31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ জড়িয়তে উত্তৰ-পূৱত ৰাগবি খেলঃ অৰুণাচলত ৰাগবি খেলৰ বীজ ৰোপনৰ সপোন আৰ আৰ ইউৰ আগলি লিংফাৰ

    গুৱাহাটীঃ গুৱাহাটীত চলি থকা চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ জড়িয়তে ক্ৰীড়াপ্ৰেমীয়ে দুবিধ নতুন খেলৰ ৰোমাঞ্চ ল’ব পাৰিছে৷ ইয়াৰে এবিধ হ’ল মাল্লখম্ব আৰু আনবিধ ৰাগবি৷ উল্লেখ্য যে দেশৰ লগতে উত্তৰ-পূৱত ৰাগবি খেলৰ প্ৰচলন এতিয়াও অন্য খেলৰ দৰে হোৱা নাই৷ কিন্তু তাৰমাজতে অৰুনাচলৰ আগলি লিংফাই নতুনকৈ ৰাগবি খেলৰ প্ৰেমত পৰি এই ক্ৰীড়াবিদৰ জড়িয়তে নতুন নতুন সপোন দেখিছে৷

    চলিত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত আগলিয়ে গুজৰাটৰ ৰাষ্ট্ৰীয় সুৰক্ষা বিশ্ববিদ্যালয় (আৰ আৰ ইউ)ৰ হৈ প্ৰতিনিধিত্ব কৰিছে৷ ইতিমধ্যে প্ৰতিযোগিতাত আগলি হতৰ দলটোৰ অভিযান সমাপ্ত হৈছে৷ ৰাষ্ট্ৰীয় সুৰক্ষা বিশ্ববিদ্যালয়ৰ দলটোৱে চাৰিখন মেচতে পৰাস্ত হৈছে৷ কিন্তু দলৰ ব্যৰ্থতাৰ পিছতো অৰুনাচলৰ ২১ বছৰীয়া ৰাগবী খেলুৱৈজন হতাশ হোৱা নাই৷ বিপৰীতে গুৱাহাটীৰ পৰা অনুপ্ৰেৰণা লাভ কৰি জন্মভূমিতো ৰাগবিৰ বীজ ৰোপন কৰাৰ লক্ষ্য লৈছে আগলিয়ে৷

    পূব কামেং জিলাৰ ছেপাত ফুটবল খেলি ক্ৰীড়া জগতত ভৰি দিয়া আগালিয়ে গুজৰাটৰ আৰ আৰ ইউত যোগ দিয়াৰ পিছতহে ৰাগবী খেলিবলৈ লয়৷ ৰাগবি খেলিবলৈ প্ৰয়োজনীয় হোৱা শক্তি আৰু গতিৰ প্ৰতি তেওঁ নিমিষতে মুগ্ধ হৈ পৰিছিল৷ তাৰপাছত আৰম্ভ হ’ল নতুন ক্ৰীড়া যাত্ৰা৷ এতিয়া আগলিয়ে পাছিঘাটত এটা ৰাগবি দল গঠন কৰিব বিচাৰিছে৷ ‘কিছুদিন পাছতে মোক ৰাষ্ট্ৰীয় সুৰক্ষা বিশ্ববিদ্যালয়ৰ পাচিঘাট কেম্পাছলৈ বদলি কৰা হ’ব৷ ইয়াত যিহেতু ৰাগবীৰ দল নাই সেয়ে মই নিজে যিখিনি শিকিছো তাকে মুলধন ৰূপে লৈ এটা দল গঠন কৰিম৷’ আগলিয়ে কয়৷

    আগলিয়ে জনোৱা অনুসৰি অৰুণাচলত এই খেলবিধৰ বিষয়ে কোনেও নাজানে৷ ৰাজ্যখনৰ বাবে এবিধ নতুন খেল৷ কিন্তু আগলিয়ে ১৪ বছৰ অনুৰ্ধৰ ল’ৰা-ছোৱালীক গাইড কৰি দিব বিচাৰিছে৷ ‘কোনোবাই প্ৰথম খোজটো দিবই লাগিব৷ মইনো সেয়া কিয় নকৰোঁ? যদি মই চেষ্টা নকৰো আৰু ভাবি থাকিম যে মই সফল হ’ম নে নহ’ম, তেন্তে সেয়া কোনোদিনে বাস্তবত নহ’ব৷ অৰুণাচলত বহু ফুটবলাৰ আছে৷ যদি তেওঁলোকৰ দুই এজনে নতুন খেলবিধৰ লগত জড়িত হয় তেন্তে আমি এটা দল গঠন কৰিব পাৰো৷ প্ৰথমে মানুহক ৰাগবিৰ বিষয়ে বুজিবলৈ বাধ্য কৰাব লাগিব৷ সেইটো পাছিঘাট কেম্পাছতে কৰাৰ চেষ্টা কৰিম৷’ আগলিয়ে লগতে কয়৷

    ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰশিক্ষকৰ পৰা সহায় আৰু তাৰ পিছত এজন স্থায়ী প্ৰশিক্ষক নিযুক্তিৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ৰাগবিৰ প্ৰসাৰ বৃদ্ধিত মনোনিবেশ কৰিবলৈ ফেডাৰেছনকো অবগত কৰাৰ কথা ব্যক্ত কৰে বি এ ছিকিউৰিটি মেনেজমেণ্টৰ ছাত্ৰ আগলিয়ে৷ আগলিয়ে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ দৰে প্ৰতিযোগিতাই খেলৰ প্ৰসাৰ আৰু খেলুৱৈৰ উত্তৰণত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ বিষয়েও উল্লেখ কৰে৷ ‘এয়া মোৰ প্ৰথম খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ আৰু প্ৰতিযোগিতাৰ মৰ্জদা তথা আয়োজনৰ উৎকৃষ্টতাই মোৰ লগতে সকলো খেলুৱৈকে মুগ্ধ কৰিছে৷’ আগলি লগতে কয়৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds