31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    এ চি এ টি-২০ চেলেঞ্জাৰছ ট্ৰফীত কাজিৰঙা হিৰ’জ চেম্পিয়ন

    এক ৰোমান্সকৰ ফাইনেলত সোৱণশিৰি চেম্পছক ৪ উইকেটত হৰুৱাই কাজিৰঙা হিৰ’জে এ চি এ টি-২০ চেলেঞ্জাৰছ ট্ৰফীত বিজয়ীৰ সন্মান অৰ্জন কৰিছে। স্থানীয় অসম ক্ৰিকেট সন্থা ষ্টেডিয়ামত মঙলবাৰে নিশা হোৱা ফাইনেলত টছত জিকি সোৱণশিৰিয়ে পোনতে বেটিং কৰি নিৰ্দ্দিষ্ট ২০ অভাৰত ৮ উইকেটত ১৩৫ ৰান কৰে।
    সৌৰভ মৌচুম দিহিংগিয়াই ৪২টা বলত সৰ্বাধিক ৪১ ৰান কৰাৰ বাদে অনুৰাগ তালুকদাৰে ২৫টা বলত ৩৭ ৰান সংগ্ৰহ কৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইনিংছৰ শেষৰ ফালে চেংলং ৰংপিয়ে ১৮ বলত ২৩ ৰান আৰু অভিলাষ গগৈয়ে ১৪ বলত ১৭ ৰান সংগ্ৰহ কৰি তেওঁলোকৰ স্ক’ৰ আৰু অধিক আগুৱাই নিয়ে।
    প্ৰত্যুত্তৰত কাজিৰঙা হিৰ’জে ৬ উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। নিহাৰ নৰহে ৩০ বলত ৪৬ ৰান আৰু এছ কে জ্ঞানমে ৩২ বলত ৩৫ ৰান সংগ্ৰহ কৰি দলটোক জয়ৰ দিশত আগুৱাই লৈ যায়।

    সংক্ষিপ্ত স্ক’ৰঃ
    সোৱণশিৰি চেম্পছঃ ২০ অভাৰত ১৩৫/৮ (সৌৰভ মৌচুম দিহিঙীয়া ৪২ বলত ৪১, অনুৰাগ তালুকদাৰ ২৫ বলত ৩৭, চেংলং ৰংপি ১৮ বলত ২৩; আবিৰ চক্ৰৱৰ্তী ২/১৮, অৰুণ সোণাৰ ২/২১) ।

    কাজিৰঙা হিৰ’জঃ ১৯.৪ অভাৰত ১৩৬/৬ (নিহাৰ নৰহ ৩০ বলত ৪৬, এছ কে জ্ঞানম ৩২ বলত ৩৫, অৰুণ সোণাৰ ১২ বলত ১৫; প্ৰত্যয় ৰাজ ২/২৯, চেংলং ৰংপি ২/১৯) ।

    ফাইনেলৰ মেন অৱ দ্য মেচঃ কাজিৰঙা হিৰ’জৰ নিহাৰ নৰহ।
    প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈঃ সোৱণশিৰি চেম্পছৰ নিপন ডেকা ( মুঠ ৯৬ ৰান আৰু ৬ টা উইকেট লাভ।
    প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বলাৰঃ বৰাক ব্ৰেভহাৰ্টছৰ বিশাল নেৱাৰ (৩খন মেচত ১১ উইকেট)।
    প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বেটছমেনঃ সোৱণশিৰি চেম্পছৰ সৌৰভ মৌচুম দিহিঙীয়া (২৪৪ ৰান)।

    পুৰস্কাৰ বিতৰণী অনুষ্ঠানত বি চি চি আইৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়া, এ চি এৰ সভাপতি তৰংগ গগৈ, এ চি এৰ সম্পাদক ত্ৰিদিব কোঁৱৰ, উপ সভাপতি ৰাজদীপ ওজা, যুটীয়া সম্পাদক ৰাজেন্দ্ৰ সিং, কোষাধ্যক্ষ চিৰঞ্জিত লাংথাছাকে ধৰি এপেক্স কাউন্সিলৰ সদস্য তথা অন্যান্য বিষয়াসকল উপস্থিত থাকে। অসম ক্ৰিকেট সন্থাই কাজিৰঙা হিৰ’জক তেওঁলোকৰ সুপ্ৰাপ্য বিজয়ৰ বাবে উষ্ম অভিনন্দন জ্ঞাপন কৰাৰ লগতে সোৱণশিৰি চেম্পছক তেওঁলোকৰ অসাধাৰণ প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰে। অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰিছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds