31.3 C
Guwahati
Saturday, January 24, 2026
More

    Trending Now:

    শিখা শৰ্মাক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

    জনতাৰ শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত শিখা শৰ্মা নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে শিল্পীগৰাকীৰ পত্নী গৰিমা শ‍ইকীয়া গাৰ্গে পাণবজাৰ থানাত এজাহাৰ দাখিল...

    শেহতীয়া আপডেটঃ

    শিক্ষক দিৱসৰ দিনা অগপৰ ব্যতিক্রমী পদক্ষেপ, ১৬৫ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা

    শিক্ষক দিৱসৰ দিনা অগপৰ নলবাৰী সমষ্টি সমিতিৰ ১৬৫ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা

    নলবাৰী, ৫ ছেপ্তেম্বৰঃ অগপৰ কেন্দ্রীয় সমিতিৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ নিৰ্দেশ মৰ্মে আজি শিক্ষক দিৱস উপলক্ষে অগপৰ নলবাৰী সমষ্টি সমিতিয়ে সমষ্টি সমিতিয়ে এক ব্যতিক্রমী পদক্ষেপ লোৱা পৰিলক্ষিত হয়। অগপ দলটোৰ নলবাৰী সমষ্টি সমিতিৰ অন্তৰ্গত প্রতিখন আঞ্চলিক, পঞ্চয়ত আৰু মণ্ডলত ১৬৫ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ ঘৰে ঘৰে গৈ সম্বৰ্দ্ধনা জ্ঞাপন কৰে।ইয়াৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোৰ পুৱ নলবাৰী অঞ্চলৰ কেইবাখনো গাঁওৰ জ্যেষ্ঠ শিক্ষাগুৰুৰ ঘৰে ঘৰে গৈ আজি সম্বৰ্ধনা জনাই অগপৰ নলবাৰী সমষ্টি সমিতিৰ নেতা কৰ্মীৰ লগতে অসম গণ পৰিষদ কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি গৌৰী দাসে।আজি পুৱা কৃষক পৰিষদৰ কেন্দ্রীয় সমিতিৰ উপ সভাপতি গৌৰী দাসৰ নেতৃত্বত ঘগ্ৰাপাৰ অঞ্চলৰ অৱসৰপ্ৰাপ্ত শিক্ষাবিদ ক্রমে কটকীয়া গাঁৱৰ বিপিন কলিতা,বিলপাৰ ভূৱনেশ্বৰ শৰ্মা, উমেশ ডেকা,বাঘমাৰ সুৰ্য্য চন্দ্ৰ দাস, নুৰ ইছলাম,পালিন্দ্র দাসৰ ঘৰলৈ গৈ সম্বৰ্দ্ধনা জ্ঞাপন কৰে। ইফালে বৰাজোল পঞ্চায়তৰ অকণা গাঁৱৰ অৰুণ ৰাজবংশী, ইছমাইল হুছেইন, বৰাজোলৰ বনমালী বৰ্মন, ভিঠামহল মহিধৰ ভুঞা, বৰাজোলৰ দেবেন বড়ো, বৰাজোল ধুৰকুছিপাৰা ধৰনী দাসৰ ঘৰত দলটোৱে উপস্থিত হৈ সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে আল্লিয়া খাতিকুছি অঞ্চলৰ কুৰিগৰাকীমান অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্দ্ধনা জ্ঞাপন কৰি আগন্তুক দিনৰ বাবে আশীর্বাদ বিচাৰে। এই অনুষ্ঠানত শিক্ষাগুৰুসকলক ফুলাম গামোচা, কলম আৰু মানপত্ৰ প্ৰদান কৰি সন্মান জ্ঞাপন কৰা হয়। সম্বৰ্ধনা প্রদান কৰাৰ পাছতে দলটোৱে শিক্ষাগুৰুৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদও গ্ৰহণ কৰে। শিক্ষক দিৱস উপলক্ষে গৌৰী দাসে কয় যে– “শিক্ষকহে সমাজৰ পথ প্ৰদৰ্শক। তেওঁলোকৰ ত্যাগ আৰু অৱদানক মান্যতা দিয়া আমাৰ নৈতিক দায়িত্ব। শিক্ষকসকলৰ আশীৰ্বাদে আগলৈ যোৱাৰ শক্তি যোগায়। আজি এই সম্বৰ্ধনা কাৰ্যসূচীত গৌৰী দাসৰ সৈতে উপস্থিত থাকে নলবাৰী জিলা কৃষক পৰিষদৰ সভাপতি বাবুল বসুমতাৰী,অগপৰ নলবাৰী জিলা সমিতিৰ বিত্ত সম্পাদক আনন্দ কলিতা,ঘগ্রাপাৰ আঞ্চলিক সমিতিৰ সম্পাদক ধৰনী দাস, জেষ্ঠ অগপ নেতা হৰিনাথ লহকৰ, ভুপেন দাস,,অনিল দাস, যোগেশ্বৰ দাস, কমলেশ্বৰ কলিতা, দুৰ্গাশ্বৰ তালুকদাৰ,ভূপেন দাস, তাহেৰ আলী, হৰেশ্বৰ মল্ল বৰুৱা,গবিন্দ দাস,হিৰেন শৰ্মা, কেশৱ কলিতা,সুৰেশ কলিতা, তিলক তালুকদাৰ আদিয়ে। উল্লেখ্য যে গৌৰী দাসে অগপৰ ভাতৃ সংগঠন কৃষক পৰিষদৰ কেন্দ্রীয় সমিতিৰ উপ সভাপতি দায়িত্ব পালন কৰাৰ পিছৰে পৰা নলবাৰী সমষ্টিত অগপৰ হেৰুৱা দুৰ্গ পুনৰ উদ্ধাৰ লগতে দলটোৰ সাংগঠনিক ভৃটি সুদৃঢ় কৰাৰ বাবে উঠি পৰি লগা পৰিলক্ষিত হৈছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 30 seconds