শেহতীয়া আপডেটঃ

গুৱাহাটী আউটলেটৰ সৈতে উত্তৰ-পূব ভাৰতত ফিগাৰোজ পিজাৰ আত্মপ্রকাশ, দেশব্যাপী সম্প্ৰসাৰণৰ বাবে ফ্ৰানগ্ল’বেলৰ সৈতে সহযোগিতা স্থাপন

গুৱাহাটী আউটলেটৰ সৈতে উত্তৰ-পূব ভাৰতলৈ সম্প্ৰসাৰন ফিগাৰোজ পিজাৰ, আইমী বৰুৱাৰ দ্বাৰা আড়ম্বৰপূৰ্ণ উদ্বোধনী
গুৱাহাটীঃ ইটালীৰ থলুৱা সোৱাদৰ বাবে পৰিচিত ফিগাৰোজ পিজ্জাই গুৱাহাটীত প্রথম ফ্রেঞ্চাইজি আউটলেট মুকলি কৰি উত্তৰ পূৰ্বাঞ্চলত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে। ২০২৪ চনৰ ১৪ নৱেম্বৰত জি.এছ.ৰোডৰ ৰুক্মিনীগাঁৱৰ প্ৰটেক ডনত মুকলি হবলগীয়া এই নতুন আউটলেটে সমগ্ৰ ভাৰতত ফিগাৰোজৰ অভিলাষী সম্প্ৰসাৰণ পৰিকল্পনাৰ এক উল্লেখযোগ্য পদক্ষেপক প্রতিনিধিত্ব কৰে, যি এছিয়াৰ আগশাৰীৰ ফ্রেঞ্চাইজি সমাধান প্রদানকাৰী ফ্রেঞ্চাইজি ইন্ডিয়া হোল্ডিং লিমিটেডৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক শাখা জ্ঞানম’ বেলৰ সৈতে কৌশলগত অংশীদাৰিত্বৰ দ্বাৰা সম্ভৱ হৈছে।
এই অনুষ্ঠানত তাৰকাৰ উপস্থিতি সংযোজন কৰি জনপ্রিয় অভিনেত্রী আইমী বৰুৱাই ব্ৰেণ্ডটোৰ যাত্ৰাৰ এই সাফল্যৰ উদযাপন কৰি নতুন ফিগাৰো’জ পিজা আউটলেট উদ্বোধন কৰে।
ফিগাৰোজ পিজাৰ এই নতুন আউটলেটৰ লক্ষ্য হৈছে উত্তৰ-পূব ভাৰতৰ বিকশিত ৰুচিৰ লগত খাপ খোৱাকৈ স্থানীয় বাসিন্দা আৰু অভ্যাগত সকলক চিন্তাশীলভাৱে তৈয়াৰ কৰা ইটালীৰ উন্নতমানৰ পিজ্জাৰ অনন্য সোৱাদ প্ৰদান কৰা। পছন্দৰ ক্লাছিক সোৱাদৰ পৰা উদ্ভাৱনীমূলক নতুন সমাধানলৈকে, মেনুত মনোমোহা খাদ্য সামগ্ৰীৰ বিকল্প আগবঢ়োৱা হৈছে যাৰ সৈতে অঞ্চলটোৰ উচ্চমানৰ, প্ৰামাণিক খাদ্য অভিজ্ঞতাৰ প্ৰতি থকা প্ৰেমৰ সাদৃশ্য আছে।

ফিগাৰোজ পিজাৰ উত্তৰ-পূবত প্ৰৱেশৰ নেতৃত্ব দিছে ঝাৰখণ্ডৰ ঔদ্যোগিক সেৱা প্ৰদানকাৰী এছএছচিপিএলে, যিয়ে ব্যতিক্রমী সেৱা আৰু উদ্যোগ খণ্ডৰ বিভিন্ন ধৰণৰ প্ৰশংসাৰ বাবে স্বীকৃতি লাভ কৰিছে। পৰিচালন সঞ্চালক বিজয় শর্মা, সঞ্চালক প্রিয়াংকি শৰ্মা আৰু অৰুণাভ কাশ্যপৰ নেতৃত্বত এছএছচিপিএলে সমগ্ৰ উত্তৰ-পূ বাঞ্চলত ফিগাৰোজ পিন্ধাৰ মাষ্টাৰ ফ্রেঞ্চাইজি হিচাপে খাদ্য উদ্যোগত বৈচিত্র্যময় ৰূপত প্ৰবেশ কৰিছে।

ফ্রানগ্ল’বেলৰ সৈতে এই সহযোগিতাৰ জৰিয়তে ফিগাৰো’জ পিজ্জাই অনাগত বছৰবোৰত ২৫০টা আউটলেট স্থাপনৰ পৰিকল্পনাৰে সমগ্ৰ ভাৰতৰ সম্প্রদায়সমূহলৈ নিজৰ ছিগনেচাৰ ইটালীয়ান খাদ্যসমূহ আগবঢ়োৱাৰ লক্ষ্য ৰাখিছে। সমগ্র দেশতে উচ্চমানৰ ইটালীয়ান খাদ্যৰ ক্রমবর্ধমান চাহিদা পূৰণৰ বাবে এই বিস্তৃত ৰোলআউটৰ ডিজাইন কৰা হৈছে, যিয়ে সম্প্ৰসাৰিত গ্ৰাহকক এক অনন্য খাদ্য অভিজ্ঞতা প্ৰদান কৰে।

“আমি ফিগাৰো’জ পিজাৰ সৈতে সহযোগিতা স্থাপন কৰি উত্তৰ-পূবৰ বজাৰ আৰু ইয়াৰ বাহিৰত তেওঁলোকৰ ব্যতিক্ৰমী ব্ৰেণ্ডৰ পৰিচিতি দিবলৈ পাই ৰোমাঞ্চিত হৈছো। প্রামাণিক আন্তঃৰাষ্ট্ৰীয় খাদ্যৰ অভিজ্ঞতাৰ ক্রমবর্ধমান চাহিদাৰ সৈতে, এই সহযোগিতা ভাৰতীয় বজাৰলৈ বিশ্বব্যাপী খাদ্য ব্ৰেণ্ডসমূহ অনাৰ আমাৰ লক্ষ্যৰ সৈতে নিখুঁতভাৱে মিলিছে। আমাৰ লক্ষ্য হৈছে সমগ্ৰ ভাৰতৰ সম্প্রদায়সমূহলৈ উচ্চমানৰ ইটালীয়ান পিজ্জাআগবঢ়োৱাৰ উদ্দেশ্যে ফ্রেঞ্চাইজিৰ সুযোগ সৃষ্টি কৰি ফিগাৰোজৰ পিজা সম্প্ৰসাৰণক সমর্থন কৰা।”- এই মন্তব্য ফ্রেঞ্চাইজি ইণ্ডিয়াৰ অধ্যক্ষ গৌৰৱ মৰিয়াৰ।

মুকলি সন্দৰ্ভত ফিগাৰোজ পিজাৰ উত্তৰ পূৰ্বাঞ্চলৰ এৰিয়া ডেভেলপাৰ (এছ এছ চি পি এল) শৈলী চক্রৱতীয়ে কয়- “গুৱাহাটীত আমাৰ ফ্লোগশ্বিপ আউটলেটৰ জৰিয়তে আৰম্ভ কৰি উত্তৰ পূৰ্বাঞ্চলত ফিগাৰোজ পিজ্জাক চিনাকি কৰাই দিবলৈ পাই আমি আনন্দিত হৈছো। ঔদ্যোগিক সেৱাত আমাৰ শক্তিশালী ভেটিৰ নিদর্শনেৰে এই মুকলি খাদ্য উদ্যোগত এছএছচিপিএলৰ বৈচিত্র্যৰ ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ। ভাৰতত প্রামাণিক, আন্তঃৰাষ্ট্ৰীয় সোৱাদৰ ক্ৰমবর্ধমান চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ফিগাৰোজ পিজ্জাই ইয়াৰ গ্ৰাহকৰ মাজত সমাদৰ লাভ কৰিব। এছএছচিপিএলৰ নেতৃত্ব আৰু ফ্ৰানগ্ল’বেলৰ সৈতে আমাৰ সহযোগিতাৰ জৰিয়তে আমি নিশ্চিত যে এই উজ্জীৱিত বজাৰখনক ইটালীৰ প্ৰকৃত সোৱাদ প্ৰদান কৰি ফিগাৰোজ পিজা প্ৰেমীসকলৰ বাবে এটা পছন্দৰ বিকল্প হৈ পৰিব।”

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.