শেহতীয়া আপডেটঃ

স্বাস্থ্য-চৰ্চাঃ আপুনি আপোনাৰ গুপ্ত অংগৰ যত্ন লয়নে?

যোৱা বিশ বছৰীয়া চিকিৎসা জীৱনৰ অভিজ্ঞতাৰে এটা কথা মই উপলব্ধি কৰিছো যে প্ৰায় নব্বৈ শতাংশ ব্যক্তিয়ে নিজৰ গুপ্ত অংগ যেনে-
*পায়ুদ্বাৰ
*যৌন অংগ
*কাষলটি
*কৰঙন ইত্যাদিৰ যত্ন নলয় বা হয়তো লবলৈ নাজানে।

তলৰ প্ৰশ্ন কেইটাৰ উত্তৰ আপুনি নিজে বিচাৰকঃ

১)আপুনি মলত্যাগ কৰাৰ পিছত চাবোনেৰে মলদ্বাৰ পৰিষ্কাৰ কৰেনে?
বেছিভাগ ব্যক্তিয়ে গা ধুওতে গোটেই শৰীৰ ভালদৰে পৰিষ্কাৰ কৰে কিন্তু তাৰ পিছত যদি মলত্যাগ কৰিব লগা হয় গাটো হয়তো পানীৰে তিয়াই আহে কিন্তু চাবোনেৰে মলদ্বাৰ পৰিষ্কাৰ নকৰে।

Maintain Healthy Hygiene of Private Parts for both Male and Female

যাৰ ফল স্বৰূপে pin worm নামৰ এবিধ কৃমিয়ে ৰাতি পায়ু দ্বাৰেৰে ওলাই আহি কণী পাৰে আৰু ব্যক্তিজনৰ পায়ুদ্বাৰ খজুৱাব ধৰে।
কেনেবাকৈ খালি হাতেৰে খজুৱালে নখৰ ভিতৰত কণীবোৰ লাগি ধৰে আৰু হাত ভালদৰে চাবনেৰে নুধুৱাৰ ফলত পুনৰ পেটত প্ৰৱেশ কৰে। শিশু সকলে প্ৰায়েই এনে ৰোগত ভূগে যদিও প্ৰাপ্তবয়স্ক লোকেও ভূগা দেখা যায়।

ইয়াৰোপৰি পায়ুদ্বাৰ পৰিষ্কাৰ কৰি নাৰাখিলে fungus বা ভেকুৰৰ জন্ম হয় আৰু পায়ুদ্বাৰৰ খজুৱতিৰ পৰা আৰম্ভ কৰি ঘাঁ পৰ্য্যন্ত হব পাৰে।ইয়াৰোপৰি আজিকালি প্ৰায়ভাগ ৰোগীয়ে ভূগা ৰোগ বিধ হৈছে fistulaExpert Fistula Treatment in Hyderabad | Trusted Surgeons

ফিচতুলা হলে পায়ুদ্বাৰৰ কাষত ফোৰা হৈ পিছলৈ গুয্যাদ্বাৰৰ লগত এটা নলীৰ সৃষ্টি কৰে। ফলত ৰোগীজনৰ পূঁজ বাঁহীৰ হৈ থাকে। ইয়াৰোপৰি পাইলছ, ফিচাৰ আদি ৰোগৰো প্ৰধান কাৰণ হ’ল অপৰিস্কৃত পায়ুদ্বাৰ।

২) আপোনাৰ যৌনাংগৰ যত্ন লয়নে?

পুৰুষৰ তুলনাত মহিলাৰ যৌনাঙ্গৰ বেমাৰ অধিক। ইয়াৰ প্ৰধান কাৰণ হ’ল মহিলাৰ যৌনাঙ্গ বহল আৰু উন্মুক্ত।
মহিলাসকলে মাহেকীয়া হোৱাৰ পিছত বা সেই সময়ত নিজৰ যৌনাঙ্গ পৰিষ্কাৰ কৰি ৰাখিব লাগে। এতিয়াও আমাৰ সমাজত ধনৰ অভাৱত মাহেকীয়া সময়ত ছিঙা কাপোৰ ব্যৱহাৰ কৰা দেখা যায়। যাৰ ফলত যৌনাঙ্গ বীজাণুৰ দ্বাৰা সংক্ৰমিত হয়।

2023 Pubic Hair Trends & Pubic Hair Styles – Bushbalm
যৌনাঙ্গৰ কাষৰ নোমবোৰ পৰিষ্কাৰকৈ কাটি ৰাখিব লাগে নহলে ভেঁকুৰে (fungus) আক্ৰমত কৰা দেখা যায় আৰু ব্যক্তিগৰাকীৰ যৌনাঙ্গৰ খজুৱতি আৰম্ভ হয়।
নখ দীঘল থাকিলে ঘাঁ হৈ বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিতও হ’ব পাৰে। মহিলাৰ আন এক প্ৰধান সমস্যা বগা স্ৰাৱৰ প্ৰধান কাৰণ হৈছে বীজাণুৰ দ্বাৰা সংক্ৰমণ।

Sex in Long-Term Relationships | Psychology Today

বিবাহিত মহিলা সকলে যৌন সংগমৰ পিছত যৌনাঙ্গ পৰিষ্কাৰ নকৰি শুই থাকি ৰাতিপূৱাহে চাফা কৰা দেখা যায়। যাৰ ফলস্বৰূপে বীজাণুৰ আক্ৰমণৰ সম্ভাৱনা বাঢ়ি যায়। ব্যৱহাৰ কৰা অন্তৰ্বাস পৰিষ্কাৰ আৰু সূতাৰ কোমল কাপোৰ হ’ব লাগে। বহুতো ধনীঘৰৰ মহিলায়ো ফুট পাঠত উপলব্ধ দহ টকীয়া অন্তৰ্বাস হে ব্যৱহাৰ কৰা দেখা যায়।

6 reasons you should not shave your pubic hair
দৰাচলতে শৰীৰৰ লগত লাগি থকা বস্ত্ৰ সদায় কোমল আৰু সূতাৰ হব লাগে।আমি বেছি ভাগেই বাহীৰত কাপোৰ যোৰতহে গুৰুত্ব দিওঁ ভিতৰৰ যোৰত নহয়।

৩) আপুনি আপোনাৰ জংগীয়া, গেঞ্জী সদায় ধোৱে নে?
বেছিভাগৰে উত্তৰ হব সদায় নুধুও। সদায় দিনত দুবাৰকৈ জংগীয়া গেঞ্জী সলাব লাগে।

What are some suggestions for women in underwear? - Quora

৪) জংগীয়া, ব্ৰা, গেঞ্জী ইস্ত্রী কৰি পিন্ধে নে?
প্ৰশ্নটি অবান্তৰ যেন লাগে।মনত ৰাখিব আপুনি যদি fungus ৰ দ্বাৰা সংক্ৰমিত তেন্তে আপোনাৰ অন্তৰবসন ওলোটাই ইস্ত্রী কৰিব লাগে কিয়নো এনেবোৰ বস্ত্ৰৰ ভিতৰ ফালে অৰ্থাৎ যি অংশ শৰীৰত লিপিত খাই থাকে সেই অংশত fungus ৰ বীজাণু থাকি যায় যি সাধাৰণ চাবনেৰে ধুলে নাযায়।

How To Find Right Size For Brief Underwear For Men? DaMENSCH
সেই বাবেই এবাৰ fungus ৰোগত আক্ৰান্ত হলে তাৰ পৰা মুক্তি পোৱা কঠীন হৈ পৰে। আমাৰ চিকিৎসক সকলেও এনে ধৰণৰ পৰামর্শ ৰোগী সকলক দিয়া দেখা নাযায়।

লেখকঃ ডাঃ অনুপ বৈশ্য
উৎসঃ স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ
ফোন নং-8638211711

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.