31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত ‘লোক কল্যাণ দিৱস’ উদযাপন

     

    পুণ্য মৃত্যু তিথিত লোকপ্ৰিয় গোপীনাথ বৰদলৈক সশ্ৰদ্ধ স্মৰণ

     

    বিশ্বনাথ চাৰিআলি ৫ আগষ্টঃ_ স্বাধীন অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰনী নেতা, মহাত্মা গান্ধীৰ অহিংসা নীতিৰ সমৰ্থক লোকপ্ৰিয় গোপীনাথ বৰদলৈক বিশ্বনাথতো আজি সশ্ৰদ্ধ স্মৰণ কৰা হয়।

    বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পূণ্য মৃত্যু তিথিত আয়োজিত ‘লোক কল্যাণ দিৱস’টি আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰি বহুমুখী প্ৰতিভাৰ অধিকাৰী মহান জননেতা গৰাকীক সকলোৱে স্মৰণ কৰিলে। বিশ্বনাথ চাৰিআলি পৌৰসভাৰ সন্মিলন কক্ষত অনুষ্ঠিত এই লোক কল্যাণ দিৱসত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই । অসম সংগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, আৰক্ষী অধীক্ষক নবীন সিং, বৰ্ষীয়ান লেখিকা ধনদা কলিতা, বিশিষ্ট কবি জমিৰ আহমেদ, বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, পিছপৰা শ্ৰেণী আয়োগৰ উপাধ্যক্ষ, সমাজকৰ্মী ডাঃ ৰঞ্জন গগৈ প্ৰমুখ্যে উপস্থিত বিশিষ্ট ব্যক্তিসকলে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ জীৱন আৰু কৃতী সম্পৰ্কে নাতিদীৰ্ঘ ভাষন প্ৰদান কৰে।

     

    বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত লিজা তালুকদাৰ, অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত তথ্য আৰু জনসংযোগ বিষয়া বিশ্বজিৎ শইকীয়া, নিৰ্বাচনী বিষয়া তথা বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ কাৰ্যবাহী বিষয়া দেবাশীষ গোস্বামী, সহকাৰী আয়ুক্ত অনন্যা লহকৰ, অসম পশুধন উন্নয়ন নিগমৰ উপাধ্যক্ষ পৰেশ বৰকাকতী, সমাজকৰ্মী দিগন্ত ঘাটোৱাৰৰ লগতে জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া কৰ্মচাৰী উপস্থিত থকা অনুষ্ঠানটিত শেহতীয়াকৈ অসম চৰকাৰৰে অৰাজপত্ৰিত কৰ্মচাৰীলৈ আগবঢ়োৱা ‘লোক কল্যাণ পুৰষ্কাৰ’ লাভ কৰা বিশ্বনাথ জিলাৰ দুগৰাকী কৰ্মচাৰীকো পুৰষ্কৃত কৰা হয়। বঁটা লাভ কৰা বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক দেবী নয়নি ভৰালী আৰু আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক আইমনি হাজৰিকাক আজিৰ অনুষ্ঠানত নগদ পঁচিশ হাজাৰ টকা, এখন মানপত্ৰ আৰু এবছৰ চাকৰি কাল বৃদ্ধিৰে পুৰষ্কৃত কৰা হয়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds