নলবাৰী, ৫ ছেপ্টেম্বৰঃ আজি পবিত্ৰ শিক্ষক দিৱস। এই বিশেষ দিনটোতে বিদেশ ভ্ৰমণ সামৰি নিজ সমষ্টিত উপস্থিত হৈ দুই কৃতি শিক্ষকক সম্বৰ্ধনা জনালে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই।
পুৱাই পাইকাৰকুছিত উপস্থিত হৈ অঞ্চলটোৰ দুই কৃতি শিক্ষক গোবিন্দ কুমাৰ বৰ্মন আৰু অনন্ত ৰাম ডেকাক ফুলৰ মালা, গামোচা আৰু মানপত্ৰৰে শিক্ষক দিৱসৰ সম্বৰ্ধনা জ্ঞাপন কৰি মন্ত্ৰী গৰাকীয়ে আশিস গ্ৰহণ কৰে। ইফালে শিক্ষকৰ সৈতে ছাত্ৰ হিচাপে আজিও থকা গভীৰ সম্পৰ্কৰ কথা সংবাদ মাধ্যমৰ সমূখত সোঁৱৰণ কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই।





