰণবোৰ আমি দেখিয়েই থাকোঁ। এই প্ৰৱন্ধবোৰৰ মাজত হয়তো আপুনি বিচাৰি পাব এই তাত্ত্বিক আলোচনাবোৰ।…’

সমাজ, ব্যক্তি আৰু সময়ৰ জটিল মানসিক বাস্তৱতাক বৈজ্ঞানিক আৰু মানবিক দৃষ্টিৰে বিশ্লেষণ কৰা এখন চিন্তাশীল প্ৰৱন্ধ সংকলন ‘মনস্তাত্ত্বিক দৃষ্টিকোণ’ । এই গ্ৰন্থখনত লেখকে মনোবিজ্ঞান, স্নায়ুবিজ্ঞান, সমাজমনোবিজ্ঞান, সংস্কৃতি, ৰাজনীতি, কৃত্ৰিম বুদ্ধিমত্তা, শিক্ষা, সংগীত আৰু সমসাময়িক বহু স্পৰ্শকাতৰ বিষয় গভীৰভাৱে আলোচনা কৰিছে। গ্ৰন্থখনত অন্তৰ্ভুক্ত প্ৰৱন্ধসমূহে মানুহৰ মন, আচৰণ আৰু সামাজিক আন্তঃসম্পৰ্কৰ গোপন স্তৰসমূহ উন্মোচন কৰিব। জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ দৰে শিল্পী ব্যক্তিত্বৰ মনোজগতৰ বিশ্লেষণৰ পৰা আৰম্ভ কৰি জাতীয়তাবাদ, ৰাজনৈতিক হিংসা, কাল্ট, ইকো চেম্বৰ, আত্মহত্যাৰ মনস্তত্ব, ৰেগিং, ষ্টকহম চিনড্ৰম আদিলৈকে বিভিন্ন বিষয়ত তথ্যভিত্তিক আৰু যুক্তিনিষ্ঠ আলোচনাই এই গ্ৰন্থখনক বিশেষ গুৰুত্ব প্ৰদান কৰিছে। ইয়াৰ লগতে কৃত্ৰিম বুদ্ধিমত্তা (এ আই), মানব–ৰবট আন্তঃক্ৰিয়া, পক্ষপাতী এ আই, এলাইনমেণ্ট প্রব্লেম, এ আই সংগী আৰু প্ৰেমৰ নতুন পৰিধিৰ দৰে আধুনিক আৰু ভৱিষ্যতমুখী বিষয়সমূহো গ্ৰন্থখনৰ উল্লেখযোগ্য দিশ। স্নায়ু বৈচিত্ৰতা, মানসিক চাপ, টাইম মেনেজমেণ্টৰ পোমোডেৰো কৌশল, ড্ৰেছ ক’ড আৰু মানসিক নিৰ্যাতন আদিৰ জৰিয়তে দৈনন্দিন জীৱনৰ সমস্যাসমূহকো বৈজ্ঞানিক ব্যাখ্যা লেখকে  দাঙি ধৰিছে।

‘মনস্তাত্ত্বিক দৃষ্টিকোণ’ কেৱল এখন প্ৰৱন্ধ সংকলন নহয়; ই হৈছে চিন্তা কৰিবলৈ, প্ৰশ্ন কৰিবলৈ আৰু সমাজক নতুন দৃষ্টিভঙ্গীৰে চাবলৈ প্ৰেৰণা দিয়া এখন গ্ৰন্থ। শিক্ষাৰ্থী, শিক্ষক, গৱেষক, সমাজচিন্তক আৰু সচেতন পাঠক—সকলো শ্ৰেণীৰ পাঠকৰ বাবে এই গ্ৰন্থখন সমানে মূল্যৱান হ’ব বুলি ভাবো। এই গ্রন্থখনৰ প্রকাশন সম্পাদনা কৰিছে ড° ৰূণমনি বৰা ফুকনে , গ্রন্থখনৰ প্রকাশক জাগৰণ সাহিত্য প্রকাশন ,গুৱাহাটী আৰু ইয়াৰ মূল্য ৩০০ টকা । গ্রন্থখনত মুঠ ১৮৭ পৃষ্ঠা আছে আৰু গ্রন্থখনৰ প্রথম প্রকাশ: ডিচেম্বৰ, ২০২৫। এনে এখন চিন্তা জাগ্ৰত কৰা মূল্যৱান গ্ৰন্থখন পাঠকসমাজলৈ আগবঢ়াই দিয়াৰ বাবে লেখক দেৱাঞ্জন বৰঠাকুৰক আন্তৰিক ধন্যবাদ জনাইছো।

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.