Friday, June 13, 2025
36.9 C
Guwahati
TOP NEWS:

ৰঙাপৰাত উলহ মালহেৰে উদযাপন কৰম উৎসৱ

কৰম পূজাৰ থলীত চাহ জনগোষ্ঠীৰ লোক সংস্কৃতিৰ প্ৰদৰ্শন কৰি সমাজত এক আদৰ্শময় পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াস কৰম পূজা উদযাপন সমিতিৰ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

■ ৰঙাপৰাৰ নামগাওঁ চাহ বাগিছাত দ্বিতীয় বাৰ্ষিক ৰাজহুৱা কৰম উৎসৱ পালন কৰা হয়। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে কৰম উৎসৱ। ৰঙাপৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত নামগাওঁ চাহ বাগিছাৰ ১৫ নং শ্ৰমিক লাইন খেলপথাৰত অসম চাহ জনজাতি ছাত্র সন্থা চমুকৈ আটছাৰ নামগাওঁ প্ৰাথমিক গোটৰ উদ্যোগত অনুষ্ঠিত হৈ যায় চাহ জনগোষ্ঠীৰ প্ৰধান তথা কৃষি ভিত্তিক উৎসৱ কৰম পূজা৷

দেওবাৰে নিশা কৰম ডাল পূজা বেদীত স্থাপন কৰাৰ পিছতে মুখৰিত হৈ পৰে উৎসৱস্থলী। চাহ জনগোষ্ঠীয় যুৱক-যুৱতীসকলে ঝুমুৰ নৃত্যৰে মন-প্ৰাণ উদ্বেলিত কৰি তোলে। কৰম পূজা উপলক্ষে আবেলিৰ ভাগত অনুষ্ঠিত হৈ যায় এখনি মুকলি সভা৷

প্ৰাথমিক গোটৰ সভাপতি ব্ৰজনাথ গৰাইত,সম্পাদক যোগেশ ভূঞাৰ আৰু সাংস্কৃতিক সম্পাদিকা মীনা কৰ্মকাৰৰ পৰিচালনাত অনুষ্ঠিত মুকলি সভাখনত আটছাৰ তেজপুৰ শাখাৰ উপদেষ্টা ৰবাৰ্টছন খৰা,অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ ভাৰপাপ্ত সম্পাদক সুনিল টুটী, অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ গাণনিক গজেন শইকীয়া,নামগাওঁ চাহ বাগিচাৰ সহকাৰী পৰিচালক মনোজ ডেকা,আটছাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি শশিদান্দ কন্দ,আটছা তেজপুৰ শাখাৰ প্ৰাক্তন সভাপতি মুকুল তাতী, ৰঙাপৰা উপ শাখাৰ সভাপতি চাকিৰাম তাতী,সম্পাদক এলবেষ্টাৰ খেৰিয়া,ক্ৰীড়া সম্পাদক পিতাম্বৰ দাস প্ৰমুখ্যে বহুকেইজন বিশিষ্ট লোকে অংশগ্ৰহণ কৰে৷

কৰম পূজাৰ থলীত চাহ জনগোষ্ঠীৰ লোক সংস্কৃতিৰ প্ৰদৰ্শন কৰি সমাজত এক আদৰ্শময় পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াস কৰে কৰম পূজা উদযাপন সমিতিয়ে।

- Advertisement -

Hot this week

Shilpa Shetty Revives 2000s Fashion with a Bold Modern Twist

Y2K style is formally lower back, and Bollywood diva...

অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম

‘অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম৷...

ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগঃ পত্নী সোনম ৰঘুবংশীসহ ৩ অভিযুক্তক গ্ৰেপ্তাৰ

ইন্দোৰৰ ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগত পত্নী সোনম ৰঘুবংশীসহ ৩...

সত্ৰসমূহ বেদখলমুক্ত কৰি সত্ৰীয়া সংস্কৃতিৰ শিপাক মজবুত কৰি ৰখাৰ প্ৰয়াস

‘অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম৷...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

Topics

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ...

উৎকট গৰমঃ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়...

ASSAM RIFLES AND DRI RECOVER HEROINE WORTH ₹22.73 CRORE FROM KABUGANJ, ASSAM

In a major breakthrough Assam Rifles, in coordination with...

Related Articles

Popular Categories

Assam
clear sky
36 ° C
36 °
36 °
53 %
0.8kmh
1 %
Fri
35 °
Sat
35 °
Sun
33 °
Mon
34 °
Tue
26 °