গহপুৰত ভোলাগুৰি চাহ বাগিচাস্থিত প্ৰস্তাৱিত বিশ্ববিদ্যালয়খনৰ পৰিসৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
গহপুৰ ৩ নৱেম্বৰ :
গহপুৰ ভোলাগুৰিত ৰাজ্যিক কনকলতা বিশ্ববিদ্যালয় নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰিবলৈ সোমবাৰে উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
উল্লেখযোগ্য যে অহা ৮ নৱেম্বৰত শ্বহীদ কনকলতা বৰুৱা নামত উৰ্চগা কৰি ৰাজ্যিক বিশ্ববিদ্যালয় খনৰ আধাৰশিলা কৰিবলৈ আহিব দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা শ্বীতাৰম।
নিৰ্মলা শ্বীতাৰমণে
ভূমি পূজা আৰু আধাৰশিলা কৰিবলৈ অহাৰ পূৰ্বে সোমবাৰে পৰিদৰ্শন কৰে গহপুৰ সমষ্টিৰ ভোলাগুৰি চাহ বাগিচাত স্থাপন হ’বলগীয়া ৰাজ্যিক কনকলতা বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কাৰ্য।সোমবাৰে বিয়লি ২ বজাত গহপুৰ ভোলাগুৰিত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই বিগত বিধান সভাৰ নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি কথা প্ৰকাশ কৰে।
উল্লেখযোগ্য যে, বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিৰ ভোলাগুৰি চাহ বাগিচাৰ পৰিত্যক্ত ৭৩৮ বিঘা ভূমিত স্থাপন হ’বলগীয়া কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন প্ৰস্তুতিৰ বুজ লোৱা লগতে অহা ৮ নবেম্বৰৰ দিনটো গহপুৰ বাসী ৰাইজৰ বাবে এটা ঐতিহাসিক দিন হ’ব। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ আধাৰশিলা স্থাপনৰ দিহা কৰা উক্ত কাৰ্য্যসূচী সফল কৰি তুলিবলৈ তেওঁ গহপুৰ বাসী ৰাইজক আহ্বান জনায় কয় যে, কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়খন প্ৰযুক্তিগত পাঠ্যক্ৰমৰ এখন আধুনিক বিশ্ববিদ্যালয় হ’ব।
এইখন বিশ্ববিদ্যালয়ৰ লগত বিদেশৰ বিশ্ববিদ্যালয়ৰ একাডেমিক পাৰ্টনাৰছিপ স্থাপন কৰিবৰ বাবে অসম চৰকাৰে বিভিন্ন কাৰ্য্য ব্যৱস্থা হাতত লোৱাৰ কথা উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়খন ভাৰতৰ ভিতৰতে যাতে এখন নামজলা বিশ্ববিদ্যালয় হয় তাৰ বাবে চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিব।
ইফালে মহাপ্ৰয়াণ হোৱা অসমৰ আন্তঃৰাষ্ট্ৰীয় বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ মৃত্যুত শোক প্ৰকাশ কৰা লগতে কি দৰে চেন্নাই পৰা শিল্পী গৰাকীৰ মৃতদেহটো আনিব পাৰি তাৰ ওপৰত মন্তব্য প্ৰকাশ কৰি কয় যে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা মৃত্যুৰ অসমবাসী বাবে ক্ষতি । শিল্পী গৰাকীক
ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ।




