শেহতীয়া আপডেটঃ

অসম আদৰ্শ গ্ৰাম যোজনা আচঁনিৰ অধীনত পথৰ আধাৰশিলা বিধায়ক ৰঞ্জিত দত্তৰ

অসম আদৰ্শ গ্ৰাম যোজনা আচঁনিৰ অধীনত পথৰ আধাৰশিলা বিধায়ক ৰঞ্জিত দত্তৰ ::

বিশ্বনাথ ৫আগষ্ট।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কিছু দিনৰ আগতে জনতা ভৱনত অসম আদৰ্শ গ্ৰাম যোজনা (Axom Adarxo Gram Yojana) ৰূপায়ণ সংক্ৰান্তত ৰূপান্তৰণ আৰু উন্নয়ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় ।

এই বৈঠকত বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

লগতে অসমৰ ২৫০ খন গাঁওত থকা শিক্ষানুষ্ঠান, অংগনৱাড়ী কেন্দ্ৰ, পথ, যুৱ পুথিভঁৰাল, প্ৰেক্ষাগৃহ, গছপুলি ৰোপণ আদিৰ আন্তঃগাঁথনি নিৰ্মাণ তথা বিকাশৰ বাবে (empower the villages) পৰ্যায়ক্ৰমে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা সিদ্ধান্ত লৈছে।
আনহাতে এই আঁচনি জৰিয়তে অসমৰ ২৫০খনতকৈও অধিক গাঁও চৰকাৰে নিৰ্ধাৰণ কৰা বিভিন্ন মাপকাঠীৰ আধাৰত যোজনাখনৰ বাবে বাছনি কৰি ইতিমধ্যে উন্নয়ন বাবে পুঁজি মুকলি কৰি দিছে চৰকাৰে।
ইফালে “অসম আদৰ্শ গ্ৰাম যোজনা” আচঁনিৰ অধীনত শনিবাৰে বিহালী সমষ্টিৰ পুলিচুমনি আদৰ্শ গাঁৱৰ সুনিল স্বৰ্গীয়াৰী ঘৰৰ ওচৰৰ পৰা হৰেণ গয়াৰীৰ ঘৰ হৈ অজিত মুণ্ডাৰ ঘৰৰ লৈকে ৪৯,০০,০০০.০০ টকাৰ এটা পকী পথৰ নিৰ্মাণ কামৰ শুভাৰম্ভ কৰে বিধায়ক ৰঞ্জিত দত্তই।
লগতে বিধায়ক গৰাকীয়ে সমষ্টিটোৰ বিভিন্ন গাঁওল। বিধায়ক পুঁজি ২০২২-২৩ বৰ্ষৰ অধীনত তেৱাৰী বস্তিৰ শিৱ মন্দিৰ,শিমলুগুৰি নামঘৰ আৰু বাঘমাৰী শিৱ মন্দিৰৰ পকী বেৰ নিৰ্মাণ কাৰ্য্যৰ উপৰিও অসম চৰকাৰৰ অভিলাষী “অসম দৰ্শন” আচঁনি ২০২৩-২৪ বৰ্ষৰ অধীনত ১নং দিছিৰি শিৱ মন্দিৰৰ আধাৰশিলা স্থাপন কৰে।
এই আধাৰশিলা অনুষ্ঠানত বিধায়ক গৰাকীক সংগ দিয়ে বাঘমৰা উন্নয়ন খণ্ডৰ সহঃকাৰ্য্যবাহী অভিযন্তা,স্থানীয় জনপ্ৰতিনিধিসকল,বিশিষ্ট ব্যক্তিসকল আৰু স্থানীয় ৰাইজে৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.