31.3 C
Guwahati
Sunday, February 15, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    মেট্ৰিক পৰীক্ষা, মাধ্যম-শাখা আৰু শিক্ষাৰ্থীৰ ভৱিষ্যত 🖊️ৰেকিবুৰ জামান

    ● কিছুদিন পাছত মেট্ৰিক পৰীক্ষা আৰম্ভ হ’ব আৰু দুই-চাৰিদিন পাছত ৰিজাল্ট ওলাব।ৰিজাল্টৰ পাছত কোনো প্ৰতিবেশীয়ে আহি ল’ৰা/ছোৱালীগৰাকীৰ মনত এনেকুৱা এটা ধাৰণা সুমুৱাই দিব যে বিজ্ঞান শাখাত নপঢ়িলে কাম নাই,জীৱন বৰ্বাদ। চাইঞ্চত পঢ়ি ডাক্তৰ-ইঞ্জিনিয়াৰ নহলে পঢ়াৰ কোনো মূল্য নাই। কিন্তু এইটো কথাও যদি কলেহেতেন যে তুমি কলা শাখাত পঢ়ি যদি এজন ACS/APS হ’ব পাৰা তেনেকুৱা হাজাৰজন ডাক্তৰ-ইঞ্জিনিয়াৰ বা প্ৰফেচৰে তোমাক ছাৰ বুলি মাতিব লাগিব। কিছুমানে আকৌ মনত ভয় এটাও সুমুৱাই দিব। বাপৰে চাইঞ্চ লৈ নপঢ়িবি, সাংঘাটিক টান.. ইত্যাদি, ইত্যাদি। অথচ তেওঁ নিজে আৰ্টছত পঢ়ি আহিছে। গতিকে তেওঁ জানো বুজিব? চাইঞ্চ কি হয়, খাই নে পিন্ধে! এইবাৰ আহোঁ মাধ্যমৰ প্ৰসংগলৈ। বহুতৰ মতে বিজ্ঞান শাখাত অসমীয়া মাধ্যমত পঢ়িলে পাছলৈ অসুবিধা হয়, কাৰণ অসমীয়াত তেনেকৈ সহায়ক পুথি পোৱা নাযায়। কিন্তু মই এনেকুৱা বহুত শিক্ষক-শিক্ষয়িত্ৰীও পাইছো যিয়ে ইংৰাজীত বিষয়বস্তু এটা ভালদৰে বুজাব পাৰে কিন্তু তাৰ অসমীয়া অৰ্থই নাজানে।গতিকে তেনেদৰে ইংৰাজী জনাৰ মূল্যই বা কি! ইংৰাজী মাধ্যমত পঢ়িলে পিছলৈ উজু হয় সচাঁ কিন্তু তুমি যদি কেতিয়াবা শিক্ষকতা কৰা তেতিয়া ছাত্ৰ-ছাত্ৰীয়ে সোধোতে অসমীয়া অৰ্থটো নাজানিলেও লাজত পৰিবা। কিন্তু তাৰ সলনি অসমীয়া মাধ্যমত পঢ়িলে পাছলৈ ইংৰাজীত অলপ আচহুৱা লাগিলেও দুয়োটা ভাষাতে শব্দবোৰ জনাত সহজ হব। মনত ৰাখিবা ভাষা এটা শিকাত মাধ্যম এটা কেতিয়াও প্ৰত্যাহ্বান হ’ব নোৱাৰে, যদিহে নিজৰ ইচ্ছা শক্তি প্ৰবল হয়। কাৰণ আমি নিজে সৰুৰে পৰা অসমীয়া মাধ্যমত পঢ়া কিন্তু আমাৰ গৰিষ্ঠসংখ্যক এনে সহপাঠী আছে যিয়ে প্ৰথমৰ পৰা ইংৰাজী মাধ্যমত পঢ়িছে কিন্তু তেওঁলোকতকৈ আমাৰ ইংৰাজীত বেছি দখল আছে।

    এবাৰ অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰক এটা সাক্ষাৎকাৰত সোধা হৈছিল যে মেট্ৰিক পাছ কৰা ছাত্ৰ-ছাত্ৰীয়ে কেনেদৰে মাধ্যমৰ বাচনি কৰিব। তেতিয়া তেওঁ কৈছিল যে যিসকলৰ কলা-সংস্কৃতিৰ প্ৰতি আগ্ৰহ বেছি অথবা যিসকলে লিখা-মেলা কৰি ভাল পায় তেওঁলোকে কলা শাখাত পঢ়িব লাগে, কথাষাৰৰ সতে মই সম্পূৰ্ণভাৱে বিৰোধী। তেওঁ হয়তো নাজানে যে ইঞ্জিনিয়াৰিং ডিগ্ৰী লৈয়ো বলিউডত দপদপাই থকা গায়ক-গায়িকা,অভিনেতা-অভিনেত্ৰীৰ এখন দীঘলীয়া তালিকা আছে।কলা-সংস্কৃতিৰ প্ৰতি আবেগ সকলোৰে আছে,থাকিবই। তাত চাইঞ্চ, আৰ্টছ, কমাৰ্চ বুলি কিবা কথা আছে জানো? নে বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে কেৱল পঢ়া-শুনা কৰিয়েই জীৱন কটাই? অসমীয়া সাহিত্য জগততো চাইঞ্চ বেকগ্ৰাউণ্ডৰ পৰা অহা বহু সংখ্যক কবি,সাহিত্যিকৰ উদাহৰণ আছে।
    ওপৰৰ কথাখিনিৰ সাৰাংশ এইয়ে যে-বেছিভাগ মানুহে নিজৰ ল’ৰা-ছোৱালীয়ে পঢ়া বিষয়বস্তুটো ভাল বা নিজে কোৱা কথাটোৱে শুদ্ধ বুলি ভাবে। কিন্তু নিৰপেক্ষভাৱে কোনেও ভাল-বেয়া দিশবোৰ দেখুৱাই নিদিয়ে।সকলোতে ইতিবাচক দিশ থাকে মাথো তাৰ সতে আগুৱাব পৰাটোহে ডাঙৰ কথা।
    আনৰ কথা শুনি বিজ্ঞান, কলা অথবা বাণিজ্য কোনো এটাৰ ফালে তৎক্ষণাত ঢাপলি নেমেলিবা।আনে বাচনি কৰি দিয়া শাখা এটা তোমাৰ জীৱনৰ পথ-প্ৰদৰ্শক নহবও পাৰে যদিহে তাত তোমাৰ আগ্ৰহ, ইচ্ছা বা মনোবল নাথাকে।আকৌ এবাৰ কওঁ মাধ্যম এটা ভাষা শিকাৰ বাহক হ’ব নোৱাৰে। অ’ কবলৈ পাহৰিছিলোৱে বহুতে এইটোও কব খোজে যে অসমীয়া মাধ্যমৰ স্কুলৰ পৰা গৈ বিজ্ঞান শাখাত ইংৰাজী মাধ্যমত পঢ়িলে নম্বৰ কমকৈ পাই। কিছুমানে H.S finalত নম্বৰ কমকৈ পোৱাৰ কাৰণ সুধিলেও মাধ্যমটোক দোষ দিব খোজে।কিন্তু তেনেকুৱা কোনোধৰণৰ কথা নাই।অৱশ্যে এইটো ঠিক য়ে বিজ্ঞান শাখাত পঢ়িবলৈ গণিতত কিছু দখল থকাটো দৰকাৰ।
    অৱশেষত এইটোৱে কম যে নিজৰ জীৱনৰ লক্ষ্য নিজে থিৰাং কৰা।ভবিষ্যতৰ বাবে সকলোলৈ শুভেচ্ছা তথা শুভকামনা থাকিল।

    🖊️ৰেকিবুৰ জামান
    নলবাৰী (অসম)

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.