শেহতীয়া আপডেটঃ

প্রধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ ৰাজ্যবাসীৰ লগতে উত্তৰ পূৰ্বাঞ্চলবাসীয়ে কি কি লাভ কৰিলে?

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশৰ ইটানগৰত মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ বাবে প্ৰায় ৫৫,৬০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। বিকশিত ভাৰত, বিকশিত উত্তৰ-পূব শীৰ্ষক অনুষ্ঠানত কৰি তেওঁ লগতে ছেলা সুৰংগ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। ইয়াৰ উপৰি প্ৰায় ১০ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ উন্নতি আঁচনিৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্রীয়ে কয় যে, এই আঁচনিখনে উত্তৰ-পূব অঞ্চলৰ অৰ্থনৈতিক বিকাশ আৰু উন্নয়নত সহায় কৰিব। যাৰ ফলত দক্ষিণ এছিয়া আৰু পূব এছিয়াত ভাৰতৰ অংশীদাৰ দেশসমূহৰ সৈতে বাণিজ্য আৰু পৰ্যটনৰ সম্পৰ্কক সুদৃঢ় কৰাৰ ক্ষেত্ৰত উত্তৰ-পূবে এটা শক্তিশালী ক’ৰিড’ৰ হিচাপে আত্মপ্রকাশ কৰিছে। চৰকাৰে অষ্টলক্ষ্মীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি উত্তৰ-পূবৰ উন্নয়ন আৰু প্ৰগতিৰ বাবে কাম কৰি আছে৷ উত্তৰ-পূৰ্বাঞ্চলত যোৱা ৫ বছৰত তেওঁৰ চৰকাৰে যি ধৰণৰ কাম কৰিছে কংগ্ৰেছে সেই কাম কৰিবলৈ ২০ বছৰ সময় লাগিলহেঁতেন বুলি প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে।

দুদিনীয়া ভ্রমণসূচী লৈ অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে পুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ আৰু হাতী ছাফাৰি কৰি উদ্যানখনৰ নৈসর্গিক শোভা উপভোগ কৰে। কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজেৰে প্ৰধানমন্ত্ৰী মোদীয়ে উদ্যানখনৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে।

ইয়াৰ পিছতে পিৰধানমন্ত্ৰী মোদী অৰুণাচললৈ ৰাওনা হয়৷ অৰুণাচল প্ৰদেশৰ পৰা উভতি আহি প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৰহাটৰ হোলোঙাপথাৰত লাচিত বৰফুকন মৈদাম উন্নয়ন প্ৰকল্পৰ অধীনত আহোম ৰাজত্বকালৰ মহান যোদ্ধা তথা অসমীয়া জাতিৰ শৌর্য-বীর্য, সাহস আৰু প্ৰেৰণাৰ প্ৰতীক বীৰ লাচিত বৰফুকনৰ ১২৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। বিশাল প্ৰতিমূৰ্তিটোৰ উচ্চতা হৈছে ৮৪ ফুট আৰু বেদীৰ উচ্চতা ৪১ ফুট। এই প্ৰকল্পত টাই-আহোম সংগ্ৰাহলয়ৰ লগতে ৫০০ খন আসনৰ প্ৰেক্ষাগৃহও নিৰ্মাণ কৰা হৈছে। এই কাৰ্যসূচীৰ পাছতেই প্রধানমন্ত্ৰীগৰাকীয়ে যোৰহাট নগৰৰ সমীপৰ মেলেং মেটেলী পথাৰত এখন জনসভাত অংশগ্ৰহণ কৰে৷ এই অনুষ্ঠানত ১৫,১০০ কোটি টকা ব্যয়সাপেক্ষ ৭টা প্ৰকল্পৰ উদ্বোধন আৰু ২,৪০০ কোটি টকা ব্যয়সাপেক্ষ ৫টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্রকল্পসমূহে গ্ৰাম্য উন্নয়ন, স্বাস্থ্য, হাইড্ৰ’কার্বন আৰু ৰে’লৱে খণ্ডক সামৰি ল’ব। প্ৰধানমন্ত্ৰীয়ে মুঠ ৮,৫০০ কোটি টকা ব্যয়েৰে প্ৰধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত নিৰ্মাণ কৰা ৫,৫৫,৫৫৫ টা আবাসগৃহত আনুষ্ঠানিকভাৱে গৃহপ্ৰৱেশ মুকলি কৰে।
স্বাস্থ্য প্ৰকল্পৰ অধীনত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় মুকলি কৰাৰ লগতে ডিমৌত ১০০ খন আসনযুক্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎ‍সালয়, গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ৰক্তজনিত কৰ্কট ৰোগ আৰু শিশুৰ কৰ্কট ৰোগৰ চিকিৎসাকেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। হাইড্ৰ’কাৰ্বন প্ৰকল্পৰ অধীনত মোদীয়ে বাৰাউনী–গুৱাহাটী প্রাকৃতিক গেছ পাইপ লাইন, নাহৰকটীয়া-বাৰাউনী খাৰুৱা তেলৰ পাইপ লাইনৰ বাৰাউনী-বঙাইগাঁও-গুৱাহাটী খণ্ডৰ পাম্পিং ক্ষমতা বর্ধিতকৰণ আৰু দুলীয়াজানৰ ১ নম্বৰ পাম্প ষ্টেচনৰ পৰা ডিগবৈ শোধনাগাৰলৈ খাৰুৱা তেলৰ স্পাৰ লাইনৰ প্ৰতিষ্ঠাপন উদ্বোধন কৰে। তেওঁ ডিগবৈ শোধনাগাৰৰ বাৰ্ষিক ক্ষমতা বৃদ্ধিকৰণ, গুৱাহাটী শোধনাগাৰৰ বাৰ্ষিক ক্ষমতা বৃদ্ধিকৰণ আৰু ভাৰতীয় তেল নিগমৰ গুৱাহাটীৰ বেতকুছি টার্মিনেলৰ সুবিধাসমূহৰ সম্প্ৰসাৰণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ৮-১০ কোটি টকা ব্যয়সাপেক্ষে নিউ বঙাইগাঁও-গোৱালপাৰা-কামাখ্যা ৰে’ললাইনৰ দ্বৈতকৰণ, ধূপধৰা-ছয়গাঁও পথৰ দ্বৈতকৰণ আৰু ৫২০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা নিউ বঙাইগাঁও-ৰঙিয়া-আগিয়াঠুৰী দ্বৈতকৰণ, নিউ বঙাইগাঁও-সৰভোগ শাখাৰ ৰে’লপথৰ দ্বৈতকৰণ প্রকল্প উদ্বোধন কৰে। মোদীয়ে পশ্চিমবংগৰ শিলিগুড়িলৈ ৰাওনা হৈ বিয়লি এক ৰাজহুৱা জনসভাত অংশগ্ৰহণ কৰে। মোদীয়ে পশ্চিমবংগত প্রায় ৪,৫০০ কোটি টকা ব্যয়সাপেক্ষ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। সন্ধিয়াৰ ভাগত প্ৰধানমন্ত্ৰী উত্তৰ প্ৰদেশৰ বাৰানসীত উপস্থিত হয়৷ শ্ৰীকাশী বিশ্বনাথ মন্দিৰত পূজা-অৰ্চনা আগবঢ়াই। প্রধানমন্ত্ৰীয়ে দেওবাৰে উত্তৰ প্ৰদেশত ৪২ হাজাৰ কোটিৰো অধিক টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া কেইবাটাও উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। বিয়লিৰ ভাগলৈ প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেঞ্চিং ব্যৱস্থাৰে ছট্টিশগড়ত মহাটাৰী বন্দনা যোজনাৰ প্ৰথম কিস্তিৰ ধন মোকলাই দিব।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.