Thursday, May 29, 2025
25.7 C
Guwahati
TOP NEWS:

চাহ জনজাতি লোকক চাইকেল মোবাইল বিতৰণ বিধায়ক কৃষ্ণ কমল তাতীৰ

ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাতীয়ে জল জীৱন মিছনৰ উপৰত আলোকপাত কৰি কয় যে বাগিচাৰ শ্ৰমিক সকলেও এতিয়া বিশুদ্ধ খোৱাপানী ব্যৱহাৰ কৰিব পাৰিব।

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

■ অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ উদ্যোগত আৰু শ্ৰম বিভাগৰ সহযোগত কালি অনুষ্ঠিত কাৰ্যক্ৰমত সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাতীয়ে চাহ বাগিচাৰ চৰ্দাৰ, চকীদাৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল, মোবাইল ফোন বিতৰণ কৰে।

■ ৰঙাপৰা নগৰ স্থিত বৰজুলি শ্ৰমিক কল্যাণ কেন্দ্ৰত অনুষ্ঠিত কাৰ্যক্ৰমত চৰ্দাৰ, চকীদাৰ আৰু ছাত্র-ছাত্ৰী সকলৰ মাজত চাইকেল আৰু মোবাইল ফোন বিতৰণ কৰে।

■ চাহ জনজাতি হিতাধীকাৰি বাচনি সমিতিৰ সদস্য মিঠুন তাতীয়ে আত ধৰা বিতৰণ অনুষ্ঠানত সভাপতিত্ব কৰে চাহ জনজাতি হিতাধীকাৰি বাচনি সমিতিৰ সভাপতি ধ্ৰুৱ কুৰ্মীয়ে।

■ সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাতীয়ে জল জীৱন মিছনৰ উপৰত আলোকপাত কৰি কয় যে বাগিচাৰ শ্ৰমিক সকলেও এতিয়া বিশুদ্ধ খোৱাপানী ব্যৱহাৰ কৰিব পাৰিব।
■ ৰঙাপৰা সমষ্টিক অসমৰ ভিতৰতে উন্নত সমষ্টি হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ কথাও সভাত সদৰি কৰে বিধায়কগৰাকীয়ে।

■ অনুষ্ঠানত বিধায়ক কৃষ্ণ কমল তাতীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে চাহ জনগোষ্ঠীৰ লগতে অসমৰ সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ বাবে বহু আঁচনি গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে৷ তেওঁ চাহ জনজাতি লোকসকলৰ কল্যাণৰ বাবেও চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে।বিধায়কগৰাকীয়ে লগতে চৰকাৰৰ উন্নয়নমূলক কাম কাজত ৰাইজৰ সহযোগিতা বিচাৰে। তেওঁ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত চাহ জনগোষ্ঠী লোকসকলৰ সমস্যাসমূহ পৰ্যায়ক্ৰমে সমাধানৰ বাবে পদক্ষেপ গ্ৰহণৰ কথাও সদৰি কৰে।
বিধায়কগৰাকীয়ে ৰঙাপৰা সমষ্টিক

■ ৰাজ্যখনৰ ভিতৰতে উন্নত সমষ্টি হিচাপে গঢ়ি তোলাৰ কথা ব্যক্ত কৰি ইয়াৰ বাবে বিভিন্ন প্ৰকল্প স্থাপনৰ বাবে আঁচনি গ্ৰহণ কৰাৰ লগতে সমষ্টিটোৰ যাতায়ত ব্যৱস্থাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে।সভাত সহকাৰী শ্ৰম আয়ুক্ত ৰূপালী পেগু, মহকুমা কল্যাণ বিষয়া কাৰ্যালয়ৰ গবেষণা সহায়ক ভাস্কৰ বৰা,বৰজুলি শ্ৰমিক কল্যাণ কেন্দ্ৰৰ শ্ৰম কল্যাণ বিষয়া ৰোহিত নায়ক,চাহ জনজাতি হিতাধীকাৰি বাচনি সমিতিৰ সদস্য বুনেশ্বৰ তাতী, মুকুল তাতী,ৰূপম তাতী আৰু বহু গন্য মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

- Advertisement -

Hot this week

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত অসমৰ জীয়ৰী বিনীতা চেত্ৰীৰ চূড়ান্ত পৰ্যায়ত প্ৰৱেশ

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত নৃত্য প্ৰদৰ্শনেৰে আকৰ্ষণৰ...

ASSAM RIFLES INAUGURATES FOOTBALL GROUND

As part of its continued efforts to foster youth...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
90 %
1.1kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
28 °
Mon
29 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds