31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীসূৰ্য পাহাৰ মহাপীঠস্থানৰ চৌহদত বনভোজ নিষিদ্ধ

    ● গোৱালপাৰা জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীসূৰ্য পাহাৰ মহাপীঠস্থান চৌহদত বনভোজ নিষিদ্ধ ঘোষণা কৰিছে মহাপীঠস্থান পৰিচালনা সমিতিয়ে।

    আজি এক সংবাদ মেলৰ জৰিয়তে এই কথা ঘোষণা কৰে পৰিচালনা সমিতিয়ে। প্ৰণিধানযোগ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ ইলোৰা,দ্বিতীয় কাশীধাম হিচাপে অভিহিত শ্ৰীসূৰ্য পাহাৰ মহাপীঠখন হিন্দুু,জৈন আৰু বৌদ্ধ এই তিনিটা ধৰ্মৰে উমৈহতীয়া তীৰ্থস্থান।

    যাৰ পৰিপ্ৰেক্ষিতত মহাপীঠস্থান খনত এক আধ্যাত্মিক পৰিবেশ বৰ্তাই ৰখাতো নিতান্তই প্ৰয়োজন। আনহাতে পাহাৰ খনৰ চতুৰ্দিশে বনৰীয়া হাতী,বান্দৰ,বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকতিৰ বসতিস্থল।

    তেনেস্থলত বনভোজকাৰীৰ দলে উচ্চস্বৰত বজোৱা গান বাজনা তথা বিশৃংখল হাই উৰুমিয়ে তীৰ্থস্থানখনৰ পৰিবেশ বিনষ্ট কৰাৰ যথেষ্ট থল আছে।

    ইফালে, বনভোজকাৰী সকলে সততে ব্যৱহাৰকৰা আমিষ খাদ্যৰ বাবেও তীৰ্থস্থানখনৰ আধ্যাত্মিকতাত প্ৰভাব পৰে বুলি বিবেচনা কৰিছে মহাপীঠস্থান পৰিচালনা সমিতিয়ে।

    সেয়ে আগন্তুক ১৫ ডিচেম্বৰৰ পৰা শ্ৰীসূৰ্য পাহাৰ মহাপীঠ চৌহদত বনভোজ সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হৈছে।

    অৱশ্যে দৰ্শনাৰ্থী, ভ্ৰমণকাৰী তথা পৰ্যটকৰ বাবে তীৰ্থস্থান খনৰ দুৱাৰ সদায় খোলা থাকিব৷ দূৰ দূৰণিৰ দৰ্শনাৰ্থীয়ে প্ৰয়োজনবোধে নিৰামিষ আহাৰো গ্ৰহণ কৰিব পাৰিব বুলি শ্ৰীসূৰ্য মহাপীঠস্থান পৰিচালনা সমিতিয়ে আজিৰ সংবাদ মেল যোগে জানিবলৈ দিছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds